Two manipuri people with fake currency arrest : নকল নোটেৰে ভৰি পৰিছে মহানগৰীৰ বিভিন্ন স্থান

author img

By

Published : Dec 1, 2021, 12:47 PM IST

fake currency market in guwahati

অপৰাধৰ ঘাটিলৈ পৰিণত হৈছে মহানগৰী ৷ নকল নোটসহ আৰক্ষীৰ জালত দুই মণিপুৰী যুৱক (Two manipuri people with fake currency arrest) ৷

গুৱাহাটী, 1 ডিচেম্বৰ : ইটোৰ পিছত সিটো অপৰাধমূলক কাৰ্যই পৰিৱেশ কলুসিত কৰিছে মহানগৰীৰ (illegal activities in guwahati) ৷ শেহতীয়াকৈ বহুতো অনৈতিক কাৰ্য-কলাপৰ ঘাটি হৈ পৰিছে মহানগৰী ৷

fake currency market in guwahati
নকল নোটসহ আৰক্ষীৰ জালত দুই মণিপুৰী যুৱক

পল্টন বজাৰ আৰক্ষীয়ে মঙলবাৰে কৰা এক অভিযানত নকল নোটসহ দুজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়(Two manipuri people with fake currency arrest) ৷ আৰ্য চিকিৎসালয়ৰ সমীপৰ হৰিশ হোটেলত পল্টন বজাৰ আৰক্ষীয়ে এক অভিযান চলাইছিল ৷ এই অভিযানত হোটেলৰ 207 নম্বৰ কোঠাত আৰক্ষীয়ে মণিপুৰৰ দুজন যুৱকৰ সৈতে নকল নোটসহ দুটা ম’বাইল ফোন উদ্ধাৰ কৰে ৷

মণিপুৰী যুৱক দুজন ক্ৰমে টেনচুবাম লিয়াইচেম্বা মেইটেই, নেপ্ৰাম সোমেন্দ্ৰো সিং ৷ আৰক্ষীয়ে যুৱক দুজনৰ পৰা 20 খন 500 টকীয়া ভুৱা নোট উদ্ধাৰ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷

লগতে চাওক : Operation against Land Mafia : চামগুৰি আৰক্ষীৰ জালত ভূ-মাফিয়া ৰফিকুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.