ETV Bharat / state

Durga Puja in Guwahati: দুৰ্গা পূজা উপলক্ষে সাল-সলনি মহানগৰীৰ ৰাজপথৰ পথ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 7:03 PM IST

দুৰ্গা পূজাৰ দিনকেইটাত মহানগৰীৰ ৰাজপথত যান-বাহনৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞাৰ লগতে নীতি-নিয়ম জাৰি কৰা হৈছে ৷ এই সন্দৰ্ভত শুকুৰবাৰে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ DCP জয়ন্ত সাৰথি বৰাই এক সংবাদমেল সম্বোধন কৰে ।

Durga Puja in Guwahati
মহানগৰ আৰক্ষীৰ সংবাদমেল

মহানগৰ আৰক্ষীৰ সংবাদমেল

গুৱাহাটী, 20 অক্টোবৰ : দুৰ্গা পূজা উপলক্ষে মহানগৰীৰ ৰাজপথত জাৰি কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা । পূজাৰ দিনকেইটাত মহানগৰীৰ ৰাজপথত যান-বাহনৰ প্ৰৱেশ আদিকে ধৰি বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে মহানগৰ আৰক্ষীয়ে ৷ শুকুৰবাৰে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ DCP জয়ন্ত সাৰথি বৰাই সংবাদমেলযোগে এই কথা ঘোষণা কৰে ।

দুৰ্গা পূজাৰ দিনকেইটাত মহানগৰ আৰক্ষী তথা যান-বাহন শাখাৰ লোকসকলক সহায়ৰ আহ্বান জনাই DCP জয়ন্ত সাৰথি বৰাই কয় যে উক্ত দিনকেইটাত মহানগৰীত গধুৰ যান-বাহন পুৱা ৪ বজাৰ পৰা ১০ বজাৰ ভিতৰতহে প্ৰৱেশ কৰিব পাৰিব । বাণিজ্যিক সামগ্ৰী কঢ়িওৱা যান-বাহনৰ ক্ষেত্ৰতো থাকিব কিছু নিষেধাজ্ঞা । পুৱা ১১ বজাৰ পৰা নিশা ১২ বজালৈ সেইসমূহ বাহন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশ কৰিব নোৱাৰিব । অৱশ্যে এই নিষেধাজ্ঞা জৰুৰীকালীন বাহনৰ বাবে প্ৰযোজ্য নহ'ব ।

ৰাষ্ট্ৰীয় ঘাইপথ ২৭ আৰু ১৭ ত মালবাহী বাহন ৰাতিপুৱা ১১ ৰ পৰা নিশা ১২ বজালৈ চলাচল কৰিব পাৰিব । বশিষ্ঠৰ পথত কেৱল এটা অংশতহে গাড়ী পাৰ্কিঙৰ অনুমতি থকাৰ বিপৰীতে আনটো অংশ বাহনৰ পাৰ্কিঙত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ উজনি আৰু নামনি অসমৰ বাছৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ সেই অনুসৰি উজনি-নামনিৰ অসমৰ পৰা অহা বাছসমূহ ISBT লৈ পোনপটীয়াকৈ আহিব ৷ জি এছ ৰোডৰ বাছসমূহ ৰাষ্ট্ৰীয় ঘাইপথ হৈ যাব লাগিব । চিটি বাছসমূহৰ বাবেও ধাৰ্য কৰি দিয়া হৈছে নিৰ্দিষ্ট সময়সূচী ৷ নিৰ্দিষ্ট সময়তহে চলিব পাৰিব চিটিবাছসমূহ ।

চিটি বাছসমূহৰ বাবে RC Book Fine কৰা হ'ব অথবা Non FIR কৰা হ'ব । চিটি বাছসমূহক ১ মিনিট সময়ৰ টাইম কাৰ্ড প্ৰদান কৰা হ'ব । কেৱল এক মিনিটৰ বাবেহে চিটি বাছ ষ্টোপ'ত বাছসমূহ ৰখিব পাৰিব । গণেশ মন্দিৰৰ দিশৰ পৰা গণেশগুৰি উৰণ সেতুপৰ্যন্ত ওৱান ৱে’ কৰা হৈছে । জু-ৰোডৰ দিশেৰে অহা বাহন গণেশ মন্দিৰৰ দিশত প্ৰৱেশ কৰিব নোৱাৰিব ।

গণেশ মন্দিৰ দিশৰ পৰা শংকৰদেৱ পথো হ’ব ওৱান ৱে’ । জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যোৱা বাহনৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা । কেৱল এই পথছোৱাৰে স্থানীয় বাসিন্দাৰ বাহনহে যাব পাৰিব । বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ হ’ব । বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ হ’ব । বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিলৈ ন’ এন্ট্ৰী ঘোষণা ।

ত্ৰিপুৰা গলিৰ পৰা সৌৰভনগৰ দিশলৈ যান-বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে । বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যান-বাহন প্ৰৱেশত নিষেধাজ্ঞা । উক্ত পথেৰে কেৱল স্থানীয় বাসিন্দাৰ বাহনহে চলাচল কৰিব পাৰিব । ফটাশিল চাৰিআলিৰ ৬,৭, ৮ নং ৰে’ল গেটতো নিষেধাজ্ঞা জাৰি । কুমাৰপাৰাৰ পাঁচআলিৰ সতী জয়মতী পথতো যান-বাহন প্ৰৱেশত নিষেধাজ্ঞা ৷ চাবিপুলৰ পৰা বিষ্ণুপুৰৰ ফটাশিল চাৰিআলিলৈ যান-বাহন প্ৰৱেশত নিষেধাজ্ঞা । আৰ কে চৌধুৰী পথৰ পৰা কে আৰ চি পথলৈ যান-বাহন প্ৰৱেশত নিষেধাজ্ঞা ৷

আনহাতে বিজয়া দশমীৰ দিনা বিসৰ্জনৰ গাড়ীসমূহ দুপৰীয়া ১২ বজাৰ পৰা যাব পাৰিব । কেৱল প্ৰতিমা বিসৰ্জনৰ গাড়ীসমূহহে হাইক'ৰ্ট হৈ লাচিত ঘাটলৈ আহিব পাৰিব । মহানগৰীৰ প্ৰতিমা বিসৰ্জনৰ গাড়ী উলুবাৰী আৰু টি চি ৰোডলৈ আহিব নোৱাৰিব । ইয়াৰোপৰি বি বৰুৱা ৰোড সম্পূৰ্ণ বন্ধ থাকিব প্ৰতিমা বিসৰ্জনৰ গাড়ীৰ বাবে । ইফালে পাণ্ডু ঘাটলৈ কোনো গাড়ী মালিগাঁও হৈ যাব নোৱাৰিব । আনহাতে মহানগৰীৰ ৰাজপথত DRINK & DRIVE ৰ চেকিং প্ৰতিদিনে চলিব ।

লগতে পঢ়ক : Durga Puja 2023: ভক্তক আদৰিবলৈ সাজু মহানগৰীৰ পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.