HSLC question paper leaked: ৰাজ্যত প্ৰশ্নকাকতৰ বজাৰ; এখন প্ৰশ্নকাকতৰ দাম 15-20 হাজাৰ টকা

By

Published : Mar 13, 2023, 7:13 PM IST

thumbnail

যোৰহাট, 13 মাৰ্চ: পৰীক্ষাৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত দিয়াৰ নামত ৰাজ্যত চলিছে ব্যৱসায় ৷ এটা কল ৰেকৰ্ডিঙত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য ৷ এখন প্ৰশ্নকাকতৰ 15 নম্বৰৰ প্ৰশ্ন প্ৰদান কৰাৰ বাবদ আদায় কৰা হৈছিল তিনিহাজাৰ টকা ৷ সম্পূৰ্ণ প্ৰশ্নকাকতখন লাভ কৰাৰ বাবদ দিব লগা হৈছিল 15ৰ পৰা 20 হাজাৰ টকা (HSLC question paper leaked) ৷  

বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি ছেবাই পৰীক্ষা বাতিল কৰাৰ পাচতেই চৰ্চালৈ আহিছে দুটা WhatsApp নম্বৰ ৷ পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ ম’বাইললৈ মেচেজ আহে সেই নিৰ্দিষ্ট নম্বৰ দুটাৰ পৰা ৷ তিতাবৰৰ প্ৰাগজ্যোতিকা নামৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ বিকি ডোল্লা নামৰ এগৰাকী বিজ্ঞান শিক্ষকে পোহৰলৈ আনিছে এই সমগ্ৰ ঘটনা (HSLC science paper leaked) ৷ 

কি দৰে প্ৰশ্নকাকত ফাদিল হৈছিল সেয়া সংবাদমাধ্যমৰ আগত উল্লেখ কৰিছে বিজ্ঞান শিক্ষকগৰাকীয়ে ৷ শিক্ষকগৰাকীৰ চাঞ্চল্যকৰ ভাষ্যত পোহৰলৈ আহিছে ৰাজ্যত প্ৰশ্নকাকত ফাদিল কৰাৰ নামত চলি থকা এখন ভয়ংকৰ বজাৰৰ তথ্য ৷  

লগতে পঢ়ক: HSLC Gen Science exam: 30 মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.