ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 16, 2022, 1:06 PM IST

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Padmanath Gohain Baruah Birth Anniversary : তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাক স্মৰণ

সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক তথা ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱাৰ আজি ১৫১ সংখ্যক ওপজা দিন (151th Birth Anniversary of Padmanath Gohain Baruah) ।

Congress Bharat Jodo Yatra : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ ১০০ দিন সম্পূৰ্ণ

ৰাহুল গান্ধীৰ নেতৃত্বত ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই ১০০ দিন সম্পূৰ্ণ কৰিলে (Bharat Jodo Yatra completes 100 days)। সম্প্ৰতি দলটো ৰাজস্থানত আছে । হিমাচলৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়েও ৰাজস্থানত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিছে ।

Scotty Distribution program: লখিমপুৰত মেধাবী শিক্ষার্থীলৈ বাণীকান্ত কাকতি বঁটা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Dr Banikanta Kakati Merit Award) প্ৰদান কৰি অহা হৈছে (Scotty Distribution program)৷ লখিমপুৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত শুকুৰবাৰে 1,482 গৰাকী মেধাবী শিক্ষার্থীক দিয়া হ’ব স্কুটী ৷

Gangster case against Mukhtar Ansari: গেংষ্টাৰ মুখতাৰ আনছাৰীক ১০ বছৰৰ কাৰাদণ্ড

গাজীপুৰৰ এখন আদালতে গেংষ্টাৰ মুখতাৰ আনছাৰী আৰু তেওঁৰ সহযোগী ভীম সিঙক ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে (Mukhtar Ansari sentenced to 10 years imprisonment)। দুয়োজনক প্ৰত্যেককে ৫ লাখকৈ টকাৰ জৰিমনাও আৰোপ কৰে । বুধবাৰে এক গেংষ্টাৰ গোচৰত এমপি এমএলএ আদালতে দুয়োজনৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰে ।

Most Wanted criminal Encounter: দলগাঁৱত চোৰাং চিকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ

দৰঙৰ দলগাঁৱত এনকাউণ্টাৰৰ ঘটনা (Encounter incident at Dalgaon) ৷ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে চোৰাং চিকাৰী আব্দুল মতিনক ভৰিত গুলীয়াই আহত কৰে ৷

Bihar hooch tragedy: বিহাৰত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৫৩ গৰাকী লোকৰ

বিহাৰত বিষাক্ত সুৰা পান কৰাৰ ফলত এতিয়ালৈ প্ৰায় ৫০ গৰাকী লোকৰ মৃত্যু হৈছে (53 died after consuming spurious liquor)। চাৰণ জিলাত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । ঘটনা সন্দৰ্ভত এতিয়ালৈ প্ৰায় ১২৬ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । মশ্ৰাকৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰীতেশ মিশ্ৰক নিলম্বন কৰা হৈছে । এতিয়াও চিকিৎসাধীন হৈ আছে কেইবাজনো লোক ।

Snatchers at Rangia: এডমিট কাৰ্ড লৈ চিলনী চোৰ উধাও

ধন লুট আৰু ডকাইতিৰ দৰে অপৰাধৰ ট্ৰানজিট পইন্টত পৰিণত হৈছে ৰঙিয়া (snatchers at Rangia)। ৰঙিয়াৰ ২ নং ডিমুত চিলনী চোৰৰ সন্ত্ৰাস । এইবাৰ পুঠিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰীৰ পৰা পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিলে টকা, মোবাইলসহ পৰীক্ষাৰ এডমিট কাৰ্ড (Bikers snatched money and admit card)। বৃহস্পতিবাৰে কামৰূপৰ পুৰণ বোৰ্কাৰ জুবি মহন্তই পৰীক্ষা দি ডিমুৰ এছ বি আইৰ এটিএমৰ পৰা 6 হাজাৰ টকা উলিয়াইছিল । তাৰ পিছতে চাইকেলেৰে ৰাওনা হৈছিল ঘৰ অভিমুখে ।

Forest land encroachment: দেশৰ বেদখলকৃত বনাঞ্চলৰ ৫৪ শতাংশই অসমৰ

দেশত সম্প্রতি ৭,০৩,১৫১.২৭ হেক্টৰ বনভূমি বেদখলকাৰীৰ কবলত আছে (Forest land encroachment in India)। ইয়াৰ ভিতৰত কেৱল অসমতে আছে ৩,৭৭,৫৩২.৬৩ হেক্টৰ বেদখলীকৃত বনভূমি । দেশৰ বেদখলীকৃত মুঠ বনাঞ্চলৰ ৫৩.৬৯ শতাংশই হৈছে অসমৰ (Forest land encroachment in Assam)। বিগত প্রায় তিনি বছৰত অসমত বেদখল হৈছে ৬০,৩১৭ হেক্টৰ বনভূমি । লোকসভাৰ মজিয়াত উন্মোচিত অসমৰ বনাঞ্চলৰ উদ্বেগজনক ছবি ।

Cylinder blast in Dibrugarh: ডিব্ৰুগড়ৰ বৰবৰুৱাত নিশা দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ

ডিব্ৰুগড় চহৰৰ বৰবৰুৱাত বৃহস্পতিবাৰে মাজনিশা সংঘটিত হয় ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ(Cylinder blast in Dibrugarh) । খগেন গগৈ নামৰ লোকজনৰ বাসগৃহত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহটো ৷ ঘটনাস্থলীত বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে(Fire incident in Dibrugarh) ৷ অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই চিলিণ্ডাৰ দুটাৰ বিস্ফোৰণৰ কাৰণ ৷ ইফালে এই অগ্নিকাণ্ডক কেন্দ্ৰ কৰি নিশা অঞ্চলটোৰ ৰাইজৰ মাজত এক আতংকময় পৰিবেশে বিৰাজ কৰে । ঘটনাত কোনো লোক হতাহত হোৱাৰ কথা জানিব পৰা হোৱা নাই ৷

Insult to Assamese language: বনছুৰ ধৃষ্টতা, অসমীয়া ভাষাৰ ফলকত সানিলে বগা ৰং

বৃহস্পতিবাৰে কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ জলসিঞ্চন বিভাগৰ পূৱ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হয় বনছুৰ এটা দল ৷ তাৰ পিছতেই কাৰ্যালয়টোত পূৰ্বৰে পৰা থকা অসমীয়া আৰু ইংৰাজী ভাষাৰ ফলকত বনছুৱে সানে বগা ৰং । 15জানুৱাৰীৰ ভিতৰত বড়োলেণ্ডৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়ীক প্ৰতিষ্ঠান আদিৰ ফলক বড়ো ভাষাত লিখাৰ দাবী বনছুৰ(BoNSU) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.