ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ খবৰ

author img

By

Published : Oct 1, 2020, 10:59 AM IST

11 বজাৰ 10 টা শীৰ্ষ খবৰ

TOP 10 AT 11 AM
11 বজাৰ 10 টা শীৰ্ষ খবৰ

অৱশেষত জালত পৰিল দ্বিবন ডেকা

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা বিজেপি নেতা দ্বিবন ডেকাক গ্ৰেপ্তাৰ ৷ পাটাছাৰকুছি আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে দ্বিবন ডেকাক ৷

মহানগৰীত উচ্চ শিক্ষিত নৱবিবাহিতাই কৰিলে আত্মহত্যা

এগৰাকী উচ্চ শিক্ষিত মহিলাৰ আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীৰ মালিগাঁও অঞ্চলত ৷ আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰিছে এখন চিঠি ৷

হাথৰছ কাণ্ডৰ প্ৰতিবাদত ত্ৰিপুৰা যুৱ কংগ্ৰেছৰ মৌন সমদল

উত্তৰ প্ৰদেশত সংঘটিত মৰ্মান্তিক ধৰ্ষণকাণ্ডক গৰিহনা দিয়াৰ লগতে মমবাতি প্ৰজ্বলনেৰে এক মৌন সমদল বাহিৰ কৰি ধৰ্ষণকাৰীৰ উপযুক্ত শাস্তিৰ দাবী কৰিলে ত্ৰিপুৰা প্রদেশ যুৱ কংগ্রেছে ।

বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত জোৰ সমদল

বিটিএডিত ৰাজ্যপালৰ শাসন বলবৎ হৈ থকাৰ সময়তে অঞ্চলটোত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে বিপিএফকে ধৰি বিভিন্ন দল সংগঠনে আৰম্ভ কৰিছে এলানি প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে নিশাও বিটিএডিৰ বিভিন্ন প্ৰান্তত দেখা গ’ল জোৰ সমদলৰ কাৰ্যসূচী ৷

মৰিগাঁৱত বিদ্যুৎপৃষ্ট হৈ এজন ছাত্ৰৰ অকাল মৃত্যু

ম’বাইল চাৰ্জ দিবলৈ গৈয়ে অকাল মৃত্যুক সাবটি ললে মৰিগাঁৱৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰিন্টু শইকিয়াই ৷ শোকাৱহ ঘটনাটোৰ পিছতেই সমগ্ৰ অঞ্চলত পৰিছে শোকৰ ছাঁ ৷

কৰিমগঞ্জত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

কৰিমগঞ্জৰ চুড়াইবাৰী অঞ্চলত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ ৷ শৰীৰৰ অধিকাংশ জ্বলি যোৱা মৃতদেহটো কোনো যুৱকৰ বুলি ধাৰণা কৰা হৈছে যদিও স্থানীয় চুড়াইবাৰী আৰক্ষীয়ে এই পৰ্যন্ত্য যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

ৰামপুৰত শোকাৱহ পথ দুৰ্ঘটনা: এজন নিহত

এখন বাইকত তিনিজন আৰোহী গৈ থকাৰ অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটো থিতাতে নিহত হয় এজন আৰোহি ৷ গুৰুতৰ ভাৱে আহত আন দুজনক সংকট জনক অৱস্থাত প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷

আধাৰ কাৰ্ডৰ নামত চৰম হাৰাশাস্তিত ৰাজ্যবাসী

আধাৰ কেন্দ্ৰ দিয়াৰ আভুৱাভাৰি ধন আত্মসাৎ কৰা বুলি প্ৰণৱ দাস নামৰ এজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ৷ ইমানেই নহয় এই ভয়াৱহ সময় ছোৱাত ক'ভিড প্ৰট'কলক ধোৱা চাঙত তুলি দক্ষিণ শালমাৰাৰ এটা আধাৰকাৰ্ড কেন্দ্ৰত পৰিলক্ষিত হয় গ্ৰাহকৰ অভাৱনীয় ভিৰ৷ আনহাতে,আধাৰ কাৰ্ডৰ নামত বকোৰ ছমৰীয়াত উৎকোচ লৈ হাতে লোটে ধৰা পৰিল এজন বি এম ই ৷ মুঠতে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ আধাৰ কাৰ্ডৰ নামত চলিছে মিথ্যাচাৰ ৷

আঁচনি হ'ল,কামতহে নহ'ল ; খাবলৈ নাই বিশুদ্ধ খোৱাপানী

চৰকাৰেও আশা দিছিল ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ । ঠিকাদাৰ আহিল, ঘৰ বনালে, গাত খান্দিলে, ৰং দি ধুনীয়া কৰিলে প্ৰকল্প ৷ পানীও দিলে এদিনৰ বাবে ৷ কিন্তু তাৰ পিছৰে পৰা আজি সাত বছৰলৈ দেখা দেখি নাই কোনো বিভাগীয় লোকৰ ।

গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী

পুৰণি পেঞ্চন নীতি বাহাল, অস্থায়ী কৰ্মচাৰীক স্থায়ী নিযুক্তি প্ৰদান, ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ প্ৰত্যাহাৰ কৰা আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাই।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.