ETV Bharat / state

কংগ্ৰেছে ১৮ ডিচেম্বৰৰ পৰা অসমত বজাব লোকসভা নিৰ্বাচনৰ ৰণডংকা

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 6:41 PM IST

বিৰোধী শক্তিক নেতৃত্ব দিয়া কংগ্ৰেছে নিৰ্বাচনকেন্দ্ৰিক কেবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও ১৮ ডিচেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে লোকসভা নিৰ্বাচনৰ ৰনডংকা বজাব । অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে ১৮ ডিচেম্বৰত ছিপাঝাৰত, ১৯ ডিচেম্বৰত ধুবুৰীত জনসভাত অংশগ্ৰহণ কৰিব । ২০ ডিচেম্বৰত জিলা কংগ্ৰেছৰ সভাপতি, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া, এন এছ ইউ আই, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দলৰ সৈতে বৈঠকত মিলিত হ’ব ।

Assam Congress Lok Sabha ticket
বিৰোধী ঐক্যমঞ্চ

গুৱাহাটী, ১৩ ডিচেম্বৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ গৰম হ'ব ধৰিছে ৰাজ্যৰ ৰাজনীতি । সকলো ৰাজনৈতিক দলেই লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে । ইতিমধ্যে ৰাজ্যত দলকেন্দ্ৰিক নিৰ্বাচনী প্ৰচাৰ অভিযানো আৰম্ভ হৈছে ।

এফালে আছে বিজেপি নেতৃত্বৰ অগপ আৰু ইউ পি পি এলৰ মিত্ৰজোঁট আৰু আনফালে আছে কংগ্ৰেছ নেতৃত্বৰ ১৫টাকৈ বিৰোধী ৰাজনৈতিক দল । অৱশ্যে বৰ্তমানলৈকে এ আই ইউ ডি এফ দল অকলশৰে আছে । কিন্তু বাৰম্বাৰ প্ৰত্যাখ্যান স্বত্বেও এ আই ইউ ডি এফ দলে বিৰোধীৰ ঐক্যমঞ্চত চামিল হোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

ইফালে বিৰোধী ১৫ টাকৈ দল ঐক্যবদ্ধ হৈছে যদিও প্ৰত্যেকেই নিজাববীয়াকৈ প্ৰচাৰ অভিযানত অৱতীৰ্ণ হৈছে । ঐক্যবদ্ধ হোৱা বিৰোধীৰ মাজত আসন বুজাবুজি হোৱা নাই যদিও প্ৰতিটো সমষ্টিত উমৈহতীয়া একোজন প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে ১৫টা দল । বিৰোধীৰ একমাত্ৰ লক্ষ্য হৈছে বিজেপিক প্ৰতিহত কৰা । ইয়াৰ বাবে প্ৰতিটো দলেই নিজাকৈ কুচ-কাৱাজ আৰম্ভ কৰিছে ।

বিৰোধী শক্তিক নেতৃত্ব দিয়া কংগ্ৰেছ দলে ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও ১৮ ডিচেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব । লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ আবেদন জমা দিয়াৰ তাৰিখ ১৯ ডিচেম্বৰত অন্ত পৰিব ।

২০ জানুৱাৰীত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ আবেদনসমূহ পর্যালোচনা কৰাৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ হাতত তালিকা দাখিল কৰিব ৷ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত অসমৰ সাংগঠনিক দায়িত্বত থকা কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙো উপস্থিত থাকিব ।

ইফালে ১৮ ডিচেম্বৰত অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে ছিপাঝাৰত, ১৯ ডিচেম্বৰত ধুবুৰীত জনসভাত অংশগ্ৰহণ কৰিব আৰু পিছদিনা অর্থাৎ ২০ ডিচেম্বৰত জিলা কংগ্ৰেছৰ সভাপতি, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া, এন এছ ইউ আই, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দলৰ সৈতে বৈঠকত মিলিত হ’ব ।

তদুপৰি কংগ্ৰেছ বিধায়িনী দলৰ লগতো আলোচনাত বহিব কংগ্ৰেছ নেতাজনে । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে জনোৱা মতে ১৮ ডিচেম্বৰৰ পৰাই কংগ্ৰছৰ নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ আৰম্ভ হ’ব । বিৰোধী মঞ্চত থকা কোনো দলকে নিৰ্দিষ্ট সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ হেচাঁ দিয়া হোৱা নাই । বিৰোধী মঞ্চত থকা দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মূৰ পাতি ল’ব বিচৰা সমষ্টিত বিৰোধী মঞ্চত থকা সকলো দলে সহযোগ কৰিব ।

সমষ্টিসমূহত বিৰোধীৰ এজনহে উমৈহতীয়া প্ৰার্থী হ’ব বুলি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে । ইফালে নৱ শৰণীয়া কোকৰাঝাৰত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব বুলি বিশেষভাৱে চৰ্চা হৈছে যদিও এইক্ষেত্ৰত কংগ্ৰেছ দলে কোনো কথা স্পষ্ট কৰা নাই । লক্ষ্যণীয় বিষয় যে ১৫ টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে যদিও এতিয়ালৈকে আসন ভাগ-বাটোৱাৰা হোৱা নাই ।

আসন ভাগ-বাটোৱাৰা নহ’লেও কিন্তু বিৰোধী ঐক্যমঞ্চত থকা তৃণমূল কংগ্ৰেছ আৰু আপে চাৰিখনকৈ আসন বিচাৰি ইতিমধ্যে প্ৰস্তাৱ দিছে । সেইদতে চি পি আই এম দলেও এখন আসন বিচাৰিছে । অৱশ্যে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে লোকসভাত তেওঁৰ দলে প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা স্পষ্ট কৰি দিছে ।

বৰ্তমান সময়ত বিৰোধী ঐক্যমঞ্চৰ দলসমূহে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছে যদিও আসন বুজাবুজিক লৈ সংঘাত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক: আঙুৰলতাক অপসাৰণ; ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ পদত স্বপ্নময় নিযুক্তি স্বপ্না বণিয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.