ETV Bharat / state

School Amalgamation Assam: বিদ্যালয় একত্ৰীকৰণৰ নামত শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতা

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:19 PM IST

চূড়ান্ত বেমেজালিৰে ৰাজ্যত কৰা হৈছে বিদ্যালয় একত্ৰীকৰণ ৷ বিদ্যালয় একত্ৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মন্তব্য এফালে, শিক্ষামন্ত্ৰী আনফালে ৷ শিক্ষাৰ অধিকাৰ আইন অনুসৰি যি হ’ব লাগিছিল, তেনে নহ’ল ৷

School Amalgamation Assam
বিদ্যালয় একত্ৰীকৰণৰ নামত শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচয়

গুৱাহাটী, ১৪ অক্টোবৰ : বিদ্যালয় একত্ৰীকৰণৰ নামত অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাক প্ৰহসনত পৰিণত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।‌ বিভিন্ন দল-সংগঠনে ইতিমধ্যে বি জে পি চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে সহস্ৰাধিক ৰাজহুৱা‌ বিদ্যালয় বন্ধ কৰাৰ বিৰোধিতা কৰি আহিছে । তেনে সময়তে অসমত বিদ্যালয় একত্ৰীকৰণৰ নামত মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা বিভাগৰ বৰমূৰীয়া ‌বিষয়া‌সকল, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিপৰীতমুখী কৰ্মকাণ্ডই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ‌ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ।

জধেমধে বিদ্যালয়ৰ একত্ৰীকৰণৰ ফলত বিদ্যালয় শিক্ষা বিভাগত নিত্য নতুন সমস্যাৰ উদ্ভৱ হ'বলৈ আৰম্ভ কৰিছে । শেহতীয়া তথ্য অনুসৰি, এই পর্যন্ত ৰাজ্যখনৰ সৰ্বমুঠ ১৭৭৮ খন বিদ্যালয়ৰ একত্ৰীকৰণ হৈছে । ইয়াৰে ভিতৰত ১০১৩ খন বিদ্যালয় মাধ্যমিক পৰ্যায়ৰ আৰু ৭৬৫ খন প্ৰাথমিক পর্যায়ৰ । এই একত্ৰীকৰণৰ ক্ষেত্ৰত পর্যাপ্ত শিক্ষার্থী নথকাটোৱেই মূল চৰ্ত হ’ব লাগে বুলি ২০২৩ বৰ্ষত জাৰি কৰা ৰেচনালাইজেচন অফিচ মেমোৰেণ্ডামত কোৱা হৈছে । কিন্তু প্ৰকৃততে সেয়া মানি চলা হোৱা নাই ।

ইপিনে, শিক্ষাৰ অধিকাৰ আইনত কোৱা হৈছে যে প্ৰতি এক কিলোমিটাৰত ন্যূনতম এখনকৈ প্ৰাথমিক বিদ্যালয়, প্ৰতি তিনি কিলোমিটাৰত এখনকৈ মজলীয়া বিদ্যালয় আৰু প্ৰতি পাঁচ কিলোমিটাৰত এখনকৈ উচ্চ মাধ্যমিক বিদ্যালয় থাকিব লাগে । কিন্তু শিক্ষাৰ অধিকাৰ আইনৰ ভুল ব্যাখ্যা কৰি ন্যূনতম এখনকৈ বিদ্যালয় থাকিবলগীয়া কথাটোক এক কিলোমিটাৰ, তিনি কিলোমিটাৰ বা পাঁচ কিলোমিটাৰত মাত্ৰ এখনকৈহে বিদ্যালয় থাকিব লাগে বুলি শিক্ষা বিভাগে নিদ্ধাৰণ কৰি‌ সেইমতেই‌ বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে ।

লক্ষ্যনীয় যে মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই ৰাজহুৱা সভা-‌সমিতিত বিদ্যালয় একত্ৰীকৰণৰ‌ ভুল ব্যাখ্যা কৰি আহিছে । যোৱা শুকুৰবাৰে তেজপুৰত ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণৰ আঁচনি উদ্ধোধন কৰি মুখ্যমন্ত্ৰীয়ে এক কিলোমিটাৰৰ ভিতৰত এখন বিদ্যালয় থকাৰ কথা বাৰে বাৰে দোহাৰিছিল । শিক্ষাৰ অধিকাৰ আইন অনুসৰি উল্লিখিত দূৰত্বত ন্যূনতম এখনকৈ বিদ্যালয় থাকিব লাগিব যদিও প্ৰয়োজনীয় সংখ্যাৰ শিক্ষক আৰু শিক্ষার্থী থাকিলে অধিক বিদ্যালয় থাকিব পাৰে ।

উল্লেখযোগ্য যে বিদ্যালয় একত্ৰীতকৰণৰ নামত আন এক বেমেজালিৰ সৃষ্টি হৈছে । একত্ৰীকৰণৰ ‘বেছ স্কুল'খনত শ্ৰেণীকোঠাকে ধৰি পর্যাপ্ত আন্তঃগাঁথনি নথকাকৈয়ে একত্ৰীকৰণ কৰা হৈছে । ফলত অতিৰিক্ত শ্ৰেণী আৰু শিক্ষার্থীক সামৰি লোৱাত গুৰুতৰ অসুবিধা হৈছে । ইপিনে, মজলীয়া স্কুল এখন হাইস্কুলত চামিল কৰিলে অৰ্হতাসম্পন্ন সহকাৰী শিক্ষকসকলে স্নাতক শিক্ষকৰ আৰু প্ৰাথমিক বিদ্যালয় এখন মজলীয়া বিদ্যালয়ৰ সৈতে চামিল কৰিলে প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষকসকলে মজলীয়া বিদ্যালয়ৰ শিক্ষকৰ সমপৰ্যায়ৰ দা-দৰমহা পাব লাগে । সেই বিষয়সমূহৰ ক্ষেত্ৰতো কোনো খেলিমেলি দূৰ কৰাৰ ব্যৱস্থা নাই ।

শেহতীয়াকৈ শিক্ষামন্ত্ৰী ৰণোজ‌ পেগুৱে এই‌ক্ষেত্ৰত হস্তক্ষেপ কৰিছে ।‌ ৩০ জনতকৈ কম শিক্ষার্থী থকা ১১২৭২ খন বিদ্যালয় আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰাৰ প্ৰস্তাৱটো শিক্ষা অধিকাৰৰ ভিত্তিত ৰূপায়ণ কৰাৰ বাবে শিক্ষামন্ত্ৰীয়ে শিক্ষা বিভাগক নিৰ্দেশ দিছে । তদুপৰি এই সন্দৰ্ভত এই সকলো বিষয় সামৰি বিদ্যালয় শিক্ষা বিভাগৰ সচিবক এখন বিতং প্ৰতিবেদন দিবলৈ তেওঁ নিৰ্দেশ দিছে ।

লগতে পঢ়ক: Scooty to Assam Teacher : চৰ্তসাপেক্ষে শিক্ষক-শিক্ষয়িত্ৰীয়ে লাভ কৰিব স্কুটী; চৰ্তত অন্তৰ্ভুক্ত শিক্ষাসেতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.