ETV Bharat / state

Assam cabinet expansion: অপসাৰিত হ’ব পাৰে সঞ্জয় কিষাণ !

author img

By

Published : Jun 2, 2022, 6:17 PM IST

Updated : Jun 2, 2022, 6:49 PM IST

অসম চৰকাৰৰ মন্ত্ৰীসভাখন ১৯ জনীয়া হোৱাটো নিয়ম । ৬ খন আসন এতিয়াও খালী হৈ আছে ড৹ শৰ্মা মন্ত্ৰীসভাত । সেয়ে অহা ৯ জুনত ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে (Assam cabinet expansion)।

Assam cabinet expansion: অপসাৰিত হ’ব পাৰে সঞ্জয় কিষাণ !
Assam cabinet expansion: অপসাৰিত হ’ব পাৰে সঞ্জয় কিষাণ !

নিউজ ডেস্ক, ২ জুন: ৯ জুনত ড৹ হিমন্তবিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ (Assam cabinet expansion) । বৃহস্পতিবাৰে কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীয়ে নিজেই এই ঘোষণা কৰাৰ পিছত স্বাভাৱিকতে বিগত এটা বছৰে মন্ত্ৰিত্বৰ সোৱাদ ল’ম ল’ম বুলি বোন্দাপৰ দি থকা বিধায়কসকলৰ মাজত খদমদম লাগিছে ।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ মন্ত্ৰীসভাখন ১৯ জনীয়া হোৱাটো নিয়ম । মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাখনৰ আকাৰ হ’ব লাগে ১৯ জনীয়া । বৰ্তমানৰ মন্ত্ৰীসভাখন হৈছে ১৩ জনীয়া । অৰ্থাৎ ৬ খন আসন এতিয়াও খালী হৈ আছে ড৹ শৰ্মা মন্ত্ৰীসভাত (Assam cabinet expansion news)।

আগন্তুক সম্প্ৰসাৰণত মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হ’বলগীয়া কেইবাজনো বিধায়কৰ নাম চৰ্চিত হৈ আছে । সেইসকলৰ ভিতৰত জয়ন্তমল্ল বৰুৱা, ৰূপজ্যোতি কুৰ্মী, পদ্ম হাজৰিকা, ড৹ পৰমানন্দ ৰাজবংশী, বলীন চেতিয়া, সুশান্ত বৰগোহাঁই আদি অন্যতম ।

ইপিনে প্ৰাপ্ত খবৰ মতে, আসন্ন এই সম্প্ৰসাৰণত বৰ্তমানৰ মন্ত্ৰীসভাখনৰ কিছু সাল-সলনিও ঘটাৰ সম্ভাৱনা আছে । সেই অনুসৰি শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা সঞ্জয় কিষাণ মন্ত্ৰীসভাৰ পৰা অপসাৰিত হ'লেও আচৰিত হ’বলগীয়া একো নাথাকিব (Sanjay Kisan may be removed from Assam cabinet)। সঞ্জয় কিষাণৰ পৰিৱৰ্তে চাহ জনগোষ্ঠীয় প্ৰতিনিধি হিচাপে হয়তো মন্ত্ৰীসভাত স্থান পাব পাৰে ৰূপজ্যোতি কুৰ্মীয়ে । এতিয়া অপেক্ষা মাথোঁ 9 জুনলৈ ৷

লগতে পঢ়ক : Assam cabinet expansion: অহা ৯ জুনত সম্প্ৰসাৰিত হ’ব অসম মন্ত্ৰীসভা !

Last Updated : Jun 2, 2022, 6:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.