ETV Bharat / state

বিহংগম দৃষ্টিত শিক্ষক দিৱস আৰু অসমৰ শিক্ষক সমাজ

author img

By

Published : Sep 5, 2022, 1:52 PM IST

শিক্ষাবিদ তথা মহান মনীষী সৰ্বপল্লী ৰাধাকৃষ্ণনে যি উদ্দেশ্যৰে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে উদযাপনৰ কথা কৈছিল, প্ৰকৃতাৰ্থত সেই উদ্দেশ্য কিমান সফল হৈছে ? আজি অসমত শিক্ষক সমাজ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । তেনেক্ষেত্ৰত চৰকাৰী বা বেচৰকাৰী পৰ্যায়ত ঢাক-ঢোল বজাই শিক্ষক দিৱস পালনৰ কিবা গুৰুত্ব আছেনে ? নিশ্চিতভাৱে এই বিষয়টোতো আলোকপাত কৰাৰ প্ৰয়োজন (teachers day and Assam teachers society) ।

Teachers day
Teachers day

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : আজি সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰে পালন কৰা হৈছে শিক্ষক দিৱস (Teachers day celebrated in India) । মহান মনীষী, শিক্ষাবিদ, দাৰ্শনিক, পণ্ডিত, ৰাজনীতিবিদৰ জন্মদিন ৫ ছেপ্টেম্বৰত সমগ্ৰ দেশে দেশ তথা সমাজৰ খনিকৰ শিক্ষকসকলক সন্মান তথা কৃতজ্ঞতা জনাই এই শিক্ষক দিৱস পালন কৰা হয় । দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাবে কাৰ্যভাৰ গ্ৰহণৰ পিছত ১৯৬২ চনৰ পৰা সমগ্ৰ দেশে মহান মনীষী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে পালন কৰি আহিছে ।

ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ কিছু শিক্ষাৰ্থী আৰু বন্ধুৱে তেওঁলোকক 5 ছেপ্টেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল (Birth anniversary of Radhakrishnan) । তেতিয়া তেওঁ কৈছিল, 'মোৰ জন্মদিন উদযাপন কৰাৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেন্তে ই মোৰ বাবে গৌৰৱান্বিত সৌভাগ্য হ'ব ।' এই কথাই এইটো প্ৰতীয়মান কৰে যে এইগৰাকী মহান দাৰ্শনিক তথা শিক্ষাবিদৰ শিক্ষক সমাজৰ প্ৰতি কিমান শ্ৰদ্ধা আৰু ভক্তি । ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে 'শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে' (Great philosopher Radhakrishnan) ।

হয়, আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত আমি সকলোৱে উপলব্ধি কৰোঁ যে শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন । যদি সেইটো নহয়, তেনেহ'লে শিক্ষকৰ কমাৰশালত গঢ়া শিক্ষাৰ্থীসকল কেতিয়াও দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব নোৱাৰে । কিয়নো আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক । আৰু এইসকল ছাত্ৰ-ছাত্ৰীক উপযুক্ত কৰি গঢ়ি তোলাৰ গুৰু দায়িত্বও শিক্ষকসকলৰ কান্ধতে । শিক্ষকসকল হৈছে সমাজ তথা দেশৰ খনিকৰ (Teachers day celebrated in Assam) । কিয়নো তেওঁলোকৰ আদৰ্শ আৰু জ্ঞানেৰে প্ৰলুব্ধ ছাত্ৰ সমাজেই ভৱিষ্যতে দেশক বিভিন্ন দিশত নেতৃত্ব দিয়ে ।

