ETV Bharat / state

Road Safety Awareness in Guwahati : 31 ডিচেম্বৰৰ বাবে সষ্টম হৈছে পৰিবহন বিভাগ

author img

By

Published : Dec 20, 2021, 5:35 PM IST

নৱবৰ্ষক আদৰিবলৈ ইতিমধ্যেই সাজু হৈছে ৰাজ্যবাসী ৷ 31 ডিচেম্বৰৰ দিনটোত প্ৰতিবছৰে অসাৱধানতাৰ ফলত অকাল মৃত্যুক সাৱটিব লগীয়া হয় বহুজনে ৷ যাৰ বাবে এইবাৰ অধিক কঠোৰ হৈছে পৰিবহণ বিভাগ (Road safety awareness program at Narengi) ৷

Road Safety Awareness
গুৱাহাটী পৰিবহণ বিভাগৰ পথ সুৰক্ষা সজাগতা সভা

গুৱাহাটী, 20 ডিচেম্বৰ : নৱবৰ্ষক আদৰিবলৈ ইতিমধ্যেই সাজু হৈছে ৰাজ্যবাসী (People ready to welcome New Year 2022)৷ তাৰ লগে লগে ৰাইজৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰ আৰু পৰিবহণ বিভাগে ৷ শনিবাৰে নিশা নাৰেংগীত কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণৰ অতিৰিক্ত দায়িত্ববাহী বিষয়া গৌতম দাসৰ তত্বাৱধানত অনুষ্ঠিত হয় পথ সজাগতা মূলক সভা (Road safety awareness program at Narengi) ৷

ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত ৰাইজৰ প্ৰতি আগবঢ়োৱা গুৰুত্বপূৰ্ণ আহ্বানৰ মহত্ব ৰাইজৰ আগত তুলি ধৰে পৰিবহণ বিষয়া গৌতম দাসে ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি তাৰ ক্ষীপ্ৰ সমাধানত মনোনিৱেশ কৰাৰ লগতে ৰাজ্যবাসীক এটা আপোন পৰিয়ালৰ দৰে হৃদয়ংগম কৰা বাবেই অতি আন্তৰিকতাৰে এই পথ সুৰক্ষাৰ আহ্বান জনাইছে ৷

পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা

কিয়নো বৰ্তমান সময়ত পথ দুৰ্ঘটনাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ সেয়ে পৰিবহণ বিষয়াগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ গুৰুত্ব উপলব্ধি কৰি পথ সজাগতাৰ বাবে সৰ্বস্তৰৰ ৰাইজক সচেতন হ’বলৈ কৰযোৰে প্ৰাৰ্থনা জনায় ৷

তেওঁ লগতে উল্লখ কৰে, 31 ডিচেম্বৰৰ দিনটোত প্ৰতিবছৰে অসাৱধানতাৰ ফলত অকাল মৃত্যুক সাৱটিব লগীয়া হয় বহুজনে ৷ যাৰ বাবে এইবাৰ অধিক কঠোৰ হ'ব পৰিবহণ বিভাগ ৷ চালক, আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট ৷ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা ৷ তাৰোপৰি মদ্যপান কৰি গাড়ী চলালে 10 হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে অত্যাধিক বেগত গাড়ী চলালেও জৰিমনা বিহা হ’ব বুলি সতৰ্ক কৰি দিয়ে পৰিবহণ বিষয়া গৰাকীয়ে ৷

এই সজাগতা সভাত উপস্থিত থাকি বিশিষ্ট বাঁহীবাদক তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাই ৰাজ্যত বিভিন্ন সময়ত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই, পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু ৰোধত সকলোকে সহায়-সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় ৷ ভূপেনদাৰ “মানুহে মানুহৰ বাবে ” গীতটি বাঁহীৰ সুৰত লহৰ তুলি জনসাধাৰণৰ মাজত পথ-সুৰক্ষা আৰু সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস চলালে শিল্পী গৰাকীয়ে ৷

অনুষ্ঠানটোত মহানগৰীৰ নামঘৰীয়া সমাজৰ কেইবাগৰাকীও দ্বিগজ ব্যক্তিয়ে অংশগ্ৰহণ কৰি তাল, খোল আৰু নাগাৰা বজাই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সকলোৰে সহায়-সহযোগিতা কামনা কৰে ৷ উক্ত সজাগতা মূলক সভাখনত চিত্ৰশিল্পী পৰাণ বন্তি দেৱী, এচিপি নীলোৎপল ডেকা, শিল্পী দীনেশ দাস, চানমাৰি ডিভিজনৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ উপ-পৰিদৰ্শক দীপক শইকীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: Traffic rules in Assam: হেলমেট পৰিধানক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.