ETV Bharat / state

বিৰোধী ঐক্যমঞ্চত হৈছে নেকি সংঘাতৰ সূত্ৰপাত ?

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 10:32 PM IST

Inner conflict in Opposition Alliance on Dibrugarh LS seat
সমাগত লোকসভা নিৰ্বাচন

অসম কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 15 টাকৈ বিৰোধী ৰাজনৈতিক দলক মাজত হৈছে নেকি মনোমালিন্য ? কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 15 টাকৈ বিৰোধী ৰাজনৈতিক দলৰ ঐক্যমঞ্চৰ হৈ ডিব্ৰুগড় লোকসভা সমষ্টিত কোনে আগবঢ়াব প্ৰাৰ্থিত্ব (Dibrugarh LS seat)?

বিৰোধী ঐক্যমঞ্চত হৈছে নেকি সংঘাতৰ সূত্ৰপাত ?

নিউজ ডেস্ক, 14 ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ ৷ বাদ পৰি ৰোৱা নাই কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 15 টাকৈ বিৰোধী ৰাজনৈতিক দলৰ ঐক্যমঞ্চও ৷ বিৰোধী শক্তিক নেতৃত্ব দিয়া কংগ্ৰেছে নিৰ্বাচনকেন্দ্ৰিক কেবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও 18 ডিচেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে লোকসভা নিৰ্বাচনৰ ৰনডংকা বজাব দলটোৱে ।

ইপিনে ৰাজ্যৰ সমষ্টিসমূহত বিৰোধী ঐক্যমঞ্চৰ এজনহে উমৈহতীয়া প্ৰার্থী থাকিব বুলি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে । ৰিপুণ বৰাৰ পৰা ভূপেন বৰালৈকে, লুৰীণজ্যোতি গগৈৰ পৰা অখিল গগৈলৈকে সকলোৱে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে যে প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি ঐক্যমঞ্চৰ মাজত কোনো মতভেদ নাই ৷ কিন্তু শেহতীয়া পৰিৱেশ-পৰিস্থিতিয়ে অন্য এখন ছবিহে দাঙি ধৰিছে ৷

লক্ষ্যণীয় বিষয় যে 15 টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে যদিও এতিয়ালৈকে আসন ভাগ-বাটোৱাৰা হোৱা নাই । ইয়াৰ মাজতে শেহতীয়াকৈ চৰ্চালৈ আহিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰসংগ৷ কিয়নো এই সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়া হ’ব পাৰে বুলি কেউদিশে চৰ্চা চলিছে আৰু যদি সেয়াই হয় তেন্তে ডিব্ৰুগড়ত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷

বাস্তৱ ক্ষেত্ৰতো ইয়াৰ প্ৰতিফলন দেখা গৈছে ৷ ইতিমধ্যে লুৰীণজ্যোতি গগৈয়েও আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷ বুধবাৰে লুৰীণজ্যোতি গগৈক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত ৷ ডিব্ৰুগড়ত কান্ধত মাটি কঢ়িয়াই ৰাস্তা বনোৱা কামত ব্যস্ত হৈ পৰা দেখা গ'ল লুৰীণজ্যোতি গগৈক ৷ ইপিনে সেই একেটা দিনতে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ প্ৰাংগণত দেখিবলৈ পোৱা গৈছিল এক বিপৰীত ছবি ৷ বুধবাৰে ৰাজীৱ ভৱনত উপস্থিত হৈ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ডিব্ৰুগড় লোকসভা সমষ্টিটো বেলেগৰ হাতত গতাই দিয়াৰ বিপৰীতে কংগ্ৰেছে নিজৰ হাতত ৰাখিব লাগে বুলি মন্তব্য কৰে ৷ আনকি ডিব্ৰুগড়ৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি বুধবাৰে ৰাজু চাহুৱে এক লাখ টকাৰ ড্ৰাফটো জমা দিয়ে ৷

ইফালে বিগত প্ৰায় এটা মাহৰ পৰাই আম আদমী পাৰ্টী চমুকৈ আপ সক্ৰিয় হৈ আছে ডিব্ৰুগড়ত ৷ আগন্তুক নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিটো কেৱল আপৰ হাতত ৰাখিব লাগে বুলি মন্তব্য কৰি আহিছে দলটোৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে ৷ অৰ্থাৎ ডিব্ৰুগড় লোকসভা সমষ্টিত আপৰ হৈ মনোজ ধানোৱাৰে নিৰ্বাচন খেলাৰ যে মন মেলিছে সেই কথা এতিয়া আৰু লুকাই থকা নাই ৷

এই সমস্ত প্ৰেক্ষাপটলৈ মন কৰিলে এটা কথা নিশ্চিত হ’ব পাৰি যে, অসম কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 15 টাকৈ বিৰোধী ৰাজনৈতিক দলৰ ঐক্যমঞ্চৰ মাজত ডিব্ৰুগড়ক কেন্দ্ৰ কৰি মনোমালিন্যৰ সৃষ্টি হৈছে নেকি ? প্ৰকৃততে আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিত আপ-কংগ্ৰেছ-অসম জাতীয় পৰিষদ নে আন কোনো ৰাজনৈতিক দলেহে আগবঢ়াব প্ৰাৰ্থিত্ব ৷ যদি কেউটা দলৰ মাজত এইধৰণৰ আকোৰগোজ মনোভাৱ অটুট থাকে তেন্তে এটা কথা নিশ্চিত যে মুখ্যমন্ত্ৰীয়ে কৈ অহাৰ দৰে চাৰে এঘাৰখন আসনৰ ভিতৰত ডিব্ৰুগড়ো থাকিব ৷

লগতে পঢ়ক : কংগ্ৰেছে ১৮ ডিচেম্বৰৰ পৰা অসমত বজাব লোকসভা নিৰ্বাচনৰ ৰণডংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.