ETV Bharat / state

উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বিজেপিয়ে গঠন কৰিলে বিশেষ সমিতি

author img

By

Published : Jul 24, 2021, 5:09 PM IST

উপ-নিৰ্বাচনক (By Election)লৈ বিজেপিৰ বিশেষ তৎপৰতা ৷ সাংসদ, মন্ত্ৰী, বিধায়কক লৈ গঠন কৰা হৈছে সমষ্টি ভিত্তিক সমিতি । চাৰিটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চাৰিখন কমিটী গঠন কৰিলে শাসকীয় দল বিজেপিয়ে ।

by polls of assam
উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বিজেপিয়ে গঠন কৰিলে বিশেষ সমিতি

গুৱাহাটী, ২৪ জুলাই : চাৰিটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়‍া উপ-নিৰ্বাচনৰ (By Election) বাবে সাজু হৈছে শাসক-বিৰোধী । অৱশ্যে বিৰোধী দলসমূহ ঐক্যবদ্ধ হৈ এক সহমতত উপনীত হোৱাৰ পূৰ্বেই শাসকীয় দল বিজেপিয়ে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখা গৈছে । সাংগঠনিকভাৱে উপ-নিৰ্বাচনলৈ সাঁজু হৈ থকা গেৰুৱা দলটোৱে সমষ্টি ভিত্তিক নিৰ্বাচনী প্ৰস্তুতি আৰু সামগ্ৰীক তদাৰকৰ বাবে সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita) নিৰ্দেশত গঠন কৰিছে উচ্চস্তৰীয় সমিতি ৷

এই সমিতিখনত আছে সাংসদ, মন্ত্ৰী, বিধায়ক তথা দলটোৰ জ্যেষ্ঠ কৰ্মকৰ্তা । সেই অনুসৰি মৰিয়নী সমষ্টিত (Mariyani Constituency) আহ্বায়ক হিচাপে মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী সঞ্জয় কিষাণক দায়িত্ব প্ৰদান কৰা হৈছে । মৰিয়নী সমষ্টিটোৰ বাবে সদস্য হিচাপে লোৱা হৈছে সাংসদ তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ পল্লৱ লোচন দাসৰ লগতে আলোক ঘোষ আৰু ৰমণী তাঁতীক ৷

Ruling BJP forms four committees for bypolls
উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বিজেপিয়ে গঠন কৰিলে বিশেষ সমিতি

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা মাজুলীৰ (Majuli Constituency) বাবে আহ্বায়কৰ দায়িত্ব লাভ কৰিছে মন্ত্রী ডাঃ ৰণোজ পেগু আৰু বিমল বৰাই ৷ মাজুলীৰ বাবে গঠিত সমিতি খনত সদস্য হিচাপে আছে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, বিধায়ক নৱ কুমাৰ দলে, বিজেপিৰ ৰাজ্যিক উপ সভাপতি পুলক গোঁহাই, মুখপাত্ৰ লক্ষ্য কোঁৱৰ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ বৰা, বীৰেণ শইকীয়া আৰু ডিএচিৰ মুখ্য কাৰ্যনিৰ্বাহক মাধৱ দেউৰী।

তামুলপুৰ (Tamulpur Constuituency) উপ নিৰ্বাচনৰ বাবে সমষ্টিটোৰ আহ্বায়কৰ দায়িত্বত মন্ত্ৰী ৰণজিত কুমাৰ দাস থকাৰ বিপৰীতে সদস্য হি়চাপে আছে বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ দুই কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, ধৰ্ম নাৰায়ণ দাস, প্ৰাক্তন বিধায়ক ইমানুৱেল মুচাহাৰী, বিটিচিৰ দুই এম চি এল এ বিজিত গৌৰা বসুমতাৰী, হেমন্ত ৰাভা, বিজেপি তামুলপুৰ জিলাৰ সভাপতি ৰাজেশ বড়ো । লগতে আছে আন এজন সদস্য ভিক্টৰ দাস ৷

আনহাতে গোঁসাইগাঁও সমষ্টিটোত (Gosaigaon Constituency) মন্ত্রী অশোক কুমাৰ সিংঘালক আহ্বায়ক হিচাপে লৈ গঠন কৰা সমিতিত সদস্য হিচাপে আছে বিধায়ক অজয় ৰায়, বিজেপি নেতা শিৱনাথ ব্ৰহ্ম, কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে', এম চি এল এ স্বজ্বল সৰকাৰ, বিজেপিৰ মণ্ডল সভাপতি উইলিয়াম নাৰ্জাৰী।

উল্লেখ্য যে, ২০২১ ৰ নিৰ্বাচনৰ পিছতে মৃত্যু হৈছিল তামুলপুৰ আৰু গোঁসাইগাঁৱৰ বিধায়কদ্বয়ৰ । আনহাতে মৰিয়নী সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰি কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে । সেইদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মোডী কেবিনেটত অন্তৰ্ভুক্ত হোৱাত মাজুলীও হ'ল বিধায়ক বিহীন । যাৰ পৰিপ্ৰেক্ষিতত চাৰিটা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন।

লগতে পঢ়ক: বগা হাতীত পৰিণত কৃষি বিভাগৰ ১০ কোটি টকীয়া প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.