ETV Bharat / state

পুৱা 11 বজাত ৱেবচাইটত উপলব্ধ হ’ব মেট্ৰিকৰ ৰিজাল্ট

author img

By

Published : Jul 30, 2021, 6:51 AM IST

Updated : Jul 30, 2021, 7:14 AM IST

SEBA will declare HSLC and AHM final result today
মেট্ৰিকৰ ৰিজাল্ট

পুৱা 11 বজাত ৱেবচাইট (Website) যোগে ছেবাই ঘোষণা কৰিব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল । মুঠ 14 টা ৱেবচাইত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল ৷

নিউজ ডেস্ক, 30 জুলাই : অশেষ জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ৷ ইতিমধ্যে পৰীক্ষাৰ ফলাফলক লৈ যঠেষ্ট চৰ্চা অব্যাহত আছিল ৰাজ্যত ৷ ক’ভিডৰ বাবে অনুষ্ঠিত কৰিব পৰা নহ’ল এইবাৰৰ পৰীক্ষা ৷

পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ফলাফল ঘোষণাৰ ক্ষেত্ৰত বিমোৰত পৰিছিল শিক্ষাবিভাগ ৷ পৰৱৰ্তী পৰ্যায়ত বিশেষ মূল্যংকন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি ঘোষণা কৰা হ’ব ফলাফল ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে সৰ্বমুঠ 4,38,828 গৰাকী পৰীক্ষাৰ্থী আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছে 12,275 গৰাকী পৰীক্ষাৰ্থী ।

পুৱা 11 বজাত ৱেবচাইট (Website) যোগে ছেবাই ঘোষণা কৰিব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল । মুঠ 14 টা ৱেবচাইত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল ৷

পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল কেইবাটাও ৱেবচাইট (Website)ত লাভ কৰাৰ লগতে উক্ত ৱেবচাইট কেইটাৰ পৰা মাৰ্কশ্বিট (Marksheet) ডাউনলোড (Download) কৰি ল’ব পাৰিব । ইয়াৰে ভিতৰত কেইটামান ৱেবচাইট হ’ল- sebaonline.org, resutassam.nic.in, exametc.com, results.net, vidyavission.com, indiaresult.com, assamresults.in, jagaranjosh.com, schools9.com, assamjobalert.com, ahsec.assam.govt.in আৰু necarrier.com ৷

আনহাতে, অহা 31 জুলাই অৰ্থাৎ শনিবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ৷ উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 2,49,812 গৰাকী । ইয়াৰে 38,430 গৰাকী বিজ্ঞান শাখা (Science Stream)ত, 1,91,855 গৰাকী কলা শাখা (Arts Stream)ত আৰু 18,432 গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখা (Commerce Stream)ত অৱতীৰ্ণ হৈছে । বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে 1,081 গৰাকী পৰীক্ষাৰ্থী ।

লগতে পঢ়ক : ঘোষণা হ’ল মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিন

Last Updated :Jul 30, 2021, 7:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.