৫ খন অত্যাধুনিক জাহাজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Sep 17, 2021, 4:45 PM IST

এতিয়াৰ পৰা নদী পথৰে সুচল ভাৱে যাত্ৰ কৰিব পাৰিব যাত্ৰীয়ে: মুখ্যমন্ত্ৰী

‘‘নিমাতীঘাটত ৩ খন জাহাজ আৰু ২ খন ৰ’পেক্সসহ মুঠ ৫ খন জাহাজ চলিলে যোৰহাট আৰু মাজুলীৰ মাজত যি অসুবিধা হৈ আছিল সেই অসুবিধা দূৰ হ’ব বুলি মই ভাবো ।’’ বিশ্বকৰ্মা পূজাৰ সেৱা লৈ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ উদ্যোগত আৰু বিশ্ব বেংকৰ সাহায্যৰে নিৰ্মিত ৫ খন অত্যাধুনিক জাহাজ অনুষ্ঠানিক ভাৱে উদ্বোধন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

গুৱাহাটী, ১৭ ছেপ্তেম্বৰ : লাচিত ঘাটত বিশ্বকৰ্মা পূজাৰ সেৱা লৈ আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ উদ্যোগত আৰু বিশ্ব বেংকৰ সাহায্যৰে নিৰ্মিত ৫খন অত্যাধুনিক জাহাজ অনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শৰ্মাই জাহাজ কেইখন উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত কয় যে, ১০০ জন যাত্ৰী আৰু ৫০ খন মটৰ চাইকেল কঢ়িয়াব পৰা ৩ খন ষ্টীল কেটামাৰান জাহাজ আজি উদ্বোধন কৰা হ’ল । তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে ।

এতিয়াৰ পৰা নদী পথৰে সুচল ভাৱে যাত্ৰ কৰিব পাৰিব যাত্ৰীয়ে: মুখ্যমন্ত্ৰী

মাজুলী-যোৰহাট-নিমাতীঘাট আৰু কমলাবাৰীত এম ভি লোহিত(Lohit), গুৱাহাটী আৰু কুৰুৱাৰ মাজত এম ভি সোণাই (sonai) আৰু ধুবীৰত এম ভি প্ৰতিমা(pratima) নামৰ জাহাজ কেইখন চলিব । আজিয়েই নিমাতীঘাটলৈ জাহাজখন যাত্ৰা কৰিব ৭ দিনৰ পিছত জাহাজখন সেই স্থান পাব ।

নিমাতীঘাটত ৩ খন জাহাজ আৰু ২ খন ৰ’পেক্স মুঠ ৫ খন জাহাজ চলিলে যোৰহাট আৰু মাজুলীৰ মাজত যি অসুবিধা হৈ আছিলে সেই অসুবিধা দূৰ হ’ব বুলি মই ভাবো । একক ইঞ্জিনৰ নাও ডাবুল ইঞ্জিনত পৰিণত কৰাৰ বাবে এক পদক্ষেপ হাতত লোৱা হৈছে । প্ৰায় ৮৫৩ খন জাহাজ মেৰাইন ইঞ্জিনলৈ ৰূপান্তৰ কৰা হ’ব । একোখন জাহাজত প্ৰায় ১০ লাখ টকাকৈ খৰচ হ’ব । যাৰ বাবে প্ৰায় ৯০ কৌটি টকাৰ এক আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালৰ মাইলৰ খুঁটিসমূহৰ চমু আভাষ...

ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি অহা সপ্তাহত ধুবুৰীত প্ৰায় ৭ টা মেৰাইন ইঞ্জিন গৈ পাব । একেদৰে মাজুলীলৈ অৰ্ডাৰ দিয়া হৈছে কেইবাটাও মেৰাইন ইঞ্জিন সেই কেইটা আগন্তুক ৫০ দিনৰ ভিতৰত মাজুলীলৈ পঠোৱাৰ ব্যৱস্থা কৰিব । ৰাজ্য চৰকাৰে ৫ খন ৰ’পেক্স জাহাজ কিনিবলৈ সিদ্ধান্ত লৈছে যাতে অতি শীঘ্ৰে নদীৰ ওপৰেদি যাত্ৰীয়ে নিৰাপদে যাত্ৰা কৰিব পাৰে ৷

একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, নাৱিকক প্ৰশিক্ষণ দিয়াৰ লগতে জাহাজৰ FITNESS পৰীক্ষা কৰা হ’ব, জাহাজ সমূহৰ পৰিচৰ্যাৰ বাবেও থাকিব বিশেষ ব্যৱস্থা । আভ্যন্তৰীণ জল পৰিবহণ বিভাগত নতুন পদৰ প্ৰয়োজন নাই । যিখিনি মানুহ আছে তেওঁলোকে ভালকৈ কাম কৰিলে ভাল হ’ব ।

যিমান দলং হ’ব ঘাট সমূহত মানুহৰ প্ৰয়োজন কমিব । উল্লেখযোগ্য যে, আজি মুকলি কৰা জাহাজ কেইখন গুজৰাটৰ ভাৰুচৰ পৰা নিৰ্মাণ হৈ আহিছে । ইপিনে আজি মুকলি কৰা ৫ খন জাহাজৰ দুখন জাহাজ চাৰ্ভেৰ কামৰ বাবে নিয়োজিত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ৷

লগতে পঢ়কঃ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সমষ্টিত লুৰিণজ্যোতি গগৈৰ গৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.