ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 8, 2021, 9:00 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

top 10 at 9 am
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

‘মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান’...সংগীতেৰে অসমবাসীৰ মাজত আজিও জীয়াই থকা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) আজি ওপজা দিন ৷

ৰাজ্যজুৰি জাতীয় গৰ্জন কাৰ্যসূচী ঘোষণা অসম জাতীয় পৰিষদৰ

বিজেপিৰ ঐতিহাসিক বিশ্বাসঘাটকতা আৰু প্ৰতাৰণাৰ প্ৰতিবাদত ১৪ ছেপ্তেম্বৰত প্ৰতিখন জিলাৰ সদৰত জাতীয় গৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ।

অসম চুক্তিৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত চৰকাৰৰ সৈতে আছুৰ বৈঠক

১৬ বছৰ পিছত অসম চুক্তিৰ বিভিন্ন দফাৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাৰ ৰাজ্যিক অতিথি শালাত আছুৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

ভূপেন হাজৰিকাৰ কুঠৰীৰ ঘৰখনেৰে বিশেষ সম্পৰ্ক থকা এজন ব্যক্তি...

বহু ঘাট-প্ৰতিঘাট তথা বিচিত্ৰতাৰে ভৰপূৰ সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ জীৱন গাঠা ৷ অয়াঙ-দয়াঙে ঘূৰি ফুৰা যাযাবৰী শিল্পী গৰাকীয়ে নিজৰ জীৱন কালত বহু ঠাইত তেওঁৰ স্মৃতিৰ সাঁচ ৰাখি থৈ গৈছে ৷

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পুনৰ যাত্ৰীবাহী বিশেষ ৰেল সেৱা আৰম্ভ

শিলচৰ আৰু ভৈৰৱীৰ মাজত যাত্ৰীবাহী বিশেষ ৰেল সেৱাৰ পুনৰ আৰম্ভ ৷ একেদৰে আগৰতলা আৰু চেকেন্দ্ৰাবাদৰ মাজতো সাপ্তাহিক বিশেষ ৰেলৰ সেৱা সম্প্ৰাসাৰিত কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে ৷

ঠিকনা সলনি হ’ব ৰঞ্জন দৈমাৰীৰ

এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি কাৰাবন্দী ৰঞ্জন দৈমাৰীৰ নতুন ঠিকনা হ’ব চিৰাং জিলা সদৰ কাজলগাঁও স্থিত বড়োলেণ্ড গেষ্ট হাউছ । অসম চৰকাৰে বিশেষ ব্যৱস্থাৰে নেতাজনক স্থানান্তৰৰ দিহা লৈছে ।

বিশ্ব ফিজিঅ’থেৰাপি দিৱস 2021: কৰ’ণা ৰোগীৰ বাবে ফলপ্ৰসু ফিজিঅ’থেৰাপি

নিজৰ শৰীৰটোক সুস্থ আৰু নিৰোগী কৰি ৰখাটো অতিকৈ জৰুৰী বিশেষকৈ কৰ’ণা মহামাৰীৰ এই সময়ত ৷ ফিজিঅ’থেৰাপি অথবা ব্যায়ামৰ জৰিয়তে ব্যক্তি এগৰাকীয়ে নিজৰ দেহটোক নিৰোগী কৰি ৰাখিব পাৰে ৷

শীঘ্ৰেই চৰকাৰ গঠনৰ দিশে তালিবান

তালিবানে সমগ্ৰ আফগানিস্তানৰ শাসন ভাৰ নিজৰ অধীনলৈ অনাৰ পাছতে সমগ্ৰ বিশ্বই এতিয়া আফগানিস্তানৰ ওপৰত চকু ৰাখিছে ৷

জনা-নজনা : লক্ষাধিক নিষিদ্ধ গ্ৰন্থৰে নিৰ্মিত স্মাৰক

নিষিদ্ধ গ্ৰন্থৰে নিৰ্মিত স্মাৰক ! আপুনি চাগে ভাবিছে ঘৰত সজোৱা কোনো সামগ্ৰী কথা আমি কৈছো ৷ কিন্তু আমি কোনো সজোৱা বস্তুৰ কথা কোৱা নাই ৷

বক্সাৰ যমুনা বড়োৰ নতুন পৰিচয়...

সোমবাৰে কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগত(Excise Department) আবকাৰী পৰিদৰ্শক হিচাপে যোগদান কৰে বক্সাৰ যমুনা বড়োৱে(Jamuna Boro) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.