বাক্সাৰ বৰমাত আজিৰে পৰা আৰম্ভ বাৰোৱাৰী দুৰ্গা পূজা

author img

By

Published : Oct 1, 2022, 1:47 PM IST

Barwari Durga Puja begins in Barma

বাক্সাৰ বৰমাত আজিৰে পৰা আৰম্ভ বাৰোৱাৰী দুৰ্গা পূজা (Durga Puja 2022) ৷ ৮৯ সংখ্যক পদাৰ্পন কৰা বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ ব্যাপক আয়োজনৰ বাবে ইতিমধ্যেই এখন শক্তিশালী সমিতি গঠন কৰা হৈছে । পূজা উপলক্ষে পাগলাদিয়া নদীত বাহৰ দলং, চিৰিয়াখানা, পাৰ্ক, এশ ফুট উচ্চতাৰ ৰাৱন বধ, চিনেমা প্ৰদৰ্শন, চাৰ্কাচ আৰু সাংস্কৃতিক অনুষ্ঠান স্মৰণিকা প্ৰকাশ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰা বুলি জানিবলৈ দিয়ে সভাপতি অজয় দাসে ।

বাক্সা, 1 অক্টোবৰ: আজিৰে পৰা আৰম্ভ হৈছে বাক্সা জিলাৰ ভিতৰতে লেখত ল’বলগীয়া আগশাৰীৰ বাৰোৱাৰী দুৰ্গা পূজা বৰমা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা ৷ ৮৯ সংখ্যক পদাৰ্পন কৰা বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ ব্যাপক আয়োজনৰ বাবে ইতিমধ্যেই এখন শক্তিশালী সমিতি গঠন কৰা হৈছে (Barwari Durga Puja begins in Barma)।

অজয় দাসক সভাপতি, ভাৰত তালুকদাৰক কাৰ্যকৰী সভাপতি, ভূপেন চন্দ্ৰ কলিতাক মুখ্য সম্পাদক আৰু ভাৰত ৰাজবংশী, নৱজ্যোতি বৰ্মনক যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা সমিতিখনে পূজাৰ ব্যাপক আয়োজনৰ বাবে দিনে নিশাই কাম-কাজ আগবঢ়াই নিয়া পৰিলক্ষিত হৈছে ।

বাক্সাৰ বৰমাত আজিৰে পৰা আৰম্ভ বাৰোৱাৰী দুৰ্গা পূজা

পূজা উপলক্ষে পাগলাদিয়া নদীত বাহৰ দলং, চিৰিয়াখানা, পাৰ্ক, ডাইন'চৰৰ আতংক, এশ ফুট উচ্চতাৰ ৰাৱন বধ, চিনেমা প্ৰদৰ্শন, চাৰ্কাচ আৰু সাংস্কৃতিক অনুষ্ঠান স্মৰণিকা প্ৰকাশ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰা বুলি জানিবলৈ দিয়ে সভাপতি অজয় দাসে । সমিতিয়ে প্ৰকাশ কৰা কাৰ্যসূচী মতে আজি পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি অজয় দাসে । বন্তি প্ৰজ্বলন মুকলি কৰে সমিতিৰ কাৰ্যকৰী সভাপতি ভাৰত চন্দ্ৰ তালুকদাৰে । ইয়াৰ পিছতে মুখ্য তোৰণ উন্মোচন কৰে বৰমা সমষ্টি বিধায়ক ভুপেন বড়োৱে ।

২ অক্টোবৰত পুৱা ৬ বজাত অকুমাৰী ছোৱালীৰ দ্বাৰা জল আনয়ন কাৰ্যসূচীৰ পিছতে মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব সমাজকৰ্মী ৰাজেন শৰ্মাই । পুৱা ৯ বজাত অনুষ্ঠিত হ’ব বিয়া নাম প্ৰতিযোগিতা । আবেলি ৫ বজাত স্মৰণিকা দেৱী দুৰ্গা উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক খগেন বৰ্মনে । সন্ধিয়া সুভাষ নাথৰ নাগাৰা নাম প্ৰদৰ্শন । ৩ অক্টোবৰৰ সন্ধিয়া অসমীয়া আৰু বড়ো আধুনিক একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । উদ্বোধন কৰিব সমাজকৰ্মী ৰমনী শৰ্মাই ।

ইফালে ৪ অক্টোবৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ’ব লোকগীত প্ৰতিযোগিতা । উদ্বোধন কৰিব অবসৰী অধ্যাপক দিলীপ কুমাৰ শৰ্মাই । সন্ধিয়া ৮ বজাত মহেন্দ্ৰ সিং সোৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব কৰুনা কলিতাই । ৫ অক্টোবৰত আবেলি ৪ বজাত দেৱী প্ৰতিমা লৈ নগৰ ভ্ৰমন কৰাৰ পিছত পাগলদিয়া নৈত বিসৰ্জন দিব ।

সন্ধিয়া ৫ বজাত ৰাৱণ দাহন অনুষ্ঠান উদ্বোধন কৰিব কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । কাৰ্যসূচীত কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব ৷ ৭ বজাত শ্বহীদ নিৰোদ শৰ্মা সোৱৰণী সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব কণ্ঠশিল্পী ৰুমী কছাৰীয়ে । ধৰ্মপ্ৰান ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতিত কামনা কৰে সভাপতি অজয় দাসে ৷

লগতে পঢ়ক: কুঁহিপাঠৰ আৰ্হিত তৈয়াৰ বিশ্বনাথ চাৰিআলিৰ এখন পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.