ETV Bharat / state

Weather Forecast for North East: শীতত স্বাভাৱিক থাকিব অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা

author img

By

Published : Dec 22, 2021, 8:29 PM IST

এইবাৰ শীত কালত ঠাণ্ডাৰ পৰিমান যথেষ্ট বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছিল যদিও আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই ধাৰনাক নস্যাৎ কৰিছে ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া অধ্যয়নৰ ভিত্তিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সুনীত দাসে আগবঢ়াইছে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য(Weather forecast of Regional Meteorological Centre Guwahati) ৷

Weather Forecast for North East
শীতত স্বাভাৱিক থাকিব অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা

গুৱাহাটী, 22 ডিচেম্বৰ: এইবাৰ গৰমৰ দিনকেইটাত সৰ্বোচ্চ তাপমাত্ৰা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ঠাণ্ডাৰ দিনকেইটাত যথেষ্ট ঠাণ্ডা হ'ব বুলি বহুতে পূৰ্বানুমান কৰা হৈছে । কিন্তু গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই পূৰ্বানুমানক নসাৎ কৰিছে ৷

এইবাৰ গৰমৰ দিনকেইটাত সৰ্বোচ্চ তাপমাত্ৰা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ঠাণ্ডাৰ দিনকেইটাত যথেষ্ট ঠাণ্ডা হ'ব বুলি বহুতে পূৰ্বানুমান কৰা হৈছে । কিন্তু গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই পূৰ্বানুমানক একেষাৰে নসাৎ কৰিছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ(Regional Meteorological Centre Guwahati)ৰ শেহতীয়া অধ্যয়ন মতে এইবাৰ শীতকালত সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিক থাকিব । কোনো বিশেষ তাৰতম্য নহয় । এই সম্পৰ্কত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সুনীত দাসে কয় যে, শীতৰ কেইদিনত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিক থাকিব (Weather forecast for North East)। কোনোবা দিনা সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিকতকৈ অলপ বেছি থাকিব পাৰে বা কমো থাকিব পাৰে যদিও গড় হিচাপত চাবলৈ গ’লে শীতৰ কেইদিনত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাবিক হৈ থাকিব ।

শেহতীয়াভাৱে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য মতে, 2021 চনৰ ডিচেম্বৰৰ পৰা 2022 চনৰ ফেব্ৰুৱাৰী মাহলৈ শীতৰ কেইদিনত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিক থাকিব । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সুনীত দাসে কয় যে, শীতৰ কেইদিনত ধাৰাবাহিকভাবে যথেষ্ট ঠাণ্ডা নহয় । এদিন বা দুদিন একেলগে বেছি ঠাণ্ডা পৰিব পাৰে ।

শীতত স্বাভাৱিক থাকিব অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা

ইপিনে আঞ্চলিক বতৰ বিজ্ঞানী কেন্দ্ৰৰ বিজ্ঞানী সুনীত দাসক এইবাৰ শীত পলমকৈ অহা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শীত সাধাৰণতে নৱেম্বৰ মাহতে আহে । সেইপিনৰ পৰা চাবলৈ গ'লে এইবাৰো অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শীত নৱেম্বৰ মাহতে আহিছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, বুধবাৰে নাগালেণ্ড, মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বহু ঠাইত মধ্যমীয়া বৰষুণ হ'ব(Moderate rain)। আনহাতে অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কিছু ঠাইতো মধ্যমীয়া বৰষুণ হ'ব । বৃহস্পতিবাৰে নাগালেণ্ড, মনিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কিছু ঠাইত পাতলীয়া বৰষুণ হ'ব(Light rain in North East)।

শুক্ৰবাৰ, শণিবাৰ আৰু দেওবাৰে নাগালেণ্ড, মনিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত বতৰ শুকান (Dry weather in North East) থাকিব । অহা সাতদিনত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিক থাকিব যদিও অহা সোমবাৰ আৰু মঙ্গলবাৰে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সৰ্বোচ্চ তাপমাত্ৰা ২৫ ডিগ্ৰী ছেন্টিগ্ৰেট আৰু সৰ্বনিম্ন তাপমাত্ৰা ৯ ডিগ্ৰী ছেন্টিগ্ৰেট থাকিব ।

লগতে পঢ়ক: Snowfall In Himachal : হিমাচল প্ৰদেশত বৰফৰ শুভ্ৰ আচ্ছাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.