ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 18, 2021, 5:05 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 5PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

ভাষা থাকিলেহে জাতি থাকিব : এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ

এবছৰীয়া হ’ল অসম জাতীয় পৰিষদ ৷ অসম জাতীয় পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত ৰঙাচাহী আঞ্চলিক সমিতিৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাৰীআটী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (First Foundation Day of AJP) ৰ কাৰ্যসূচী ।

First sports university in Assam : অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ

শুকুৰবাৰে চাবুৱাত অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় (First sports university in Assam) ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে স্থাপন কৰা হয় বিশ্ববিদ্য়ালয়খনিৰ লাইখুঁটা (Laying of the foundation stone of sports university) ৷

Dispur Police Firing : দিশপুৰ আৰক্ষীৰ গুলীত আহত ইৰাণী গ্ৰুপৰ সদস্য

ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ দিশপুৰ আৰক্ষীৰ গুলীত (Dispur Police Firing) আহত হৈছে ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালা ৷

BTC Council anniversary : কোকৰাঝাৰত আই টি পাৰ্ক মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

বিটিআৰ পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি (BTC Council anniversary) উপলক্ষে কোকৰাঝাৰৰ চান্দামাৰীত মুকলি আই টি পাৰ্ক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই আই টি পাৰ্কখন (Assam CM inaugurates IT park at Chandamari)। অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় ৰে'লমন্ত্ৰী দৰ্শনা জাৰদোশ ।

Election at Samguri College : মনোনয়ন দাখিলৰ দিন পিছুৱালে নিৰ্বাচন পৰিচালনা সমিতিয়ে

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ চামগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Election at Samguri College) ৰ মনোনয়ন দাখিলৰ সময়সীমা বৃদ্ধি কৰিলে (Nomination date extended of Samguri Collage election) নিৰ্বাচন পৰিচালনা সমিতিয়ে ৷

Controversial statement of Asaduddin Owaisi: মহিলাৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাক লৈ অসন্তুষ্ট আছাদউদ্দিন ওৱেচি

শেহতীয়াকৈ চৰকাৰে মহিলাৰ বিবাহৰ বয়সৰ সীমা ২১ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে AIMIMৰ অধ্যক্ষ আছাদউদ্দিন ওৱেচিয়ে (Owaisi statement on legal marriage age)। ইয়াৰ পৰিৱৰ্তে বিবাহৰ ক্ষেত্ৰত ল'ৰাৰ বয়সৰ সীমা ১৮ লৈ হ্ৰাস কৰিব লাগে ।

Rohini court blast case : দিল্লী আৰক্ষীয়ে আটক কৰিলে এগৰাকী বিজ্ঞানীসহ ৪ জনক

অৱশেষত ফাদিল হ'ল দিল্লীৰ ৰোহিনী আদালতৰ বিস্ফোৰণৰ ৰহস্য (Rohini court blast case exposed)। আৰক্ষীৰ বিশেষ কোষে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিলে এগৰাকী বিজ্ঞানীক । কিন্তু কিহৰ বাবে এই অপৰাধৰ পথ লৈছিল বিজ্ঞানীজনে ?

স্পুটনিক ভি, স্পুটনিক লাইট বুষ্টাৰ অ'মিক্ৰণৰ বিৰুদ্ধে অধিক কাৰ্যকৰী: RDIF

ক'ভিড-১৯ৰ অ'মিক্ৰণ ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত স্পুটনিক ভি, স্পুটনিক লাইট বুষ্টাৰে যথেষ্ট শক্তিশালী ৰূপত কাম কৰে(Sputnik V, Sputnik Light booster against Omicron) । শুকুৰবাৰে ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডে এই কথা প্ৰকাশ কৰে ।

লৈছিল তিনিপালি ভেকছিন, তাৰপিছতো আক্ৰান্ত অ’মিক্ৰণত

অ'মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা বৃদ্ধিয়ে পুনৰ দেশত মহামাৰীৰ ভয়াৱহতা বৃদ্ধি কৰিছে (US returnee tests positive for Omicron) । এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা উভতি অহা মুম্বাইৰ এজন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি । লোকজনে ফাইজাৰ ভেকচিনৰ তিনিওটা পালি গ্ৰহণ কৰিছিল ।

Happy Birthday Richa Chadha : এসময়ত আলোচনীত ইণ্টাৰ্ণ হিচাপে কাম কৰিছিল ৰিছা চড্ডাই

35 বছৰীয়া হ’ল বলীউডৰ অভিনেত্ৰী ৰিছা চড্ডা ৷ আলোচনীত ইণ্টাৰ্ণ হিচাপে কাম কৰি কেৰিয়াৰ আৰম্ভ কৰা ৰিছা বৰ্তমান বলীউডৰ এগৰাকী সফল অভিনেত্ৰী ৷ 2008 চনত মুক্তি লাভ কৰা "ঐ লাকী লাকী ঐ" ছবিৰ জৰিয়তে অভিনয় জীৱনৰ কেৰিয়াৰৰ পাতনি মেলিছিল ৰিছাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.