ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : May 3, 2021, 3:02 PM IST

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

সৰ্বানন্দ সোণোৱালৰ জয়ত মাজুলীত আনন্দৰ বন্যা

মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱালে জয় লাভ কৰাৰ পাচতে সমষ্টিবাসীৰ মাজত এক প্ৰকাৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে ৷ সমষ্টিটোৰ পৰা বিপুল সংখ্যক ভোটত জয় লাভ কৰাৰ পাছতেই ডেকা শেনছোৱাৰ গাঁওবাসীয়ে আনন্দতে 3 হাজাৰ বন্তি জ্বলাই ক’ভিড প্ৰ’টকলৰ মাজেৰে ‘আকৌ এবাৰ সৰ্বা চৰকাৰ’ লিখি বিজয় উৎসৱ অনুষ্ঠিত কৰে ৷ ইফালে, ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালকে বিচাৰিলে মাজুলীবাসীয়ে ৷

দ্বিতীয়বাৰলৈ মাহমাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত মন্ত্ৰী যোগেন মহন

দ্বিতীয়বাৰলৈ মাহমৰাৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল মন্ত্ৰী যোগেন মহন ৷ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মন্ত্ৰীগৰাকীৰ ভোট যুদ্ধত কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি ভৱা হৈছিল যদিও শনিবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হ'ল বিজেপি প্ৰাৰ্থী যোগেন মহন ৷ প্ৰাৰ্থী গৰাকীৰ জয়ত বিজেপি কৰ্মী সকলৰ মাজত দেখিবলৈ পোৱা গ'ল ব্যাপক উৎসাহ ৷

কৰ্ণাটকত অক্সিজেনৰ অভাৱত ২৪ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

কৰ্ণাটকৰ চামৰাজনগৰ ক'ভিড চিকিৎসালয়ত অক্সিজেনৰ অভাৱ আৰু আন সমস্যাৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত ২৪ গৰাকী ৰোগীৰ মৃত্যু হয় । চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন ৫০ জনতকৈও অধিক ৰোগী ভুগি আছে অক্সিজেনৰ অভাৱত ।

ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন

নলবাৰী জিলাৰ 3টাকৈ সমষ্টিৰ ফলাফল ঘোষণা হ'ল শনিবাৰে ৷ তিনিটা সমষ্টিৰ ভিতৰত দুটা সমষ্টি বিজেপিৰ দখললৈ যোৱাৰ সমান্তৰালভাৱে জিলাখনৰ উল্লেখযোগ্য বৰক্ষেত্ৰী সমষ্টি আহিল কংগ্ৰেছৰ দখললৈ ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান জেষ্ঠ কংগ্ৰেছী নেতা সদ্য প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ দখলত আছিল যদিও 2016 চনৰ নিৰ্বাচনত বিজেপিৰ দখললৈ যায় সমষ্টিটো ৷ কিন্তু, 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ সমষ্টিটো আজুৰি আনিবলৈ সক্ষম হয় ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে ৷

জনীয়া সমষ্টিত জয় এআইইউডিএফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ

জনীয়া বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে ১,৫৫,৯১৭ টা ভোট লাভ কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয় । ড৹ ৰফিকুল ইছলামৰ প্ৰতিদ্বন্দী বিজেপি প্ৰাৰ্থী স্বহিদুল ইছলামে ১১,৩৫৩ টা ভোট পাবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্য খনৰ ভিতৰত সৰ্বাধিক ১,৪৪,৫৬৪ টা ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয় ড৹ হাফিজ ৰফিকুল ইছলাম ।

নাহৰকটীয়া বিধানসভা সমষ্টিত বিজয়ী প্ৰাৰ্থী তৰংগ গগৈৰ প্ৰতিক্ৰিয়া

১২০ নং নাহৰকটীয়া বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ শিৰত বিজয়ৰ ধ্বজা । প্ৰায় ১৫,০৬৯ ভোটৰ ব্যৱধানত জয় লাভ কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে । অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে লাভ কৰে ২৭,১৮১ টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰণতি ফুকনে লাভ কৰে ৩২,৮৭৫ । আনহাতে, বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে লাভ কৰে ৪৭,৯৩৪ টা ভোট । দেওবাৰে হোৱা অসম বিধানসভা নিৰ্বাচনত বিজয় হোৱাৰ পাছতেই নিজৰ প্ৰতিক্ৰিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যুৱ নেতা তৰংগ গগৈয়ে ৷

পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ জয়

পশ্চিম গুৱাহাটীত বিজৰ মুকুত পিন্ধিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ জয়লাভৰ পাচতে প্ৰাৰ্থী গৰাকীয়ে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, সদায় অসমৰ জাতীয় সমস্যা সমূহৰ বাবে বিধানসভাত মাত মাতি যাব ৷ লগতে মন্ত্ৰীত্বৰ দাবী কৰি প্ৰাৰ্থীগৰাকীয়ে কয় একেৰাহে 6 বাৰকৈ বিধায়ক হৈছো গতিকে মন্ত্ৰীত্ব প্ৰদান কৰিব পাৰে উৰ্ধতম কৰ্তৃপক্ষই ৷

নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট প্ৰমোদ বড়ো

সংবাদমাধ্যমৰ আগত ৰাজ্যৰ ভোটগণনাৰ ফলাফলক লৈ সন্তোষ্ট প্ৰকাশ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই কয়, ভোটাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ভোটদানেৰে ৰাইজে পৰিৱৰ্তন আনি দিলে ৷

বৃন্দাবন গোস্বামীৰ চৰকাৰী আৱাসগৃহ বাচনি কৰিলে অখিল গগৈয়ে

শিৱসাগৰ সমষ্টিৰ পৰা বৃহৎ জয়লাভৰ পাচতে সোমবাৰে 53 নং বিধায়কৰ চৰকাৰী আৱসাগৃহটো বাচনি অখিল গগৈৰ ৷ পূৰ্বে এই আৱাসগৃহটোত আছিল প্ৰাক্তন অগপ নেতা বৃন্দাবন গোস্বামী ৷

টীয়কত শেষ হাঁহি মাৰিলে ৰেণুপমা ৰাজখোৱাই

102 নং টীয়ক বিধানসভা সমষ্টিত কংগ্ৰেছী প্ৰাৰ্থী পল্লবী গগৈক 1268 ভোটত পৰাস্ত কৰি শেষ হাঁহি মাৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই ৷ আগন্তুক পাঁচটা বছৰৰ বাবে সমষ্টিটোৰ বিধায়কৰ আসনখন দখল কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে । মুঠ 46,840 টা লাভ কৰি বিজয়ী হোৱা প্ৰাৰ্থী গৰাকীয়ে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰলৈ সমষ্টিটো নিজৰ দখলত আনিবলৈ সক্ষম হ'ল। ৰেণুপমা ৰাজখোৱাৰ বিজয় বাৰ্তা বিয়পি পৰাত দলীয় শুভকাংক্ষীৰে ভৰি পৰে টীয়কস্থিত বাসগৃহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.