ETV Bharat / state

এ পি এছ চি দুৰ্নীতি : বক্ৰ পথেৰে চাকৰি লোৱা ৩৫ ৰাজপত্ৰিত বিষয়াৰ‌ বিৰুদ্ধে এছ আই টিৰ অভিযান অব্যাহত

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:01 PM IST

SIT Apprehends many Civil Servants in Connection to APSC Cash forJob Scam
এ পি এছ চি দুৰ্নীতি

এছ আই টিৰ অভিযানৰ পৰা বাচিবলৈ বক্ৰপথেৰে চাকৰি লোৱা একাধিক এপিএছ, এচিএছ বিষয়াৰ আত্মগোপন ৷ দুই বিষয়াক গ্ৰেপ্তাৰৰ পিচতে পেটতে হাত-ভৰি লুকাইছে আনসকলৰ ৷

গুৱাহাটী, ২৩ নৱেম্বৰ : এতিয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৫ ৰাজপত্ৰিত বিষয়া । ইতিমধ্যে বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৫ ৰাজপত্ৰিত বিষয়াৰ ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে ।

বৰ্তমান ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা আৰক্ষীৰ জিম্মাত আছে । কাহিলীপাৰাত ৰখা ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ বিশেষ তদন্ত গোট (এছ আই টি) য়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে । আজি এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক থুবে আজি বিয়লি বিশেষ সত্ৰ নায়াধীশৰ আদালতত হাজিৰ হয় ।

তেওঁ ধৃত ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ হস্তাক্ষৰৰ নমুনা সংগহৰ অনুমতি বিচাৰি বিশেষ সত্ৰ নায়ধীশৰ আদালতত আবেদন‌ কৰিছিল । এই আৱেদন আদালতে গৃহিত কৰি ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ হস্তাক্ষৰৰ নমুনা সংগহৰ অনুমতি প্ৰদান কৰে । এতিয়া এছ‌ আই টিয়ে ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱাৰ হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ বাবে ফৰেনছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰিব ।

ইপিনে আদালতৰ সম্মুখত সাংবাদিকে এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক থুবেক সোধা প্ৰশ্ন উত্তৰত কয় যে কোনো এজন অভিযুক্ত সাৰি নায়ায় । আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰি আছে । সকলো তথ্য পাতি‌ আৰক্ষীয়ে সংগ্ৰহ কৰিছে । সোনকালে আৰু নতুন খবৰ পোৱা যাব বুলি তেওঁ সদৰী কৰে ।

উল্লেখ্য যে, APSC কেলেংকাৰিৰ এছ আই টিৰ তদন্তত সাঙোৰ খাইছে ৩৭ জন বিষয়াৰ নাম । ইয়াৰে দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে । বাকী ৩৫ জন এতিয়াও মুকলি আকাশৰ তলত আছে । ২০১৩ চনত পৰীক্ষাত অৱতীৰ্ণ আৰু ২০১৫ চনত বাছনি লাভ কৰা এই বিষয়াসকলৰ বাছনিত সংঘটিত বিসংগতি এ পি এছ চি কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰা ন্যায়াধীশ (প্ৰাক্তন) বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ৩৪ জনৰ নাম উল্লেখ আছিল ।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এছ আই টিয়ে অভিযুক্ত কেবাগৰাকী ৰাজপত্ৰিত বিষয়াক বিচাৰি অভিযান অব্যাহত ৰাখিছে । ইয়াৰে গুৱাহাটী নিয়োগ কেন্দ্ৰৰ সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক এছ আই টিয়ে বিচাৰি পোৱা নাই । ছুটীত থকা ৰাকেশ দাসৰ নলবাৰীত থকা ঘৰত কালি নিশা আৰক্ষীয়ে অভিযান চলাইছিল ।

ইপিনে কেবাগৰাকী অভিযুক্ত ৰাজপত্ৰিত বিষয়া আত্মগোপন কৰা বুলি জানিব পৰা গৈছে । ছুটী লোৱা বহুতৰে‌ ম'বাইল ফোন পৰ্যন্ত আৰক্ষীয়ে বন্ধ পাইছে । ইপিনে অভিযুক্ত ১২ জন ৰাজত্ৰিত বিষয়াই অগ্ৰিম জামিন বিচাৰি অধিবক্তাৰে যোগাযোগ কৰি আছে বুলি জানিব পৰা গৈছে ।‌ কিন্তু এওঁলোকে এতিয়ালৈকে এছ আই‌টিৰ পৰা গ্ৰেপ্তাৰ পত্ৰ পোৱা নাই ।

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী: যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক (অপৰাধ) ছাহজাহান সৰকাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.