ETV Bharat / state

মহানগৰীত সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃজনৰ উদ্যোগত আলোচনা চক্ৰ

author img

By

Published : Dec 6, 2020, 10:27 PM IST

seminar-organised-in-ghy-by-socio-cultural-organization
মহানগৰীত সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃজনৰ উদ্যোগত আলোচনা চক্ৰৰ আয়োজন

নিবনুৱা যুৱক-যুৱতীক উদ্যোগমুখী কৰিবলৈ মহানগৰীত আলোচনা চক্ৰৰ আয়োজন ৷ সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃজনৰ উদ্যোগত অনুষ্ঠিত হয় আলোচনা চক্ৰখনিৰ ।

গুৱাহাটী, 6 ডিচেম্বৰ : দেওবাৰে মহানগৰীৰ চানমাৰীৰ পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অসমৰ সম্পদ উন্নয়ন তথা নিয়োগৰ সা-সুবিধাৰ উত্তৰণ বিষয়ক এক আলোচনা চক্ৰৰ আয়োজন কৰা হয় । সামাজিক সাংস্কৃতিক অনুষ্ঠান সৃজনৰ উদ্যোগত ৰাজ্যৰ যুৱ-প্ৰজন্মক নিয়োগমুখী কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হয় এই বিশেষ আলোচনা চক্ৰখনিৰ ।

আয়োজকৰ মন্তব্য

আলোচনা চক্ৰৰ মুখ্য বক্তাৰূপে উপস্থিত থাকে অধ্যাপক ডাঃ অমৰেন্দ্ৰ কলিতা, ডাঃ অমিয় কুমাৰ শৰ্মা, গুৱাহাটী কমাৰ্চ কলেজৰ মুৰব্বী অধ্যাপক সুদৰ্শন নাৰ্জাৰী আৰু অনু মণ্ডল । প্ৰায় শতাধিক নিবনুৱা যুৱক-যুৱতীক উদ্যোগমুখী কৰাৰ উদ্দেশ্যেৰে আমন্ত্ৰিত বক্তাসকলে তেওঁলোকৰ বক্তব্য দাঙি ধৰে আলোচনা চক্ৰত ৷

লগতে পঢ়ক : কামপুৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.