ETV Bharat / state

প্ৰথমবাৰলৈ শক্তিপীঠ কামাখ্যাত কিন্নৰ সমাজ

author img

By

Published : Jun 21, 2019, 7:25 PM IST

শক্তিপীঠ কামাখ্যাত কিন্নৰ সমাজ

মহা অম্বুবাচীত দেশ বিদেশৰ ভক্তৰ লগতে কামাখ্যা ধামলৈ আহিছে কিন্নৰ সমাজ । প্ৰথমবাৰৰ বাবে চৰকাৰে মেলালৈ অহাৰ অনুমতি প্ৰদান কৰিছে কিন্নৰসকলক ৷

গুৱাহাটী, 21 জুনঃ কামাখ্যা ধামত পূৰ্বে কেতিয়াও নেদেখা এক দৃশ্য । কিন্নৰ সমাজে মা কালীৰ মূৰ্তি লৈ উলিয়ালে সমদল । মহা অম্বুবাচীত দেশ বিদেশৰ ভক্তৰ লগতে কামাখ্যা ধামলৈ আহিছে কিন্নৰ সমাজ । প্ৰথমবাৰৰ বাবে চৰকাৰে মেলালৈ অহাৰ অনুমতি প্ৰদান কৰিছে কিন্নৰসকলক । এইবাৰ মা কামাখ্যা ধামত বিশেষ পূজা অৰ্চনা কৰিব কিন্নৰ সমাজে । শুকুৰবাৰে কিন্নৰ সমাজে কামাখ্যাত উলিয়াই এক বিশাল সমদল । শান্তি সম্প্ৰীতিৰ পৰিৱেশ অক্ষুন্ন থকাৰ উদ্দেশ্যেৰে বাহিৰ কৰা হয় এই সমদল । পোন প্ৰথমবাৰৰ বাবে অম্বুবাচীৰ সময়চোৱাত শক্তিপীঠ কামাখ্যা ধামত দেখিবলৈ পোৱা গ'ল এই ব্যতিক্ৰমী দৃশ্য । প্ৰায় ২৫০ কিন্নৰে এনেদৰে জনকল্যাণৰ উদ্দেশ্যে মাৰ ওচৰত আশীষ লয় । উল্লেখযোগ্য যে এই সমদলত উপস্থিত থাকে কিন্নৰ আখাৰাৰ ভৱানী মা ।

শক্তিপীঠ কামাখ্যাত কিন্নৰ সমাজ
Intro:কামাখ্যা ধামত পূৰ্বে কেতিয়াও নেদেখা এক দৃশ্য। কিন্নৰ সমাজে মা কালীৰ মূৰ্তি লৈ উলিয়ালে সমদল। মহা অম্বুবাচীত দেশ বিদেশৰ ভক্তৰ লগতে কামাখ্যা ধামলৈ আহিছে কিন্নৰ সমাজ। পোন প্ৰথমবাৰৰ বাবে চৰকাৰে মেলালৈ অহাৰ অনুমতি প্ৰদান কৰিছে। এইবাৰ মা কামাখ্যা ধামত বিশেষ পূজা অৰ্চনা কৰিব কিন্নৰ সমাজে। শুকুৰবাৰে কিন্নৰ সমাজে কামাখ্যাত উলিয়াই এক বিশাল সমদল। শান্তি সম্প্ৰীতিৰ পৰিবেশ অক্ষুন্ন থকাৰ উদ্দেশ্যেৰে বাহিৰ কৰা হয় এই সমদল।


Body:তাৰোপৰি কিন্নৰ সমাজে মা কালীৰ মূৰ্তি লৈ কামাখ্যা মন্দিৰ পৰিক্ৰমা কৰে। পোন প্ৰথমবাৰৰ বাবে অম্বুবাচীৰ সময়চোৱাত শীক্তপীঠ কামাখ্যা ধামত দেখিবলৈ পোৱা গ'ল এই ব্যতিক্ৰমী দৃশ্য। প্ৰায় ২৫০ কিন্নৰে এনেদৰে জনকল্যাণৰ উদ্দেশ্যে মাৰ ওচৰত আশীষ ল'ল। উল্লেখযোগ্য যে এই সমদলত উপস্থিত থাকে কিন্নৰ আখাৰাৰ ভৱানী মা।


Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.