ETV Bharat / state

Assam Govt job: পৰীক্ষাত উত্তীৰ্ণ হ’ল, কিন্তু চাকৰিৰ তালিকাতহে নাম নাহিল একাংশ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ

author img

By

Published : May 23, 2023, 8:41 PM IST

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ চূড়ান্ত তালিকাৰ পৰা বঞ্চিত হ’ল একাংশ বিশেষভাৱে সক্ষম প্ৰাৰ্থী (3rd and 4th grade recruitment final list) ৷ কিন্তু এই বঞ্চিত প্ৰাৰ্থীসকলে উত্তীৰ্ণ হৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত ৷ এই অভিযোগ ৰাজ্যৰ একাংশ চাকৰীৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ ৷

Assam Govt job
নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰাকক্ষণত সৃষ্টি হৈছে বেমেজালিৰ

নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰাকক্ষণত সৃষ্টি হৈছে বেমেজালিৰ

গুৱাহাটী, ২৩ মে’: আগন্তুক ২৫ মে’ তাৰিখে ৰাজ্য চৰকাৰে ৪৪,৭০৩ গৰাকী নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব (Assam Govt job) ৷ যাৰ বাবে গুৱাহাটীত আয়োজন কৰা হৈছে এখন বিশাল সমাৰোহ ৷ ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে তৃতীয় বৰ্গত ১১,০৪৮ গৰাকী, চতুৰ্থ বৰ্গত ১৩,৭৩৯ গৰাকী, অসম আৰক্ষীত ১২৭৯ গৰাকী, অসম পুলিচ ৰেডিঅ’ অৰ্গেনাইজেচনত ৫৫৩ গৰাকী, ‌অগ্নি আৰু জৰুৰীকালীন সেৱাত ৩৯ গৰাকী, হোম গাৰ্ডত ৩০৭ গৰাকী, জে’লত ৩০১ গৰাকী, আবকাৰী বিভাগত ২২২ গৰাকী আৰু ফৰেষ্ট বেটেলিয়নত ২৭২০ গৰাকী । আনহাতে অসম আৰক্ষীৰ ছহীদ পৰিয়ালৰ ২৩১ গৰ‍কীয়ে পাব নিযুক্তি ৷

কিন্তু এই নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰাকক্ষণত সৃষ্টি হৈছে বেমেজালিৰ । চৰকাৰে স্বাস্থ্য পৰীক্ষাৰ বিভিন্ন অজুহাত দেখুৱাই পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিচতো চাকৰি নিযুক্তিৰ পৰা বঞ্চিত কৰিছে ৰাজ্যৰ একাংশ বিশেষভাৱে সক্ষম প্ৰাৰ্থীক ৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ চূড়ান্ত তালিকাৰ পৰা বঞ্চিত এই বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলৰ এতিয়া নাম নাই নিযুক্তি পত্ৰ প্ৰদানৰ তালিকাত (3rd and 4th grade recruitment final list) ৷

এই অভিযোগ তুলিছে ৰাজ্যৰ একাংশ বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে ৷ অৱশেষত উপায়হীন হৈ সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী প্ৰাৰ্থাসকলে ৷

আনহাতে, মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি ২৫ মে’ ৪৪,৭০৩ গৰাকী নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদানৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে, স্বাস্থ্য বিভাগত মুঠ ৫২৮১ টা পদত নিযুক্তি হ’ব । সেইদৰে শিক্ষা বিভাগত মহাবিদ্যালয়ৰ অধ্যাপকৰ উপৰি তৃতীয়-চতুৰ্থ শ্ৰেণীৰ ৭০৪ টা পদত নিযুক্তি পাব । কলেজ শিক্ষকৰ সহকাৰী অধ্যাপক আৰু কৰ্মচাৰীৰ পৰীক্ষাৰ ফলাফল প’ৰ্টেলত উপলব্ধ কৰোৱা হৈছে । প্ৰাথমিক শিক্ষাত ৪৪৩৭ গৰাকী উত্তীৰ্ণ হৈছে আৰু ফলাফল প’ৰ্টেলত দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে, উচ্চ মাধ্যমিকৰ স্নাতক শিক্ষকৰ ২৩৩২ টা পদত নিযুক্তি দিয়া হ’ব । তেওঁ লগতে কয় যে, প্ৰাথমিক শিক্ষক নিযুক্তিত বাহিৰৰ কোনো লোকে নিযুক্তি পোৱা নাই । কাকতত প্ৰকাশ পোৱা বাতৰি শুদ্ধ নহয় । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰি বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিয়াত বাধা দিব নোৱাৰি বুলি তেওঁ কয় ।

লগতে পঢ়ক : UPSC result 2022 : UPSC পৰীক্ষাত পঞ্চম স্থান দখল অসমৰ ময়ূৰ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.