ETV Bharat / state

নিৰ্বাচনৰ নামত ৰাজকোষৰ পৰা কিমান ধন ব্যয় হয়, সেই ধন কাৰ ?

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 9:19 PM IST

Total expenditure of general election in INDIA
1952 চনত পোনপ্ৰথমবাৰৰ বাবে হৈছিল ভাৰতত সাধাৰণ নিৰ্বাচন

Total expenditure of general election in INDIA : 75 বছৰ পূৰ্বলৈ এবাৰ উভতি যাওঁ আহক ৷ সময় 1952 চন ৷ প্ৰথমবাৰৰ বাবে সেই বছৰতে দেশত অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন ৷ সেই নিৰ্বাচনৰ খৰচ কিমান আছিল জানেনে ? সবিশেষ এই প্ৰতিবেদন...

নিৰ্বাচনৰ নামত ৰাজকোষৰ পৰা কিমান ধন ব্যয় হয়

নিউজ ডেস্ক, 16 ডিচেম্বৰ : 1952 চনত পোনপ্ৰথমবাৰৰ বাবে হৈছিল ভাৰতত সাধাৰণ নিৰ্বাচন ৷ সেই নিৰ্বাচনত হোৱা ব্যয়ৰ পৰিমাণ আছিল অতি নিম্ন ৷ আপুনি হয়তো বিশ্বাস নকৰিব দেশৰ সেই সময়ৰ জনগাঁথনি অনুসৰি যদি হিচাপ কৰা হয় তেন্তে প্ৰতিজন ভোটদাতাৰ বিপৰীতে সেই নিৰ্বাচনত চৰকাৰে ব্যয় কৰিবলগীয়া হৈছিল মাত্ৰ 60 পইচা ৷

সমাগত লোকসভা নিৰ্বাচন ৷ 2024 ৰ এপ্ৰিল-মে’ৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনকলৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ ৷ ভাৰত চৰকাৰেও ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক আনুষংগিক কাম-কাজসমূহ আৰম্ভ কৰিছে ৷

শেহতীয়াকৈ চলি থকা সদনৰ শীতকালিন অধিৱেশনত চৰকাৰে সংসদত দাখিল কৰিছে নিৰ্বাচন সম্পৰ্কীয় সম্ভাব্য ব্যয়ৰ প্ৰস্তাৱ ৷ চৰকাৰে দাখিল কৰা এই দীঘলীয়া প্ৰস্তাৱত নিৰ্বাচন সম্পৰ্কীয় ব্যয়ৰ পৰা আৰম্ভ কৰি নতুন EVM ক্ৰয় কৰা বা অন্যান্য আনুষংগিক খৰচেও স্থান পাইছে ৷ সংসদত চৰকাৰে দাখিল কৰা শেহতীয়া প্ৰস্তাৱ হৈছে এনেধৰণৰ-

নিৰ্বাচন সম্পৰ্কীয় ব্যয় 2536.65 কোটি টকা

EVM পৰীক্ষা কৰা আৰু নিৰাপদে ৰখাৰ নাম 36.20 কোটি টকা

নতুন EVM ক্ৰয়ৰ নামত 575.07 কোটি টকা

মুঠ সম্ভাব্য ব্যয় 5331.07 কোটি টকা

পূৰ্বতেই উল্লেখ কৰিছো যে, 1952 চনত অনুষ্ঠিত দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত প্ৰতিজন ভোটদাতাৰ বিপৰীতে ব্যয় হৈছিল 60 পইচা ৷ কিন্তু 2024 ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিজন ভোটদাতাৰ বিপৰীতে হ’বলগীয়া ব্যয় প্ৰায় 100 টকাৰ ওচৰা-ওচৰি হ’ব বুলি ধাৰণা কৰা হৈছে ৷ কিয়নো 1952 চনৰ হিচাপৰ পিচত হোৱা খৰচলৈ যদি মন কৰা যায় তেতিয়া দেখা যাব যে 2009 ৰ নিৰ্বাচত প্ৰতিজন ভোটদাতাৰ বিপৰীতে ব্যয় আছিল 12 টকা ৷

অৰ্থাৎ 1952 চনৰ পৰা 2009 লৈ নিৰ্বাচন প্ৰক্ৰিয়াত হোৱা ব্যয়ৰ পৰিমাণ প্ৰায় 20 গুণ বৃদ্ধি হয়গৈ ৷ 2014 চনত এই ব্যয় হয়গৈ প্ৰতিজন ভোটদাতাৰ বিপৰীতে 42 টকা ৷ ঠিক তেনেদৰে 2019 ৰ সাধাৰণ নিৰ্বাচনত প্ৰতিজন ভোটদাতাৰ বিপৰীতে ব্যয় আছিল 72 টকা ৷

2019 ত নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰতিগৰাকী ভোটাৰৰ বাবদ হোৱা ব্যয়ৰ পৰিমাণলৈ চালে 2024 ৰ নিৰ্বাচনত ইয়াৰ ব্যয়ৰ পৰিমাণ যে স্বাভাৱিকভাৱে বৃদ্ধি পাব সেয়া নিশ্চিত ৷ অৰ্থাৎ 2024 ৰ নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰতিগৰাকী ভোটাৰৰ বাবদ অতি কমেও 100 টকা ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷

তথ্য অনুসৰি, 2019 চনৰ লোকসভা নিৰ্বাচনত হোৱা মুঠ ব্যয়ৰ পৰিমাণ আছিল 6500 কোটি টকা ৷ 2019 ৰ মুঠ ব্যয়ৰ পৰিমাণলৈ চালে দেখা যায় যে 2024 ত ইয়াৰ পৰিমাণ স্বাভাৱিকভাৱে 6500 কোটিৰো অধিক হ’ব ৷ কিন্তু চৰকাৰে শেহতীয়াকৈ সংসদত দাখিল কৰা প্ৰস্তাৱত আগন্তুক নিৰ্বাচনত প্ৰায় 5331.07 কোটি টকাহে ব্যয় হ’ব পাৰে বুলি উল্লেখ কৰিছে ৷

সংসদত সেই প্ৰস্তাৱৰ লগতে চৰকাৰে এই কথাও উল্লেখ কৰিছে যে এই 2019 চনৰ পৰা 2023 চনলৈকে নিৰ্বাচন আয়োগে (ECI) এ ভাৰত ইলেক্ট্ৰ’নিকছ লিমিটেড আৰু ইলেক্ট্ৰ’নিকছ ক’ৰ্পৰেছনক 13.26 লাখ খন বেলট, 9.09 লাখটা EVM আৰু 8.92 লাখ টা VVPAT ৰ অৰ্ডাৰ দিছে ৷

ইয়াৰ পৰা এয়াই বুজা যায় যে, একো একোটা নিৰ্বাচন কিমান ব্যয়বহুল ৷ এই যে 5 টা বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাজকোষৰ পৰা হাজাৰ হাজাৰ কোটি টকা ওলাই যায়, সেই টকা আপোনাৰ-মোৰ টকা ৷ গতিকে নিৰ্বাচনক লৈ লুভীয়া ৰাজনৈতিক নেতাসকলে যিমানেই চতুৰ ৰাজনীতি নকৰক কিয় ভোটদাতা জনতা সদায়ে সচেতন হোৱাটো প্ৰয়োজন ৷

লগতে পঢ়ক : বিৰোধী ঐক্যমঞ্চত হৈছে নেকি সংঘাতৰ সূত্ৰপাত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.