ETV Bharat / state

Operation against corruption: ঘোচ লৈ একেদিনাই হাত দাঙিলে তিনি চৰকাৰী কৰ্মচাৰীয়ে

author img

By

Published : Mar 3, 2023, 10:01 PM IST

Operation against corruption
ঘোচ লৈ একেদিনাই হাত দাঙিলে তিনি চৰকাৰী কৰ্মচাৰীয়ে

শিক্ষকৰ ঋণৰ প্ৰ-পত্ৰত চহী কৰোঁতে লাগে ১ হেজাৰ টকা ঘোচ । গোৱালপাৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৷ খানাপাৰাৰ পৰা আটক পেঞ্চনৰ কামৰ বাবে ঘোচ বিচৰা জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাসক ৷ কলিয়াবৰত গ্ৰেপ্তাৰ লাট মণ্ডল প্ৰাঞ্জল বৰাক (Operation against corruption) ৷

গুৱাহাটী, 3 মাৰ্চ: ৰাজ্যজুৰি অব্যাহত আছে চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযান । এই অভিযানৰ মাজতে শুকুৰবাৰে ৰাজ্যত গ্ৰেপ্তাৰ হয় তিনি ঘোচখোৰ চৰকাৰী কৰ্মচাৰী । দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল স্থিতি গ্ৰহণ কৰি অহা ৰাজ্য চৰকাৰৰ পুলিচ বাহিনীয়ে একেদিনাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰিলে তিনিজন ঘোচখোৰ কৰ্মচাৰীক । কলিয়াবৰ, গুৱাহাটীৰ খানাপাৰা আৰু গোৱালপাৰাত আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এই কৰ্মচাৰীকেইজন (Govt employees caught red handed) ।

লগতে পঢ়ক: HSLC question paper leaked: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ বিভ্ৰান্তি

গুৱাহাটীত আৰক্ষীৰ জালত পৰে খানাপাৰাৰ সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাস । গুৱাহাটীৰ খানাপাৰাৰ সমবায় ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দাসক । দাসে পেঞ্চনৰ কামৰ বাবদ লৈছিল উৎকোচ । দাবী কৰা ৫ হাজাৰ টকাৰ ৪ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । তেওঁৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ আধাৰত ০৮/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে (Govt employee arrest for taking bribe)।

সেইদৰে গোৱালপাৰাত আৰক্ষীৰ জালত পৰে এজন শিক্ষা বিষয়া । উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা শিক্ষা বিষয়াজন বজলুল বাছিত সৰকাৰ । তেওঁ মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া । আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই ঘোচ লৈ থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰে । তেওঁ এহাজাৰ টকা উৎকোচ লৈ আৰক্ষীৰ জালত পৰে । তেওঁৰ বিৰুদ্ধে ০৯/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে (Education officer arrested in Goalpara)।

লগতে পঢ়ক: Assam Flood 2022: বৰ্নাত্যৰ একাউন্টত ৯৫,১০০ টকাৰ পৰিৱৰ্তে সোমাল ১ টকা চৰকাৰী সাহায্য

আনহাতে, তৃতীয়জন চৰকাৰী কৰ্মচাৰী আৰক্ষীৰ জালত পৰে কলিয়াবৰত । নগাঁৱৰ কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল প্ৰাঞ্জল বৰাই মাটি কিনা-বেচাৰ অনুমতিৰ নামত বিচাৰিছিল ৩ হাজাৰ টকা । দুহেজাৰ টকা আগধন লওঁতেই ধৰা পৰে প্ৰাঞ্জল বৰা । তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ০৭/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰে (Lat mandal arrested in Kaliabar)। উল্লেখ্য যে, বিগত সময়ত দুৰ্নীতিগ্ৰস্ত কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী আৰক্ষীৰ জালত পৰিছে যদিও বন্ধ হোৱা নাই ঘোচ লোৱা প্ৰক্ৰিয়া ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.