ETV Bharat / state

Bribe taking incident: উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক

author img

By

Published : Aug 9, 2023, 9:57 PM IST

দুৰ্নীতি নিবাৰক শাখাই ঘোচখোৰ কৰ্মচাৰী ধৰিছেহে ধৰিছেহে, কিন্তু খবৰ পায়ো ঘোচ ল’বলৈ এৰা নাই একাংশ কৰ্মচাৰীয়ে ৷

Bribe taking incident
ঘোচখোৰ কৰ্মচাৰী

গুৱাহাটী, ৯ আগষ্ট : চৰকাৰ ঘোচ লোৱা কাৰ্যক লৈ ইমান কঠোৰ হোৱাৰ পিচতো কমা নাই এই কাৰবাৰ ৷ একেদিনাই উৎকোচ লৈ হাত দাঙিলে দুজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীয়ে । এইবাৰ উৎকোচ লৈ হাত দাঙিলে গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক নীৰেণ ভট্টাচাৰ্যই । উৎকোচ গ্ৰহণৰ সময়ত নীৰেণ ভট্টাচাৰ্যক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷

Bribe taking incident
ঘোচখোৰ কৰ্মচাৰী

উল্লেখ্য যে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে গুৱাহাটীৰ গণেশগুৰিস্থিত কৰ ভৱনৰ কৰ পৰিদৰ্শক নীৰেণ ভট্টাচাৰ্যই ধন দাবী কৰাৰ অভিযোগ লাভ কৰিছিল । জি এছ টিৰ অনলাইন কাৰ্যসমূহ পুনৰ সক্ৰিয় কৰাৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ হিচাপে ১০ হাজাৰ টকা বিচাৰিছিল নীৰেণ ভট্টাচাৰ্যই । উৎকোচ দিয়াৰ বিপৰীতে লোকজনে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সঞ্চালকালয়ৰ কাষ চাপিছিল ।

লোকজনৰ অভিযোগৰ ভিত্তিত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে বুধবাৰে সন্ধিয়া গুৱাহাটীৰ গণেশগুৰিস্থিত কৰ ভৱনৰ ৰাজ্যিক জি এছ টিৰ আয়ুক্তৰ কাৰ্যালয়ত অভিযান চলাই নীৰেণ ভট্টাচাৰ্যক হাতে-লোটে ধৰা পেলায় । দাবী কৰা উৎকোচৰ ধন লোৱাৰ সময়তে তেওঁ ধৰা পৰে । নীৰেণ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ ধাৰা ৭(ক)ৰ অধীনত ৫৯/২০২৩ নং গোচৰ পঞ্জীয়ন কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে আজি ১৬০০ টকা উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল আন এজন চৰকাৰী কৰ্মচাৰী । বঙাইগাঁও জিলাৰ বৰজান হাইস্কুলৰ উচ্চ বৰ্গৰ কৰ্মচাৰী আবাদত আলী আহমেদে ১৬০০ টকা উৎকোচ বিচাৰি দুৰ্নীতি নিবাৰক শাখাৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে ।

লগতে পঢ়ক : Anti Corruption unit raid: 20 হাজাৰ টকাৰ উৎকোচ লৈ হাত দাঙিলে কণিষ্ঠ সহায়ক নৱজ্যোতি ভূঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.