সেইফালৰ পৰা চাবলৈ গ'লে ছাত্ৰ সমাজক উচিত আদৰ্শৰে গঢ়ি তোলাটো শিক্ষক সমাজৰ অন্যতম প্ৰধান চৰ্ত । কিন্তু সিমানখিনি ত্যাগৰ বিনিময়ত জানো আমি শিক্ষকসকলক তেওঁলোকৰ প্ৰাপ্যখিনি সঁচা অৰ্থত প্ৰদান কৰোঁ ? নিশ্চিতভাৱে আজিৰ দিনটোত এইটো এক চিন্তা কৰিবলগীয়া বিষয় । কিয়নো আজিৰ শিক্ষক দিৱসৰ দিনটোত শিক্ষকসকলক লৈ আমি বিভিন্ন কাৰ্যসূচী পালন কৰি থকাৰ মাজতে এচাম শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজিবলগা হৈছে । ৰাজপথত নামিবলগা হৈছে, আনকি শিক্ষক দিৱসত শিক্ষকৰ আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত হৈছে ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আঁতৰাই থৈ আমি যদি আমাৰ ৰাজ্যখনৰ শিক্ষক সমাজৰ প্ৰতি দৃষ্টি দিওঁ তেনেহ'লে কিন্তু আজিৰ দিনটোত এক বিপৰীত ছবিহে ফুটি উঠে (Education system of Assam) । শিক্ষাবিদ তথা মহান মনীষী সৰ্বপল্লী ৰাধাকৃষ্ণনে যি উদ্দেশ্যৰে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে উদযাপনৰ কথা কৈছিল, প্ৰকৃতাৰ্থত সেই উদ্দেশ্য কিমান সফল হৈছে ? আজি অসমত শিক্ষক সমাজ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । তেনেক্ষেত্ৰত চৰকাৰী বা বেচৰকাৰী পৰ্যায়ত ঢাক-ঢোল বজাই শিক্ষক দিৱস পালনৰ কিবা গুৰুত্ব আছেনে ? নিশ্চিতভাৱে এই বিষয়টোতো আলোকপাত কৰাৰ প্ৰয়োজন (teachers day and Assam teachers society) ।

অসমৰ শিক্ষা ব্যৱস্থা বৰ্তমান একপ্ৰকাৰ অৱক্ষয়ৰ গৰাহত (Assam education system deteriorated) । চৰকাৰী পৃষ্ঠপোষকতাতেই শিক্ষা খণ্ডৰ এই অৱক্ষয় বুলিব পাৰি । এফালে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অভাৱ, আনফালে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত এক অনিশ্চিত ভৱিষ্যতক লৈ শংকিত এচাম শিক্ষক (Assam Govt schools problems) । পদ প্ৰাদেশিকীকৰণ, নিয়মিত দৰমহা, চাকৰিৰ অনিশ্চয়তা, বিদ্যালয় প্ৰাদেশিকীকৰণ আদি এশ এবুৰি চিন্তাৰ মাজত ককবকাই থকা শিক্ষক সমাজে কোনোবাখিনিত নিজৰ কৰ্তব্য পালনত উজুটি খাবলগাও হৈছে । কিন্তু তাৰ মাজতে চৰকাৰে এইসকল শিক্ষকে নিজৰ ন্যায্য় প্ৰাপ্তিৰ বাবে কৰা আন্দোলনক লৈ তুচ্ছ-তাচ্ছিল্য কৰাটোও শিক্ষক সমাজৰ বাবে আন এক পৰিহাস । শেহতীয়াভাৱে এই পৰম্পৰা অধিক বৃদ্ধি পাইছে ।

কংগ্ৰেছ চৰকাৰৰ তদানীন্তন শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মাই (former education minister Himanta Biswa) ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমুল পৰিৱৰ্তনৰ অংগীকাৰ ঘোষণা কৰিছিল । তাৰ পিছত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনটো এই সন্দৰ্ভত আগভাগ লৈছিল । নিশ্চিতভাৱে তাত ৰাজ্যৰ বৌদ্ধিক তথা শৈক্ষিক মহলে সমৰ্থন জনাই উক্ত প্ৰচেষ্টাক সাধুবাদ দিছিল । তেওঁৰ শিক্ষা ব্যৱস্থা সংস্কাৰৰ এক অন্যতম পদক্ষেপ আছিল ৰাজ্যত গুণগত আৰু যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তিৰ বাবে শিক্ষকৰ যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰাটো (development of education system in Assam) ।

লগতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক স্বচ্ছ আৰু নিকা ব্যৱস্থা ৰূপায়ণ কৰা । এইখিনিলৈকে ঠিকে আছিল । কিন্তু ইয়াৰ পিছত জানো ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণ ঘটিল ? এফালে টে'ট শিক্ষক নিযুক্তি, আনফালে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষাদানত ব্ৰতী হৈ অহা শিক্ষকসকলৰ মনোবেদনা । চৰকাৰে কিন্তু উক্ত শিক্ষকসকলৰ আবেদন-নিবেদন কৰ্ণপাত কৰিবলৈ যেন আগ্ৰহী নহয় ।

ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতো কিন্তু এই ছবিখনৰ সলনি হোৱা নাই । যিসকল শিক্ষকে পূৰ্বৰ ব্যৱস্থাৰ অধীনত শিক্ষকতা বৃত্তিত নিয়োজিত হৈ আহিছে, তেওঁলোৰ প্ৰতিও চৰকাৰৰ দায়িত্ব আছে (Teachers recruitment in Assam) । তেওঁলোকৰ পদ নিয়মীয়াকৰণকে ধৰি দৰমহা আন্তঃগাঁথনি নিৰ্মাণ তথা অন্যান্য সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো ভ্ৰূক্ষেপ নাই । তাৰ বিপৰীতে নিজৰ প্ৰাপ্য দাবী কৰা শিক্ষকসকলক বিভিন্ন মাধ্যমত গালি-গালাজ কৰাকে ধৰি ইতিকিং তথা ঠাট্টা-মস্কৰা আদিৰে শিক্ষকসকলক এক প্ৰকাৰ অপমান কৰি আহিছে (Teachers protest in Assam) ।

বহু টে'ট শিক্ষকৰ আজিলৈকে চাকৰি নিয়মীয়াকৰণ নহ'ল, পূৰ্বৰ বহু শিক্ষকে আজিও প্ৰাপ্য অধিকাৰৰ বাবে আন্দোলন কৰি আছে । বিনা বেতনে বহু শিক্ষকে জীৱন ত্যাগ কৰিলে । আনকি আত্মঘাতী হোৱাৰ ঘটনাও সংঘটিত হৈছে । বহু শিক্ষকৰ আকৌ ভৱিষ্যতক লৈও টনা-আঁজোৰা । শ্ৰেণীকোঠাৰ পৰিৱৰ্তে শিক্ষক সমাজে ৰাজপথত আন্দোলনত নামিবলগা হৈছে । বহু বিদ্যালয় বন্ধ কৰা হ'ল আৰু বহু বিদ্যালয় বন্ধ হোৱাৰ দিশে । বিদ্যালয় একত্ৰীকৰণৰ দ্বাৰা শিক্ষা নীতিক অৱমাননা, মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়কসকলৰ শিক্ষক সমাজৰ প্ৰতি দমনমূলক আচৰণ ।

ইমানৰ পিছতো জানো শিক্ষক দিৱস পালনৰ কিবা অৰ্থ থাকিব পাৰে ? যিসকল শিক্ষকক লৈ আজি চৰকাৰে শিক্ষক দিৱসৰ আয়োজন কৰিছে, তেওঁলোক যদি নিজে সুৰক্ষিত নহয়, নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিবলগা হয়, তেন্তে এই শিক্ষক দিৱস পালন অৰ্থহীন (CM Himanta Biswa Sarma) ।

অৱশ্যে এইখিনিতে এইটো কথাও উল্লেখ কৰিব লাগিব যে কিছু শিক্ষকৰ কেতবোৰ শিক্ষকতাৰ পৰিপন্থী কাৰ্যকলাপে শিক্ষকতা বৃত্তিত কালিমাও সানিছে । সেইসকল শিক্ষক নামধাৰী ব্যৱসায়ী তথা অপ-শিক্ষকৰ বাবে মাজে-সময়ে শিক্ষক সমাজো ৰাজহুৱা গৰিহণাৰ সন্মুখীন হ'বলগা হৈছে । তেনে শিক্ষকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে উচিত তদন্তৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাটোও চৰকাৰৰে দায়িত্ব । কিন্তু সেইবুলি সকলো শিক্ষককে কটু সমালোচনা কৰাটো বা শিক্ষক সমাজক কাঠগৰাত থিয় কৰোৱাটোও উচিত নহয় ।

আশাকৰো আজিৰ এই শিক্ষক দিৱসৰ মহান দিনটোৰ পৰাই অসমত শিক্ষা ব্যৱস্থা সুদৃঢ় কৰা আৰু সঠিক আন্তঃগাঁথনিৰে উন্নীত কৰাৰ লগতে শিক্ষক সমাজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰিব । লগতে শিক্ষক সমাজেও তেওঁলোকৰ গুৰু দায়িত্ব বুজি শিক্ষাদানত নিয়োজিত হৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত মানৱ কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰিব । শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত ৰাজ্য তথা দেশৰ শিক্ষক সমাজলৈ আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

লগতে পঢ়ক : আজি শিক্ষক দিৱস: শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে- ৰাধাকৃষ্ণন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.