ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 17, 2021, 5:19 PM IST

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 5 pm
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

কেমেৰাৰ সন্মুখতে ৰূপজ্যোতি কুৰ্মীৰ গালত চৰ !

হাইকামাণ্ডৰ কামাণ্ড মানি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পূৰ্বতে কৰা মন্তব্যৰ বাবে নিজৰ গালত নিজে চৰ মাৰি ক্ষমা বিচাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰত সেৱা জনাই মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষ্যে ৰূপজ্যোতি কুৰ্মীয়ে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ভকত বৈষ্ণৱৰ বাবে প্ৰায় 150 খন দলিচা যোগান ধৰে ৷

৫ খন অত্যাধুনিক জাহাজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

‘‘নিমাতীঘাটত ৩ খন জাহাজ আৰু ২ খন ৰ’পেক্সসহ মুঠ ৫ খন জাহাজ চলিলে যোৰহাট আৰু মাজুলীৰ মাজত যি অসুবিধা হৈ আছিল সেই অসুবিধা দূৰ হ’ব বুলি মই ভাবো ।’’ বিশ্বকৰ্মা পূজাৰ সেৱা লৈ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ উদ্যোগত আৰু বিশ্ব বেংকৰ সাহায্যৰে নিৰ্মিত ৫ খন অত্যাধুনিক জাহাজ অনুষ্ঠানিক ভাৱে উদ্বোধন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

GST ফাঁকি দি চোৰাংচোৱা বিভাগৰ জালত ৪০ ব্যৱসায়ী

জি এছ টি (GST) ফাঁকি দি ব্যৱসায় চলাই থকা 40 ব্যৱসায়ীলৈ চোৰাংচোৱা বিভাগৰ জাননী ৷ জাননী প্ৰেৰণ কৰা এই ৪০ গৰাকী ব্যৱসায়ীয়েই হৈছে মূলতঃ কয়লা আৰু চিমেন্ট ব্যৱসায়ৰ সৈতে জড়িত ।

উপ-নিৰ্বাচন : থাওৰাত সুশান্ত বৰগোঁহাইৰ বিৰুদ্ধে অধিবক্তা কৃষ্ণ গগৈ

উপ-নিৰ্বাচনক লৈ তৎপৰ হৈ উঠিছে ৰাজ্যৰ ৰাজনৈতিক দল ৷ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি থাওৰা সমষ্টিত শাসক দল বিজেপিৰ এক ডজন মন্ত্ৰী-সাংসদ-বিধায়কে গিজগিজাই থকাৰ লগতে কংগ্ৰেছ দলৰ মহাৰথীৰ সঘন ভুমুকি আৰু ৰাইজৰ দলৰ সভাপতি-বিধায়ক অখিল গগৈৰ সক্ৰিয়তাৰ মাজতে বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে ভাৰতীয় কমিউনিষ্ট পাৰ্টি ( Communist Party of India)ৰ হৈ প্ৰাৰ্থীত্ব দিয়া হ'ব বুলি ঘোষণা কৰে ৷

পৃথক বড়োলেণ্ডৰ দাবীৰে নতুন উগ্ৰপন্থী সংগঠন ULBৰ আত্মপ্ৰকাশ

ডিভাইড আছাম 50/50 দাবীৰে নতুন উগ্ৰপন্থী(Militant) সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ’ৰ বড়োলেণ্ড (ULB)ৰ আত্মপ্ৰকাশ ৷ পৃথক বড়োলেণ্ড গঠনৰ দাবীত 15 ছেপ্তেম্বৰত বিবৃতি আৰু এক ভিডিঅ’যোগে আত্মপ্ৰকাশ কৰে উগ্ৰপন্থী সংগঠনটোৱে ৷

পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাসৰ সম্ভাৱনা

লক্ষ্ণৌত অনুষ্ঠিত হৈছে 45তম জিএছটি পৰিষদৰ বৈঠক ৷ বৈঠকত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) পৰিষদে পেট্ৰ'ল, ডিজেল আৰু অন্যান্য পেট্ৰ'লিয়াম সামগ্ৰীক ইয়াৰ পৰিধিৰ অধীনলৈ অনাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা ৷ বৈঠকৰ আলোচনা সফল হ'লে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাসৰ সম্ভাৱনা আছে ৷ পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত 75 টকা হোৱাৰ পৰিৱৰ্তে ডিজেলৰ মূল্য প্ৰতি লিটাৰত 68 টকা হোৱাৰ সম্ভাৱনা আছে ৷

নগাঁৱত নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

আজি 17 ছেপ্তেম্বৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ নৰেন্দ্ৰ মোডীৰ জন্মদিন উদযাপনৰ বাবে আয়োজন কৰা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে পুৱাই আহি নগাঁৱত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ৷ নগাঁৱত উপস্থিত হৈয়ে পোনে পোনে মন্ত্ৰীগৰাকী ভেৰভেৰিৰ নৰসিংহ ক্ষেত্ৰস্থিত বিশ্বৰ ভিতৰতে সৰ্ব্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ যায় ।

থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীৰে নুমলীগড়ত প্ৰতিবাদ

নুমলীগড় তেল শোধনাগাৰৰ(Numaligarh Refinery Limited) মুখ্যদ্বাৰত কাৰিকৰী নিবনুৱাসকলৰ উত্তাল প্ৰতিবাদ । ত্ৰুটিপূৰ্ণ নিয়োগ নীতি বাতিল কৰি অতিৰিক্ত পদ মুকলিৰে থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে নিৱনুৱাসকলে ৷

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে 1500 পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল

বুধবাৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ(Raj Kundra) বিৰুদ্ধে নতুনকৈ 1500 পৃষ্ঠাৰ চাৰ্জশ্বীট(Chargesheet) দাখিল মুম্বাই অপৰাধ শাখাৰ(Mumbai Crime Branch) সম্পত্তি কোষৰ(Property Cell) ৷ এস্প্লেনেড আদালতত(Esplanade Court) এই চাৰ্জশ্বীট দাখিল কৰা বুলি জানিব পৰা গৈছে ৷

বিশ্বকাপৰ পাছত ৰোহিত শৰ্মা হ'ব টি-২০ দলৰ অধিনায়ক: বিনোদ কাম্বলী

অহা অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ ক্ৰিকেট । ইয়াৰ পূৰ্বে বিৰাট কোহলীয়ে ঘোষণা কৰিছে বিশ্বকাপৰ পাছত তেওঁ টি-২০ ফৰ্মেটত অধিনায়কৰ দায়িত্ব এৰিব । তেওঁৰ এই ঘোষণাৰ পাছত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.