Republic day 2022 : দিল্লীৰ ৰাজপথত নাথাকিব অসমৰ প্ৰতীকপট

author img

By

Published : Jan 26, 2022, 8:48 AM IST

Republic day 2022

গণৰাজ্য দিৱসৰ পেৰেডত অসমে বীৰাংগনা কনকলতা বৰুৱাক মুখ্য কৰি স্বাধীনতা আন্দোলনত অসম আৰু অসমীয়াৰ পটভূমি উপস্থাপন কৰাৰ সুযোগ লাভ কৰিছিল যদিও চৰকাৰৰ উদাসীনতাৰ বাবেই প্ৰদর্শনত ব্যর্থ হ’ল অসমৰ প্ৰতীকপট (The tableaux of assam in Republic Day) ৷ প্ৰয়োজনীয় প্ৰায় ৫০ লাখ টকাৰ পুঁজি বিত্ত বিভাগে মোকলাই দিব নোৱৰাৰ বাবেই সময় মতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ওচৰত প্ৰতীকপটৰ প্ৰস্তাৱ দাখিল কৰাত ব্যর্থ হয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ ৷

গুৱাহাটী, 26 জানুৱাৰী : দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ পেৰেডত (Parade of Republic Day in Delhi) এইবাৰ দেখিবলৈ পোৱা নাযাব অসমৰ প্ৰতীকপট ৷ একমাত্ৰ পুঁজিৰ অভাৱৰ বাবেই গণৰাজ্য দিৱসৰ গৌৰৱময় ক্ষণত অসমৰ প্ৰতীকপট উপস্থাপন কৰিবলৈ ব্যর্থ হ’ল দিছপুৰ (The tableaux of assam in Republic Day) ৷ দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তীত কেন্দ্ৰীয় চৰকাৰে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ বিশাল আয়োজনৰ সময়তে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ অকর্মণ্যতাৰ বাবেই লজ্জানত হ’ল অসমবাসী ৷

গণৰাজ্য দিৱসৰ পেৰেডত অসমে বীৰাংগনা কনকলতা বৰুৱাক মুখ্য কৰি অসমৰ স্বাধীনতা আন্দোলনত অসম আৰু অসমীয়াৰ পটভূমি উপস্থাপন কৰাৰ সুযোগ লাভ কৰিছিল যদিও চৰকাৰৰ উদাসীনতাৰ বাবেই প্ৰদর্শনত ব্যর্থ হ’ল অসমৰ প্ৰতীকপট ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালৰ প্ৰথমটো গণৰাজ্য দিৱসৰ পেৰেডতে অসমৰ প্ৰতীকপট উপস্থাপন কৰিব নোৱাৰা বিষয়টোৱে মিত্ৰজোঁটৰ চৰকাৰৰ চৰম ব্যর্থতা বুলিও চর্চা লাভ কৰিছে ৷

Republic day 2022
গণৰাজ্য দিৱস 2022

নতুন দিল্লীৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ পেৰেড তথা সাংস্কৃতিক কার্যসূচীত ৰাজ্যসমূহে দেশ তথা বিশ্ববাসীৰ সন্মুখত প্ৰতীকপট প্ৰদর্শন কৰিবলৈ পোৱাটো গৌৰৱ আৰু সন্মানৰ বিষয় হিচাপে ধৰা হয় ৷ কিন্তু প্ৰতীকপট নির্মাণত প্ৰয়োজনীয় প্ৰায় ৫০ লাখ টকাৰ পুঁজি বিত্ত বিভাগে মোকলাই দিব নোৱাৰাৰ বাবেই সময়মতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ওচৰত প্ৰতীকপটৰ প্ৰস্তাৱ দাখিল কৰাত ব্যর্থ হয় অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ ৷

