ETV Bharat / state

HSLC question paper leaked : বিজ্ঞানৰ পৰীক্ষা বাতিল প্ৰসংগত আটাছু আৰু AJYCP ৰ প্ৰতিক্ৰিয়া

author img

By

Published : Mar 13, 2023, 9:50 PM IST

HSLC question paper leaked
কাৰ ভুলৰ বাবে ফাদিল হ’ল প্ৰশ্নকাকত

দেওবাৰে ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিচতেই ছেবাই বাতিল কৰিলে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ পৰীক্ষা ৷ এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মা আৰু শিৱসাগৰৰ আটাছুৰ নেতা পাৰ্থ গগৈয়ে ব্যক্তি কৰিছে নিজৰ প্ৰতিক্ৰিয়া (Reaction on question paper leaked of HSLC) ৷

কাৰ ভুলৰ বাবে ফাদিল হ’ল প্ৰশ্নকাকত

জোনাই/ শিৱসাগৰ, ১৩ মাৰ্চ : বাতিল হ’ল আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ পৰীক্ষা । দেওবাৰে ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিচতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই (HSLC 2023 Science exam cancelled in Assam) । এই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন জনে ব্যক্ত কৰিছে নিজ মত (Reaction on question paper leaked of HSLC) ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মাই কয়, ‘‘এয়া অসম চৰকাৰৰ শিক্ষা বিভাগৰ বাবে লাজৰ বিষয় ৷ ইয়াৰ বাবে শিক্ষা বিভাগ গৰিহণাৰ যোগ্য । ছাত্ৰ-ছাত্ৰীৰ প্ৰথমখন দেওনা পাৰ হোৱা পৰীক্ষাক লৈ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰী জীৱনক লৈ হেতালি খেলিছে ৷ ৰাজ্যখনত প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই প্ৰকাশ পোৱা কোনো নতুন বিষয় নহয় ৷ ই অসম চৰকাৰৰ ফোপোলা স্বৰূপটো উদঙাই দি আহিছে’’ ।

লগতে তেওঁ কয়, ‘‘দক্ষ চৰকাৰ বুলি দম্ভালি মাৰি থকাৰ পৰিৱৰ্তে যদি ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ে পৰীক্ষা সংক্ৰান্তীয় এনেবোৰ বিষয়ত তীক্ষ্ণ নজৰ ৰাখিলে হয়, তেতিয়া হয়তো আজি পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ নাপালে হয় ৷ আনকি পৰীক্ষা বাতিল কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ নহ’লহেতেন ।

এনেকুৱা পৰিস্থিতিৰ বাবে শিক্ষা বিভাগ আৰু ছেবাক ধিক্কাৰ জানাইছো । মুখ্যমন্ত্ৰীয়ে এই বিষয়টিত হস্তক্ষেপ কৰিব লাগে আৰু তাৎক্ষণিকভাৱে তদন্ত কৰি দুখীক উচিত শাস্তি বিহিব লাগে ৷ যাতে আগন্তুক দিনত এনেধৰণৰ কাণ্ড ৰাজ্যখনত পুনৰ সংঘটিত নহয়’’ ৷

পৰীক্ষাৰ এদিন পূৰ্বে সামাজিক মাধ্যমত প্ৰশ্নকাকত ভাইৰেলক লৈ শিৱসাগৰতো দল-সংগঠনে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া । প্ৰশ্নকাকত ভাইৰেল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আটাছুৰ নেতা পাৰ্থ গগৈয়ে কয়, ‘‘অসমত আজিৰ তাৰিখলৈকে ছেবাই কোনো পৰীক্ষাই সুকলমে অনুষ্ঠিত কৰিব পৰা নাই ৷ এয়া ছেবাৰ ব্যৰ্থতা ৷ কেতিয়াবা যদি পৰীক্ষাৰ বহী গৰুৱে খায়, কেতিয়াবা আকৌ পৰীক্ষাৰ বহি উদ্ধাৰ হয় মাজ ৰাস্তাত ৷ এইবাৰো কোনো ব্যতিক্ৰম নহয়’’ ৷

লগতে তেওঁ কয় যে শিক্ষাৰ্থীৰ জীৱনৰ প্ৰথমখন দেওনা পাৰ কৰিব লওতেই ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে ছেবাই ৷ দুনাই যাতে এনে ঘটনা সংঘটিত নহয়, তাৰ বাবে চৰকাৰ আৰু শিক্ষা বিভাগক সকীয়ানী প্ৰদান কৰে আটাছুৰ নেতা পাৰ্থ গগৈয়ে ৷

লগতে পঢ়ক : HSLC Exam 2023: বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি বিৰোধীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.