যোৰহাটত লালকিল্লাৰ আৰ্হিত পুজা মণ্ডপ

author img

By

Published : Oct 1, 2022, 2:15 PM IST

Durga Puja at Jorhat Town Station

শৰৎ ঋতুৰ আগমনে ধাৰালৈ আনিছে আনন্দৰ বন্যা (Durga Puja at Jorhat) ৷ দুৱৰিৰ দলিচাত শেৱালিৰ কোমল ৰঙা কলিটিয়ে বতৰা দিছে শৰৎ অহাৰ । শৰতৰ এই সুন্দৰ পৰিৱেশত আনন্দত আত্মহাৰা সকলো ৷ ধৰালৈ আহিছে মা দুর্গা ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে যোৰহাটতো শংখ, ঘন্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈছে আকাশ-বতাহ ৷

যোৰহাট, ১ অক্টোবৰ: আজি মহা ষষ্ঠী (Durga Puja 2022) । শংখ, ঘন্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈছে ৰাজ্যৰ আকাশ-বতাহ ৷ পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হৈছে দুৰ্গতিনাশীনিক ৷ শাৰদীয় দুৰ্গা পূজাকলৈ এতিয়া ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ (Durga Puja 2022 in Assam) । আনহাতে, আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৰাজ্যৰ পূজা মণ্ডপসমূহ ৷ ন ন আৰ্হিত সজাই তোলা হৈছে পূজা মণ্ডপসমূহ ৷

Durga Puja at Jorhat Town Station
যোৰহাটত লালকিল্লাৰ আৰ্হিত পুজা মণ্ডপ

আজাদি কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) সৈতে সংগতি ৰাখি যোৰহাট টাউন ষ্টেচনত (Durga Puja at Jorhat Town Station) লালকিল্লা আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে । দেশৰ স্বাধীনতা আন্দোলনত কাৰাবাস খাটি আৰু প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলৰ ফটো সম্বলিত প্ৰতিচ্ছবি অংকন কৰা হৈছে । তদুপৰি অমৰ জোৱানৰ (Amar Jawan Memorial at Jorhat) স্মাৰকো নিৰ্মাণ কৰা হৈছে । ৰাষ্ট্ৰীয় পতাকা (National Flag) লালকিল্লাত উৰি থকা দৃশ্যই সকলোৰে মন প্ৰাণ চুই গৈছে । লগতে টাউন ষ্টেচনত লালকিল্লাৰ লগতে অমৰ জোৱানসকলক শ্ৰদ্ধা জনাই অমৰ জোৱান স্মাৰক নিৰ্মাণ কৰা হৈছে ।

যোৰহাটত লালকিল্লাৰ আৰ্হিত পুজা মণ্ডপ

দুবছৰ বিৰতি অন্তত যোৰহাট জিলাৰ পূজা সমিতিসমুহে বিভিন্ন আৰ্হিত মণ্ডপ নিৰ্মাণৰ লগতে আলোক সজ্জাৰে সজাই তুলিছে । সকলো ভক্ত প্ৰাণ ৰাইজক আকৰ্ষিত কৰিবলৈ কোনো ধৰণৰ ত্ৰুটি কৰা নাই । যোৰহাট নগৰত এইবাৰ ৪৫খন পুজা স্থলী সাজু হৈছে ৰাইজক আদৰিবলৈ । জিলাখনত ৮৫খন পূজা মণ্ডপত পূজাৰ আয়োজন কৰা হৈছে ।

উল্লেখ্য যে, হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা । শাস্ত্ৰ মতে,আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয় । চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত । সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ । এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় । আনহাতে, পূৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় ।

লগতে পঢ়ক:শাৰদীয় দূৰ্গাপূজা উদযাপন সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.