দুর্ভাগ্যজনকভাৱে অসমৰ সন্মানৰ বিষয় জড়িত থকা গণৰাজ্য দিৱসৰ পেৰেডত প্ৰতীকপট উপস্থাপন কৰাত ব্যর্থ হোৱাৰ পাছতো সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই বেপেৰুৱা মন্তব্য কৰি দায়সৰাৰ চেষ্টা চলোৱাহে দেখা গৈছিল ৷ মন্ত্ৰী বিমল বৰাৰ মতে দেশৰ প্ৰতিখন ৰাজ্যই প্ৰতিবছৰে গণৰাজ্য দিৱসত প্ৰতীকপট প্ৰদর্শনৰ সুযোগ লাভ নকৰে ৷ এই অংশ গ্ৰহণ বাধ্যতামূলকো নহয় ৷ প্ৰত্যেকখন ৰাজ্যই যে অংশগ্ৰহণ কৰিবই লাগিব, তেনে কোনো বাধ্যবাধকতা নাই ৷

সাংস্কৃতিক মন্ত্ৰীজনৰ এনে যুক্তিৰে বিপৰীতে অৱশ্যে প্ৰতীকপট উপস্থাপন কৰিব নোৱাৰা বিষয়টো অৱগত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংস্কৃতিক বিভাগৰ তদানীন্তন সঞ্চালক কিশোৰ ঠাকুৰীয়াক নিজৰ কার্যালয়লৈ তলৱ কৰিছিল ৷ ঠাকুৰীয়াই বিভাগৰ পুঁজিৰ অভাৱৰ বাবেই চৰকাৰে দিল্লীৰ পেৰেডত অংশ ল’ব নোৱাৰিলে বুলি স্পষ্ট কৰাত মুখ্যমন্ত্ৰীৰ ৰোষত পৰিব লগা হৈছিল সাংস্কৃতিক বিভাগৰ মুৰব্বীজন ৷

the tableaux of assam is not in the parade of republic day in Delhi
দিল্লীৰ ৰাজপথ

এই ঘটনাৰ পাছতে ঠাকুৰীয়াক সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰি সাংস্কৃতিক বিভাগত দেৱজিৎ খনিকৰক নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল ৷ শেষমূহুর্তত অসম চৰকাৰৰ ফালৰ পৰা প্ৰতীকপটৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো সঁহাৰি নিদিলে কেন্দ্ৰই ৷ অর্থাৎ দিছপুৰৰ চৰম উদাসীনতাৰ বাবেই বীৰাংগনা কনকলতা আৰু অসমৰ স্বাধীনতা আন্দোলনৰ জীয়া কাহিনীক দেশ তথা বিশ্ববাসীৰ সন্মুখত উপস্থাপনৰ পৰা বঞ্চিত হৈ ৰ'ব লগা হয় ৷

ইপিনে দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ লগতে পশ্চিমবংগৰো নাথাকে প্ৰতীকপট ৷ পশ্চিমবংগ চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱন আধাৰিত প্ৰতীকপটৰ প্ৰস্তাৱ দাখিল কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে মমতা বেনাৰ্জী চৰকাৰৰ প্ৰস্তাৱ নস্যাত কৰে ৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰতীকপট অনুমোদনৰ বাবে চিঠি দিয়াৰ পাছতো কেন্দ্ৰই কোনো সঁহাৰি নজনালে ৷

অৱশ্যে নতুন দিল্লীৰ পেৰেডত নেতাজীৰ প্ৰতীকপট প্ৰদর্শন নহ'লেও গণৰাজ্য দিৱসৰ দিনটোত কলকাতাৰ ৰাজপথত উক্ত প্ৰতীকপট প্ৰদর্শনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিমবংগ চৰকাৰে ৷ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপট প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অভিজিৎ মজুমদাৰে কয় যে, এয়া অসমৰ বাবে দুৰ্ভাগ্যৰ বিষয় ৷ আনহাতে, গান্ধী মণ্ডপত থকা সুউচ্চ পতাকাখনৰ ক্ষেত্ৰত বাৰে বাৰে বিসংগতি হোৱাৰ প্ৰসংগতো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে চাওক: Padma awards announced: চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.