ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Sep 15, 2021, 3:04 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

নিমাতীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : নিমাতীঘাটত সলনি হ’ব পূৰ্বৰ ৰূপ

নিমাতীঘাট নাও দুৰ্ঘটনাৰ পাচত বুধবাৰে পুনৰ নিমাতীঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে নিমাতীঘাটত ৰ'পেক্স জাহাজৰ চলাচল নিৰীক্ষণ কৰে ৷ নিমাতীঘাটতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত বৈঠকত মিলিত হয় ৷

মৰণত শৰণ দি মাৰ নাৱেৰে যাতায়াত ৰূপহীমুখবাসীৰ

আমগুৰিৰ বানবিধ্বস্ত ৰূপহীমুখত হাহাকাৰ অৱস্থা । বিপদসংকুল যাতায়াত ব্যৱস্থাক লৈ শংকিত স্থানীয় ৰাইজ ৷ মাৰ নাৱেৰে(Boat) ইপাৰ-সিপাৰ হ’বলগীয়া হৈছে যাত্ৰীসকল ৷ নৈৰ ছিগা অংশত মাৰ নাৱেৰে দহখনৰো অধিক গাঁৱৰ লোকে মৰণকো বুকুত বান্ধি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে ।

COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ভাৰতত অব্যাহত আছে কৰ’ণাৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ ৷ ভাৰতৰ বৰ্তমানলৈ 3,25,22,171 গৰাকী ক’ৰণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৪,৪৩,৪৯৭ গৰাকীৰ ।

JEE-Main চতুৰ্থ পৰ্যায়ৰ ফলাফল : 44 গৰাকীৰ 100 শতাংশ নম্বৰ লাভ

মঙলবাৰে ঘোষণা কৰা হৈছে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-main ৰ চতুৰ্থ পৰ্যায়ৰ ফলাফল । শীৰ্ষ স্থান লাভ কৰিছে ১৮ গৰাকী প্ৰাৰ্থীয়ে ।

কলগাছিয়াত চিপিআইএমৰ বিক্ষোভ কাৰ্যসূচী

শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰে বিধানসভাত গৃহীত কৰা গো সুৰক্ষা আইনখনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বিতৰ্কিত এই আইনখন বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন স্থানত দল-সংগঠনে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

ভূমি পট্টা লাভৰ সম্ভাৱনাত চূণচালিবাসীৰ মুখত বিৰিঙিছে হাঁহি

চৰকাৰৰ নতুন ভূমি নীতি অনুসৰি চূণচালিবাসীক ভূমি পট্টা প্ৰদান কৰিবলৈ সাজু পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতি । কবুলা জমা দিয়াৰ নামত একাংশ লোকে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ ভূমি সংস্কাৰ সমিতিৰ ।

তিনি তালাকৰ ন্যায় বিচাৰি হাহাকাৰ অধিবক্তা পত্নীৰ

শিৱসাগৰত তিনি তালাকৰ(Triple Talaq) ঘটনা ৷ এগৰাকী অধিবক্তাক স্বামীয়ে দিলে আইন বিৰোধী তিনি তালাক ৷ থানাত এজাহাৰ দাখিলৰ পাচতো আৰক্ষীৰ অভিযুক্তলৈ বিশেষ দৰদ প্ৰদৰ্শনৰ অভিযোগ ৷ ন্যায় বঞ্চিত অধিবক্তা পত্নীয়ে তাঁতবাতি কাঢ়িছে থানালৈ ৷

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নতুন কাৰ্যালয়

আফ্ৰিকা এভিনিউ আৰু কস্তুৰবা গান্ধী মাৰ্গৰ দুটা নতুন কমপ্লেক্সলৈ স্থানান্তৰ কৰা হ'ব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয় । এই নতুন কাৰ্যালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

এশ শতাংশ নামভৰ্তি সুনিশ্চিত কৰাৰ দাবীত আমছুৰ স্মাৰক পত্ৰ

উচ্চতৰ মাধ্যমিক শাখাত ছাত্ৰ-ছাত্ৰীৰ এশ শতাংশ নামভৰ্তি সুনিশ্চিত কৰাৰ দাবীত মঙলবাৰে উত্তৰ শালমাৰা জিলা আমছুৱে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস : দেশৰ একনায়কত্বৰ বিৰুদ্ধে যুঁজ দিয়া গণতান্ত্ৰিক নেতাসকল...

‘আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস’ৰ(International Day of Democracy) অস্তিত্ব হৈছে গণতন্ত্ৰ(Democracy) ৷ এই বিষয়টো 1997 চনৰ 15 ছেপ্তেম্বৰত আন্তঃসংসদীয় ইউনিয়নে(Inter-Parliamentary Union) গ্ৰহণ কৰিছিল ৷ ই হৈছে ৰাষ্ট্ৰীয় সংসদসমূহৰ(National Parliaments) এক আন্তৰ্জাতিক সংগঠন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.