চচলত জনজাতিকৰণৰ দাবীৰে বিক্ষোভ প্ৰতিবাদ টাইপাৰ

author img

By

Published : Sep 6, 2021, 1:24 PM IST

tai ahom yuba parishad protest in guwahati

জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত মহানগৰীৰ চচলত টাই আহোম যুৱ পৰিষদ অসম(Tai Ahom Yuba Parishad) চমুকৈ টাইপাৰ(TAYPA) প্ৰতিবাদ । উপ-নিৰ্বাচনৰ পূৰ্বে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ নকৰিলে উজনি অসমৰ তৈলখাদ বন্ধ কৰি দিয়াৰ হুংকাৰ টাই আহোম জনগোষ্ঠী সংগঠনটোৰ ।

গুৱাহাটী, 6 ছেপ্তেম্বৰ : টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে টাই আহোম যুৱ পৰিষদ অসম(Tai Ahom Yuba Parishad) চমুকৈ টাইপা(TAYPA) ৷ চৰকাৰৰ প্ৰতাৰণাত ক্ষুব্ধ হৈ টাইপাই 3 ছেপ্তেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান কৰিছিল ৷

ইয়াৰ অংশস্বৰূপে দেওবাৰে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত দিনৰ 11 বজাৰ পৰা তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে টাই আহোম যুৱ পৰিষদ, অসমৰ কামৰূপ জিলা সমিতিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে টাই আহোমসকলক শীঘ্ৰেই ভৈয়াম অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, আহোম স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা, আহোম যুগৰ প্ৰাচীন কীৰ্তি চিহ্নসমূহৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰা, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বাজেটত সন্নিবিষ্ট খিলঞ্জীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত 125 কোটি টকা মোকলাই দিয়াৰ বাবে চৰকাৰক দাবী জনায় ।

টাইপাৰ প্ৰতিবাদ

লগতে পঢ়ক: ঘৰে ঘৰে গৈ শিক্ষকক সম্বৰ্ধনা বৰক্ষেত্ৰী আছু আৰু AJYCP ৰ

সংগঠনটোৰ নেতৃবৃন্দই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Modi) নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে, 2016 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল ।

কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লগে লগে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণ ব্যৰ্থ হ’ল মোডী চৰকাৰ । প্ৰধানমন্ত্ৰীক মিছলীয়া আৰু প্ৰতাৰক আখ্যা দিয়াৰ লগতে ৰাজ্য চৰকাৰৰ ভূমিকাকো কঠোৰ ভাষাৰে সমালোচনা কৰে টাইপাই ৷ শীঘ্ৰেই টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে ৰাজপথলৈ ওলাই অহাৰ লগতে উজনি অসমৰ তৈলখাদ স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: তিনি শতাধিক যুৱক ISIS ত প্ৰশিক্ষণ লৈ হৈছে সাজু অসমত সোমাবলৈ : হিন্দু যুৱ ছাত্ৰ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.