ETV Bharat / state

পূজাৰ বজাৰত মন্দাৱস্থা : পূৰ্বৰ ভিৰ নাই ফাচী বজাৰত

author img

By

Published : Oct 1, 2022, 8:45 PM IST

recession in puja Market
পূৰ্বৰ ভিৰ নাই ফাচী বজাৰত

আজি মহা ষষ্ঠী ৷ দুৰ্গা পূজাৰ এই ক্ষণটো পূৰ্বৰ দৰে ভিৰ নাই মহানগৰীৰ ফাঁচী বজাৰত ৷ মহানগৰীৰ ভিন্ন স্থানত গঢ়ি উঠা শ্বপিং মল আৰু অনলাইন বজাৰৰ প্ৰভাৱৰ ফলতে এইবাৰ পূজাৰ বজাৰ সৃষ্টি হৈছে মন্দাৱস্থাৰ (Recession in puja Market in Guwahati) ৷

গুৱাহাটী, ১ অক্টোবৰ : আজি মহা ষষ্ঠী ৷ ক’ভিড সৃষ্ট দুটা বছৰৰ পিছত এইবাৰ ধুমধামেৰে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো পূজাৰ আয়োজন কৰা হৈছে (Durga Puja prepartation in Guwahati)।

কিন্তু পূজাৰ বজাৰত পূৰ্বৰ দৰে নাই প্ৰাণ চঞ্চল ভিৰ । ফলত বহু ব্যৱসায়ীৰ জীৱিকালৈ প্ৰত্যাহ্বান আহিছে । পূজাৰ বজাৰ বুলিলেই সততে মনলৈ আহে ফাঁচী বজাৰৰ কথা । কিন্তু অনলাইন ব্যৱসায়ে বজাৰ দখল কৰি লোৱাত পূজাৰ বতৰত পূৰ্বৰ ভিৰ নাই মহানগৰীৰ ফাঁচী বজাৰত (Recession in puja Market in Guwahati) ।

recession in puja Market
পূৰ্বৰ ভিৰ নাই ফাচী বজাৰত

গুৱাহাটীৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলসমূহৰ লোকে পূজাৰ প্ৰায় এমাহ আগৰে পৰা পূজা উপলক্ষে কাপোৰৰ লগতে নিজৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰী বিচাৰি ভিৰ কৰে ফাঁচী বজাৰত । কিন্তু এতিয়া তেনে পৰিৱেশ নাই । ওচৰ চুবুৰীয়া ঠাইৰ লোকসকলে ফাঁচী বজাৰলৈ অহাৰ বিপৰীতে নিজ নিজ স্থানৰ শ্বপিং মল পৰা কাপোৰ লোৱাৰ লগতে অনলাইন কাপোৰ ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে ৷ ফলত ফাঁচী বজাৰৰ কাপোৰৰ ব্যৱসায়ীসকলৰ বিক্ৰী হ্ৰাস পাইছে ।

লগতে পঢ়ক : বাক্সাৰ বৰমাত আজিৰে পৰা আৰম্ভ বাৰোৱাৰী দুৰ্গা পূজা

ফাঁচী বজাৰৰ ব্যৱসায়ী একাংশই জনোৱা মতে, বিগত দুটা বছৰ ক’ৰণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ পিছত এইবাৰ পূজাৰ বজাৰ ভাল হ’ব বুলি আশা কৰিছিল । কিন্তু যোৱা বছৰৰ তুলনাত এইবাৰ ৫০% বিক্ৰীয়ে হ্ৰাস পাইছে । কাৰণ বিভিন্ন প্ৰান্তত গঢ়ি উঠা শ্বপিং মল আৰু অনলাইন ব্যৱসায়ৰ প্ৰভাৱ ৷

তদুপৰি GST কে আদি কৰি বিভিন্ন কৰৰ বোজা জনসাধাৰণৰ মূৰত জাপি দিয়াৰ ফলত এক প্ৰকাৰে কোঙা হৈ পৰিছে সাধাৰণ জনতা ৷ যাৰ প্ৰভাৱ এতিয়া দেখা গৈছে বিভিন্ন বজাৰসমূহৰ লগতে মহানগৰীৰ ফাঁচী বজাৰতো ৷ আনহাতে, আন একাংশ ব্যৱসায়ী উল্লেখ কৰা অনুসৰি, পূৰ্বতে মানুহে পূজাত ভাল কাপোৰ বিচাৰি ফাঁচী বজাৰলৈ আহিছিল ।

পূজাৰ বজাৰত মন্দাৱস্থা

কিন্তু এইবাৰ দামী কাপোৰৰ বিপৰীতে কম দামী কাপোৰহে বিচাৰি আহিছে ৷ অলপ দামৰ কাপোৰ পচন্দ হ’লেও ক্ৰয় কৰিব পৰা নাই একাংশ ব্যৱসায়ীয়ে । কলকাতা, দিল্লী, চুৰাটৰ পৰা কাপোৰ আনি ব্যৱসায়ীসকলে মজুত ৰাখিছে যদিও মজুত ৰখা কাপোৰ ৫০ শতাংশ বিক্ৰী হোৱা নাই ।

দুপৰীয়া ১২ বজালৈ এটকাও বিক্ৰী কৰিব পৰা নাই একাংশ ব্যৱসায়ীয়ে । ইপিনে পূজাৰ বজাৰত কাপোৰৰ মূল্য পূৰ্বৰ তুলনাত মাত্ৰ ১০% বৃদ্ধি পাইছে ।

লগতে পঢ়ক : যোৰহাটত লালকিল্লাৰ আৰ্হিত পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.