ETV Bharat / state

Assam govt NRI quota: এন আৰ আই কোটাত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ কি হ'ব ভৱিষ্যত !

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 9:46 PM IST

SC stays Assam govt's NRI quota
এন আৰ আই কোটাত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ কি হ'ব ভৱিষ্যত !

ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ । 'কোটা'ৰ জৰিয়তে এম বি বি এছত নামভৰ্তি কৰা ৩৩ গৰাকী শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতক লৈ উৎকণ্ঠিত অভিভাৱক । কোটাত নামভৰ্তি কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১২ জন, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ১১ জন, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ২ জন, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৩ জন, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ২ জন, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ১ জন আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ২ জনে এন আৰ আয়ে ।

গুৱাহাটী,২৭ আগষ্ট: কি হ'ব এন আৰ আই কোটাত এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ ? চিকিৎ‍সা শিক্ষাত এন আৰ আইৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পাচতে উদয় হৈছে এই প্ৰশ্নৰ । উল্লেখ্য যে, ১৫ জুনৰ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত মেডিকেল কলেজত প্ৰৱাসী অসমীয়াৰ বাবে আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

চৰকাৰী এই সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে আৰিৰুজ জামান নামৰ এজন ব্যক্তিয়ে দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা । সেই পি আই এলৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ সিদ্ধান্তটোৰ ক্ষেত্রত স্থগিতাদেশ দিয়ে উচ্চতম ন্যায়ালয়ে । লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে এম বি বি এছ পাঠ্যক্ৰমত এন আৰ আইৰ বাবে ৮ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত লৈছিল ।

চৰকাৰী সিদ্ধান্তৰ পাছতে বহু এন আৰ আয়ে মেডিকেলত নামভৰ্তি কৰিছিল । ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ডলাৰৰ বিনিময়ত মেডিকেল পাঠ্যক্ৰমত নামভৰ্তি কৰা প্ৰাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকল দুঃচিন্তাত পৰিছে ।

জানিব পৰা মতে ইতিমধ্যে ৰাজ্য চৰকাৰৰ এই ‘অফাৰ’ গ্ৰহণ কৰি ৩৩ গৰাকী প্ৰাৰ্থীয়ে এইবেলি এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰিছে । মুঠ ৮.২৫ লাখ ডলাৰৰ বিনিময়ত একপ্ৰকাৰ ৰাজ্যৰ মেডিকেল পাঠ্যক্ৰমৰ ৩৩ খন আসন বিক্ৰী কৰিছে ।

এই ৩৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১২ জন, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ১১ জন, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ২ জন, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৩ জন, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ২ জন, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ১ জন আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ২ জনে এন আৰ আই কোটাত নামভৰ্তি কৰিছে ।

কিন্তু উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা এন আৰ আই কোটাৰ নামভৰ্তিৰ বিষয়টোত স্থগিতাদেশ জাৰি কৰাৰ পিচত এই প্ৰাৰ্থীসকলৰ ভৱিষ্যৎ কি হ’ব তাক লৈ দুশ্চিন্তাত পৰিছে অভিভাৱকসকল ।

ইতিমধ্যে এম বি বি এছ পাঠ্যক্ৰমৰ প্ৰথম ষাণ্মাসিকৰ নিয়মীয়া ক্লাছ আৰম্ভ হৈছে । ৰাজ্যৰ চিকিৎসা শিক্ষা বিভাগৰ সূত্রই জানিবলৈ দিয়া মতে বর্তমানলৈ বিভাগটোৱে এই ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ চালি-জাৰি চাইহে বিষয়টোক লৈ সিদ্ধান্ত ল’ব চিকিৎসা শিক্ষা সঞ্চালকে । অৱশ্যে এই স্থগিতাদেশ সাময়িকহে । কিন্তু ৰাজ্য চৰকাৰৰ ‘অফাৰ’ গ্ৰহণ কৰি এতিয়া সন্তানৰ ভৱিষ্যৎ নষ্ট হোৱাৰ আশংকাত ভুগিছে এন আৰ আই হোৱাৰ কোটাত নামভৰ্তিৰ সুযোগ গ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ অভিভাৱকসকল ।

লগতে পঢ়ক: Press Meet of AAP: মুন্নাভাই এম বি বি এছ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে; আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.