ETV Bharat / state

Sarbananda sonowal celebrates Magh Bihu:মাঘ বিহু উদযাপন কৰি শৈশৱৰ স্মৃতি ৰোমন্থন কৰিলে কেন্দ্ৰীয় মন্ত্রী সোণোৱালে

author img

By

Published : Jan 15, 2023, 1:43 PM IST

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাঘ বিহুৰ উমাল পুৱাত গুৱাহাটীৰ জ্যোতিকুছিস্থিত বাসগৃহত ভোগালীৰ পৰম্পৰা পালন কৰি মেজি প্ৰজ্বলন কৰি সমাজৰ সৰ্বত্ৰ মংগল কামনাৰে অগ্নিদেৱতাৰ ওচৰত সেৱা জনায়(Union Minister Sarbananda Sonowal) ।

Sarbananda Sonowal celebrates Magh Bihu at his residence in Jyotikuchi Guwahati
ভোগালী বিহু উদযাপন কেন্দ্ৰীয় মন্ত্রী সোণোৱালৰ

ভোগালী বিহু উদযাপন কেন্দ্ৰীয় মন্ত্রী সোণোৱালৰ

গুৱাহাটী, ১৫ জানুৱাৰী: আজি ভোগৰ উৎসৱ ভোগালী বিহু (Magh Bihu 2023)। ৰাজ্যজুৰী পৰিলক্ষিত হৈছে মাঘ বিহুৰ পাৰভঙা উচাহ৷ পুৱাই মেজি জ্বলাই ৰাজ্যবাসীয়ে পালন কৰিছে ভোগালী বিহু ৷ মুঠৰ ওপৰত ৰাজ্যজুৰি বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ (Magh Bihu celebrates in Assam) ৷

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাঘ বিহুৰ উমাল পুৱাত গুৱাহাটীৰ জ্যোতিকুছিস্থিত বাসগৃহত ভোগালীৰ পৰম্পৰা পালন কৰি মেজি প্ৰজ্বলন কৰে (Union Minister Sarbananda sonowal) ৷ মেজি প্ৰজ্বলন কৰি সমাজৰ সৰ্বত্ৰ মংগল কামনাৰে অগ্নিদেৱতাৰ ওচৰত সেৱা জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তাৰ পাছতেই তেওঁ সাংবাদিকৰ লগতে উপস্থিত সকলোৰে সৈতে একেলগে ভোগালীৰ জলপান গ্ৰহণ কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলোকে মাঘ বিহুৰ আন্তৰিক ওলগ জনাই শৈশৱত পালন কৰা মাঘ বিহুৰ স্মৃতি ৰোমন্থন কৰে (Sarbananda sonowal celebrates Magh Bihu)। আনহাতে শেহতীয়াকৈ মুকলি কৰা বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰিভাৰ ক্ৰুজ 'গংগা বিলাস’ (Ganga Vilas Cruise) সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে গংগা আৰু ব্ৰক্ষ্মপুত্ৰৰ সংযোগ স্থাপনে সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰিলে ।

লগতে পঢ়ক: Bhogali Bihu Celebration : শ্রীশ্রী দক্ষিণপাট সত্রত ভোগালী বিহু উদযাপন

তেওঁ গংগা বিলাস’ সন্দৰ্ভত লগতে কয়, "গংগা আৰু ব্ৰক্ষ্মপুত্ৰ এই দুইখন বৃহৎ নদী আজিৰ তাৰিখত যিটো সংযোগ ব্যৱস্থা হৈছে ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছো ৷ কাৰণে তেখেতে যোৱা 8 বছৰে ভাৰতবৰ্ষৰ জনগণৰ বাবে সততা আৰু নিষ্ঠাৰে যিখিনি কাম কৰিছে তাৰ প্ৰতিগৰাকী নাগৰিকে নিজৰ জীৱনটো সন্মান সহকাৰে নিজৰ জীৱনটো গঢ় দিবলৈ সক্ষম হৈছে ৷ যিটো সুযোগ পূৰ্বৰ দিনত পোৱা নাই ৷ কংগ্ৰেছৰ দিনত পোৱা নাছিল ৷ গতিকে সেইকাৰণে আজিৰ তাৰিখত ৰাইজে তেখেতক আস্থা আৰু বিশ্বাসত লৈছে ৷"

মুঠৰ ওপৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তেওঁ লগতে কয় যে বিজেপি চৰকাৰে নদীসমূহৰ গুৰুত্ব উপলব্ধি কৰি এইক্ষেত্ৰত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিছে । জলপথৰ যাতায়াত ব্যৱস্থা কম খৰচি হয় আৰু প্ৰদুষনমুক্ত হয় । জি-২০ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ যোগেদি ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰা সম্পৰ্কে বিশ্ববাসীয়ে জানিব পাৰিব ।

লগতে পঢ়ক: Magh bihu in Assam : আজি ৰাজ্যজুৰি ভোগৰ ভোগালী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.