ETV Bharat / state

Massive protest in Guwahati: বিজেপি হটাও দেশ বচাও অভিযান আৰম্ভ

author img

By

Published : Aug 9, 2023, 5:43 PM IST

'বিজেপি হটাও দেশ বচাও' অভিযানৰ আৰম্ভণি ৷ ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত দেশজোৰা মহাবিক্ষোভ ৷

massive protest in guwahati
দেশজোৰা মহাবিক্ষোভ

দেশজোৰা মহাবিক্ষোভ

গুৱাহাটী, ৯ আগষ্ট : ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত বুধবাৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী সংগঠনসমূহে দেশজুৰি মহাবিক্ষোভ পালন কৰে । তাৰ অংশ হিচাপে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

বুধবাৰৰ এই প্ৰতিবাদৰ জৰিয়তে bjp hatao desh bachao অভিযানৰ আৰম্ভণি কৰা হয় ৷ প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই কয় স্বাধীনতা আন্দোলনৰ উদ্যোক্তা সকলে সেই সময়ৰ শোষণ আৰু নিৰ্যাতনকাৰী ইংৰাজ শাসকসকলক উৎখাত কৰাৰ লগতে ভাৰত ত্যাগ আন্দোলন চলাইছিল । আজিৰ সময়ত বিজেপি শাসনতো সেই সময়তকৈ অধিক শোষণ আৰু নিৰ্যাতনৰ সন্মুখীন হৈছে দেশৰ সৰ্বসাধাৰণ ৰাইজ । সেয়েহে আজিৰে পৰা সমগ্ৰ দেশতে 'বিজেপি হটাও দেশ বচাও' অভিযান আৰম্ভ কৰা হৈছে ।

জনসাধাৰণৰ জীৱন জীৱিকা আৰু মৌলিক অধিকাৰৰ ওপৰত হোৱা বাৰম্বাৰ আক্ৰমণৰ ফলত জনসাধাৰণৰ অধিকাংশ লোকৰ কল্পনাতীত দুখ-দুৰ্দশা আৰু অভাৱ বৃদ্ধি হৈছে । কৰ্মহীনতা, নিৱনুৱা সমস্যা অবিৰতভাৱে বৃদ্ধি হৈ আছে । বিমুদ্ৰাকৰণৰ সময়ৰ পৰা আৰম্ভ হোৱা জীৱন জীৱিকাৰ ওপৰত আক্ৰমণ অব্যাহত আছে আৰু দেশত ধনী ক্ৰমান্বয়ে ধনী হৈ গৈছে আৰু দৰিদ্ৰ লোকসকল অধিক দৰিদ্ৰ হৈ গৈ আছে ৷

বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰি তপন শৰ্মাই কয় যে চৰকাৰখনে বাৰখনকৈ ৰবৰৰ বাগান লীজত দিবলৈ আগবঢ়াতো অতিকে লাজৰ কথা ৷ বিজেপিৰ দিনতেই অৰ্থনৈতিক উন্নয়নৰ গতি মন্থৰ হৈছে । ইয়ে কৰ্মচ্যুতি আৰু কৰ্মহীনতা আৰু অধিক বৃদ্ধি কৰি পৰিস্থিতি শোচনীয় কৰি তুলিছে । অবিৰত মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ দুৰ্দশা বৃদ্ধি কৰিছে ।

লগতে পঢ়ক : Leftist protest in Barpeta: বৰপেটা পৌৰসভা খেলপথাৰৰ গেট ভাঙি মহাবিক্ষোভ প্ৰতিবাদকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.