ETV Bharat / state

মহানগৰীত পকেট মাৰৰ গ্ৰাসত সাংবাদিক

author img

By

Published : Oct 19, 2020, 7:40 PM IST

গুৱাহাটীত পকেটমাৰৰ তাণ্ডৱ ৷ চিটি বাছৰ চালক-হেণ্ডিমেনলৈ অভিযোগৰ আঙুলি ভুক্তভোগীৰ ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগীৰ ৷

Theft and robbery are on the rise in the metropolis
মহানগৰীত পকেট মাৰৰ গ্ৰাসত সাংবাদিক

গুৱাহাটী, 19 অক্টোবৰ : শেহতীয়াকৈ মহানগৰীত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা । গুৱাহাটীৰ চিটি বাছসমূহটো দেখিবলৈ পোৱা গৈছে পকেটমাৰৰ তাণ্ডৱ । সোমবাৰে পুনৰ গুৱাহাটীৰ পল্টনবজাৰত সংঘটিত হৈছে এনে এক ঘটনা ।

খানাপাৰাৰ পৰা পল্টনবজাৰলৈ আহি থকা অৱস্থাত চিটিবাছত মানিবেগ চুৰি কৰি নিলে এগৰাকী সংবাদকৰ্মীৰ । এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিক সৌৰভ চৌধুৰী কৰ্মসূত্ৰে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আহিছিল । তেনে অৱস্থাতে খানাপাৰাৰ পৰা অহা চিটিবাছত সংঘটিত হয় এই ঘটনাটো । তেখেতৰ চুৰি হোৱা বেগটোত আছিল সংবাদ প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, 3000 টকাসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ।

ভুক্তভোগী সাংবাদিক গৰাকীৰ মন্তব্য

সাংবাদিক গৰাকীয়ে জনোৱা অনুসৰি, AS 12AC 1130 নম্বৰৰ চিটি বাছখনত আহিছিল তেওঁ । চিটি বাছখনৰ চালক-হেণ্ডিমেনে এই চুৰিকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত কৰিছে সৌৰভ চৌধুৰীয়ে । ইফালে, ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিক গৰাকীয়ে ।

লগতে পঢ়ক : নাৰায়ণপুৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.