উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পুনৰ যাত্ৰীবাহী বিশেষ ৰেল সেৱা আৰম্ভ

author img

By

Published : Sep 7, 2021, 10:06 PM IST

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পুনৰ যাত্ৰীবাহী বিশেষ ৰেল সেৱা আৰম্ভ

শিলচৰ আৰু ভৈৰৱীৰ মাজত যাত্ৰীবাহী বিশেষ ৰেল সেৱাৰ পুনৰ আৰম্ভ ৷ একেদৰে আগৰতলা আৰু চেকেন্দ্ৰাবাদৰ মাজতো সাপ্তাহিক বিশেষ ৰেলৰ সেৱা সম্প্ৰাসাৰিত কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে ৷

নিউজ ডেস্ক, 7ছেপ্তেম্বৰ: উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই স্থানীয় যাত্ৰীসকলৰ সুবিধাৰ বাবে চলিত সপ্তাহৰ পৰা শিলচৰ আৰু ভৈৰৱীৰ মাজত যাত্ৰীবাহী বিশেষ ৰেল সেৱাৰ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

একেদৰে আগৰতলা আৰু চেকেন্দ্ৰাবাদৰ মাজতো চলি থকা সাপ্তাহিক বিশেষ ৰেলৰ সেৱা সম্প্ৰসাৰিত কৰা হৈছে, য’ত পথ, সময়, ষ্টপেজ আৰু কম্পোজিশ্যনৰ লগতে আৰু তিনিটা ট্ৰিপ সম্প্ৰসাৰিত কৰা হৈছে ৷

সেই অনুসৰি চলিব লগীয়া ৰেলসমূহ হৈছে:

1/ৰেল নং. ০৫৫৬৭/০৫৫৬৮ শিলচৰ-ভৈৰবীঃ শিলচৰ যাত্ৰী বিশেষ ৰেল সেৱা ১০-০৯-২০২১ তাৰিখৰ পৰা দ্বি-সাপ্তাহিক সেৱা হিচাপে পুনৰ আৰম্ভ কৰা হৈছে ৷ ৰেলখন প্ৰতি মঙলবাৰে আৰু শুকুৰবাৰে শিলচৰৰ পৰা 16-55 বজাত যাত্ৰা আৰম্ভ কৰিব আৰু 21-00 বজাত ভৈৰৱীত উপস্থিত হ’ব ৷ আনহাতে প্ৰতি বুধবাৰ আৰু শনিবাৰে 05-30 বজাত ভৈৰৱীৰ পৰা যাত্ৰা আৰম্ভ কৰি 09-20 বজাত শিলচৰত উপস্থিত হ’ব ৷

2/ ৰেল নং 07030/07029 চেকেন্দ্ৰাবাদ-আগৰতলাঃ চেকেন্দ্ৰাবাদ সাপ্তাহিক বিশেষ ৰেলৰ সেৱা অতিৰিক্ত তিনিটা ট্ৰিপৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে ৷ ৰেলখন চেকেন্দ্ৰবাদৰ পৰা 13, 20 আৰু 27 ছেপ্তেম্বৰ 2021 (সোমবাৰে) আৰু আগৰতলাৰ পৰা 17, 24 ছেপ্তেম্বৰ আৰু 1 অক্টোবৰ 2012 (শুকুৰবাৰে) যাত্ৰা আৰম্ভ কৰিব ৷

জানিব পৰা মতে, এই ৰেল সমূহৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিটি ৱেবছাইটত উপলব্ধ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম আৰু বিভিন্ন বাতিৰি কাকতত জাননি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে ৷

সেয়ে যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ আগতে এই বিৱৰণ সমূহ চাবলৈ অনুৰোধ জনাইছে ৷ একেদৰে উত্তৰ-পূৱ ৰে’লৱে কৰ্তৃপক্ষই উল্লেখ কৰিছে যে, যাত্ৰী সকলে গন্তব্য স্থানত উপস্থিতত হোৱাৰ পাচতে যাত্ৰী সকলে নিদিষ্ট ৰাজ্যখনৰ প্ৰচলিত ক’ভিড প্ৰট’কল মানি চলিব লাগিব ৷

লগতে পঢ়ক: চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ কৰিবলৈ কঠোৰ সকীয়নি মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.