ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সচেতন নাগৰিক মঞ্চ অসমৰ আলোচনা চক্ৰ

author img

By

Published : Dec 26, 2021, 5:24 PM IST

গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয় "সাম্প্রতিক সময়ত বিদ্বৎ সমাজৰ ভূমিকা" শীর্ষক এখন আলোচনা চক্র ৷ উক্ত অনুষ্ঠানত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষন প্ৰদান কৰে(Sachetan Nagarik Mancha Axom's seminar) ৷

কলাক্ষেত্ৰত সচেতন নাগৰিক মঞ্চ অসমৰ আলোচনা চক্ৰ
কলাক্ষেত্ৰত সচেতন নাগৰিক মঞ্চ অসমৰ আলোচনা চক্ৰ

গুৱাহাটী, ২৫ ডিচেম্বৰ : শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয় "সাম্প্রতিক সময়ত বিদ্বৎ সমাজৰ ভূমিকা" শীর্ষক এখন আলোচনা চক্র(Sachetan Nagarik Mancha Axom's seminar) ৷ উক্ত অনুষ্ঠানত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ প্ৰবীণ সাংবাদিক কনক সেন ডেকা, বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠক, অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া পল্লৱ ভট্টাচার্যৰ লগতে উপস্থিত থাকে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা, উজনি নামনিৰ প্ৰতিখন জিলাৰ মহাবিদ্যালয়ৰ অধ্যাপক, চিকিৎসক, অধিবক্তা, তথা লেখক-সাংবাদিক ।

‘‘দেশ স্বাধীন হোৱাৰ ৭৫ টা বছৰ অতিক্ৰম কৰিলে যদিও আজি পৰ্যন্ত স্বতন্ত্ৰ নহ'ল ৷ স্বাধীনতাৰ পৰা স্বতন্ত্রতালৈ অগ্ৰসৰ হ'ব লাগে আজিৰ প্ৰজন্ম । আজিৰ পৰা যদি স্বতন্ত্র হোৱাৰ যাত্রা আৰম্ভ কৰোঁ দেশ স্বাধীনতাৰ ১০০ বৰ্ষপূৰ্তিত দেশ বিশ্বগুৰু হ'ব ।’’ এই ভাষ্য প্ৰদান কৰে আৰ এছ এছৰ(RSS) অসম ক্ষেত্রৰ সহঃ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই । তেওঁ আৰু কয় যে, দেশৰ মূল সমস্যা নিবনুৱা সমস্যা । দেশত নিবনুৱা শিক্ষিতৰ মাজত, অশিক্ষিতৰ মাজত নহয় । ইয়াৰ অৰ্থ আমাৰ শিক্ষা ব্যৱস্থাত কেৰোণ (Lakes in education system in Assam)।

মাতৃভাষাত কথা ক'বলৈ পৰিহাৰ কৰি ইংৰাজী ভাষাত কথা কৈ গৌৰৱ কৰাসকল গোলামী মানসিকতাৰ লোক । নতুন প্রজন্ম যাতে সঠিক দিশত আগবাঢ়ি যায় তাৰ বাবে বিদ্বৎ সমাজে শিক্ষা দিব লাগিব । বৃটিছে দেশৰ সকলো ব্যৱস্থা ধ্বংস কৰি দিছিল ।

জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ পৃথক হ'ব নোৱাৰে । প্ৰতিটো জাতি-জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ বিকাশ নহ'লে অসমৰ প্ৰকৃত বিকাশ হ'ব নোৱাৰে । অসমৰ এটা জনগোষ্ঠীৰ লোকৰ ছাত্রই অসমীয়া ক'ব নোৱাৰে । এই ধাৰা অব্যাহত থাকিলে এসময়ত অসমৰ সংযোগী ভাষা হ'ব ইংৰাজী । নতুন প্ৰজন্মক সঠিক পথ দেখুৱাব লাগিব । ১৯৮৫ চনত দেখুৱাই দিলে আঞ্চলিক শক্তি কিমান । কিন্তু পাছত বিশ্বাসঘাটকতা কৰিলে ।

প্ৰবীণ সাংবাদিক কনক সেন ডেকাই কয় যে, যিখন দেশৰ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি আন দেশলৈ যাব নালাগে সেইখন দেশেই উন্নত । সম্প্ৰতি ভাৰতত চৰকাৰ এখনৰ অস্তিত্ব নাই । দেশৰ পৰিকল্পনা ভস্মীভূত হৈ গৈছে । ভৱিষ্যতে দেশৰ অৱস্থা আৰু শোচনীয় হ'ব । সংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্ব । জনগণৰ মাজত স্বাভিমান জগাই তুলিব নোৱাৰিলে দেশৰ বিকাশ অসম্ভৱ ।

অসমত বাস কৰা সকলো লোকেই বহিৰাগত । কোনোবা দুদিন আগত, কোনোবা দুদিন পাছত । ৰছিদ বহীৰে দেশৰ বিকাশ নহয় । দেশৰ ৰাষ্ট্ৰীয় সংগীতত উত্তৰ পূৰ্বাঞ্চলৰ কিবা প্ৰসংগ অন্তর্ভুক্ত হ'ব লাগে । যিসকলে অসমত জীন যাব খোজে সেইকলক বিদেশী বুলি গণ্য কৰিব লাগে । ছয় নম্বৰ দফাৰ প্ৰসংগ অবাস্তৱ"।

ইফালে উক্ত অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে । তেওঁ কয় যে "দেশত নতুন শিক্ষা নীতি কেতিয়াবাই আহিব লাগিছিল । সংস্থাপন নহ'লে শিক্ষাৰ প্ৰতি অনাস্থা আহিব । অসমৰ ভূমি হ্ৰাস হৈ আহিছে ইয়াৰ কাৰণ ভিন্ন"। একেদৰে সচেতন নাগৰিক মঞ্চৰ উপদেষ্টা অৱসৰ প্ৰাপ্ত আৰক্ষী সঞ্চালক পল্লব ভট্টাচার্যই কয় যে ,অসম আৰক্ষীত সংখ্যা যথেষ্ট কম । আন্তঃৰাজ্যিক সীমান্তত সীমা সঠিকভাবে নকৰা বাবে অসমৰ সীমা সমস্যা জটিল হৈ পৰিছে ৷ কেন্দ্রীয় চৰকাৰৰ এইক্ষেত্ৰত কৰণীয় বহুত । লগতে কৃষি ভূমি অনাকৃষি কামৰ বাবে বিক্রি কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে ।

গোপীনাথ বৰদলৈয়ে বহু কষ্ট কৰি ভূমি নীতি প্ৰস্তুত কৰিছিল । এই নীতি পুনৰ কাৰ্যকৰী হ'ব লাগে । ১৯৭১চনৰ আগত অহা সকলো অসমীয়া । প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ বিকাশৰ পদক্ষেপ ল'ব লাগে । স্কীল ডেভেলপমেন্ট সঠিক হোৱা নাই বুলিও উল্লেখ কৰে পল্লৱ ভট্টাচাৰ্যই । অসম লোক সেৱা আয়োগৰ প্ৰশ্ন প্ৰস্তুত কৰাৰ সময়ত অগ্ৰাধিকাৰ দিব লাগে আৰু APSC ৰ বহী পৰীক্ষণ ব্যৱস্থাত আন্তৰিকভাবে জড়িত হ'ব লাগে বুলি উল্লেখ কৰে প্ৰাক্তন আৰক্ষী বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক : বিদায় '২১ : সপৰিয়ালে অসম এৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.