ETV Bharat / state

SI Junmoni Rabha Death Case: ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আৰু বিশ্বাস নাই অসমীয়া যুৱ মঞ্চৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 9:05 PM IST

SI Junmoni Rabha Death Case
অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ

জোনমণিৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিবলৈ ৯৯% পৰিকল্পনা কৰা হৈছে ৷ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস নাই । জোনমণিৰ ৰহস্যজনক মৃত্যুৰ ন্যায় যাতে ভগৱানে কৰে তাৰবাবে আগন্তুক অম্বুবাচী মেলাত ম'হ বলি দিব অসমীয়া যুৱ মঞ্চই ৷

অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ

গুৱাহাটী, ২৮ আগষ্ট: আগন্তুক অম্বুবাচী মেলাত ম'হ বলি দিব অসমীয়া যুৱ মঞ্চই । অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ১০০ দিন উকলি যোৱাৰ পিচতো ন্যায় নোপোৱাক লৈ ক্ষোভ প্ৰকাশ কৰে অসমীয়া যুৱ মঞ্চই । মঞ্চৰ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে মানুহৰ ওপৰত আস্থা হেৰাই যোৱাৰ কথা ব্যক্ত কৰি জোনমণিৰ ৰহস্যজনক মৃত্যুৰ ন্যায় যাতে ভগৱানে কৰে তাৰবাবে আগন্তুক অম্বুবাচী মেলাত ম'হ বলি দিয়াৰ কথা উল্লেখ কৰে ৷

তেওঁ কয়, চিবিআই, প্ৰশাসন তথা চৰকাৰে জোনমণিক ন্যায় দিব নোৱাৰে । ১০০ দিনীয়া তদন্তৰ পিচতো আজিলৈ জোনমণিৰ মৃত্যুৰ প্ৰকৃত তথ্য উদ্ঘাটন কৰিব নোৱাৰিলে । আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আৰু বিশ্বাস নাই । কিয়নো ধেমাজিৰ বোমা বিস্ফোৰণৰ ঘটনাৰ শুনানী গ্ৰহণ কৰি ন্যায়ালয়ে অভিযুক্তক দোষমুক্ত ঘোষণা কৰিলে । বোমা বিস্ফোৰণ কৰাসকল যদি কোনো শুসূত্ৰই আৰক্ষীয়ে উলিয়াব নোৱাৰিলে তেন্তে তদন্তকাৰী সন্থাৰ প্ৰয়োজন ক’ত বুলি প্ৰশ্ন কৰি আইনৰ ওপৰত তেওঁ বিশ্বাস নথকাৰ কথা উল্লেখ কৰে ৷

জোনমণিৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিবলৈ ৯৯% পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয়, অসমখন হৈছে মা কামাখ্যাৰ পীঠ । মা কামাখ্যাক দৰ্শন কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী আহে । ইমান উন্নত তথ্য প্ৰযুক্তি থকাৰ পাচতো এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যুৰ ১০০ দিনৰ পিচতো প্ৰকৃত তথ্য উদ্ঘাটন কৰিব নোৱাৰিলে ৷ সেয়ে মঞ্চই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি মঞ্চই আগন্তুক অম্বুবাচী মেলাত মা কামাখ্যাত ম'হ বলি দিয়াৰ সিদ্ধান্ত লৈছে ৷ তেওঁলোকে লীনা দলেক এই সন্দৰ্ভত গোপন কক্ষত সোধা-পোচা কৰাত তথা তেওঁক তদন্তৰ তথ্য ৰাজহুৱা নকৰাত অসন্তষ্ট ব্যক্ত কৰে ৷

লগতে পঢ়ক: Tough Questions to BJP Govt: ওপৰৰ মহল এজন ব্যক্তি নে বিজেপিক নেতৃত্ব লৈ থকা গোটেই শক্তি বিজেপিক ৰাজহুৱা কৰাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.