ETV Bharat / state

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

author img

By

Published : Jan 17, 2021, 11:01 AM IST

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

ভিআইপিত ছাত্ৰ সমাজৰ উত্তৰণৰ হকে উদ্যান শস্যৰ উপবন মুকলি

বৰঝাৰ বিমান বন্দৰৰ ভিআইপি চ'কৰ মিলন নগৰৰ নিজ বাসগৃহৰ প্ৰায় আঢ়ৈ বিঘা মাটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড° নলীন কুমাৰ মোহনে নিজৰ একক প্ৰচেষ্টাত একমাত্ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবেই মুকলি কৰিলে শৈক্ষিক জৈৱ-বৈচিত্ৰ্যৰ উপবন নামেৰে এখন উদ্যান শস্য ।

বৰপেটা ৰোডত বিজেপিৰ সংখ্যালঘু সন্মিলন

সৰভোগ সমষ্টিৰ মুঠ চাৰি হাজাৰ পাঁচশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে সংখ্যালঘু সন্মিলন খনিত ভাৰতীয় জনতা পাৰ্টিত শনিবাৰে যোগদান কৰে ৷

মঙ্গলদৈত প্ৰথম পৰ্যায়ৰ কভিড ভেকচিনৰ শুভাৰম্ভণি

শনিবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ দৰং জিলাৰ মঙলদৈতো আৰম্ভ কৰা হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷

হাফলঙত 72 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতিক লৈ জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা

জিলা উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত উপস্থিত থাকে আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু চৰকাৰী বিভাগৰ বিষয়া সকলৰ লগতে বিভিন্ন দল সংগঠন আৰু সামাজিক সংগঠনৰ প্রতিনিধি ।

বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন

আন আন জিলাৰ লগতে বঙাইগাঁৱতো শনিবাৰৰ পৰা আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ প্ৰথম পৰ্যায়ত জিলাখনৰ ২০০ গৰাকী ক'ভিড যোদ্ধাক প্ৰদান কৰা হ'ব এই ভেকচিন ৷

ৰহাত অগ্নিকাণ্ডত জাহ গ’ল মাদ্ৰাছা

অগ্নিকাণ্ডৰ ফলত ছাত্ৰাবাসত থকা বিচনা, কাপোৰ আচবাব আদিৰ লগতে সমগ্ৰ হোষ্টেলটো জুইত জাহ যায় । ইপিনে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ৰহা অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰে যদিও হোষ্টেলৰ সকলো বস্তু ভস্মীভূত হয় ।

মৰাণত লেখিকা জুৰী ৰাজখোৱা গগৈৰ প্ৰথম গ্ৰন্থ " ৰাগ-নন্দিনী" উন্মোচন

মৰাণ মহকুমা সাংবাদিক মঞ্চৰ উদ্যোগত মন্দাকিনী হোটেলৰ সভাকক্ষত লেখিকা জুৰি ৰাজখোৱা গগৈৰ প্ৰথম গ্ৰন্থ 'ৰাগ-নন্দিনী'ৰ উন্মোচন কৰা হয় । 'ৰাগ-নন্দিনী' গ্ৰন্থখনকলৈ পাঠকৰ মাজতো বিশেষ আগ্ৰহ দেখিবলৈ পোৱা গৈছে ।

বড়ো জনগোষ্ঠীৰ উন্নয়ন সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বৈঠক

উক্ত বৈঠকত বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), বড়ো হাৰিমু আফাতকে ধৰি কুৰিৰো অধিক বড়ো জাতীয় সংগঠনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

ধিঙত বিদ্যালয়ৰ পৰিচালনা কমিটি গঠনক লৈ উত্তপ্ত পৰিস্থিতি

বিগত 2020 চনৰ 31 ডিচেম্বৰ তাৰিখে পূৰ্বৰ পৰিচালনা কমিটিৰ ম্যাদ উকলি যোৱাৰ পাছত বিভাগীয় নিয়ম অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকে পৰিচালনা কমিটি গঠনাৰ্থে অভিভাৱকৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰে

অসম চৰকাৰৰ সৌজন্যত মাজুলীত মাৰাথান দৌৰ প্ৰতিযোগিতা

মাজুলী জিলা সদৰৰ গড়মূৰ মিনি ষ্টেডিয়ামত টিপকাইৰ উদ্যোগত আৰু অসম চৰকাৰৰ সৌজন্যত অনুস্থিত হয় মাৰাথান দৌৰ প্ৰতিযোগিতা ৷ শৰীৰ চৰ্চাৰ লগতে স্বচ্ছতাৰ প্ৰতি সজাগতাৰ এই অভিযানত অংশগ্ৰহণ কৰে মাজুলী জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.