ETV Bharat / state

১০০+ ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ৪২ লাখ বিজেপি কৰ্মকৰ্তাইঃ ৰঞ্জিৎ দাস

author img

By

Published : Feb 21, 2021, 8:48 PM IST

ৰণজিৎ দাস, ফণী শৰ্মা, দিলীপ শইকীয়াক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ । দিল্লীত নাড্ডাৰে বৈঠকত মিলিত । ১০০+ ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ৪২ লাখ বিজেপি কৰ্মকৰ্তাই । বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়া সভাত এই বক্তব্য ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ ।

দিল্লীত নাড্ডাৰে বৈঠকত মিলিত ৰঞ্জিৎ দাস
দিল্লীত নাড্ডাৰে বৈঠকত মিলিত ৰঞ্জিৎ দাস

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: 'অসমৰ ৪২ লাখ বিজেপি কাৰ্যকৰ্তা সহিতে আমি সকলোৱে বিজেপি+= ১০০+ লক্ষ্যত উপনীত হ'বৰ বাবে উদগ্ৰীৱ হৈ আছো', এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ । দেওবাৰে দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, ৰাষ্ট্ৰীয় উপ-সভাপতি ড° ৰমন সিং, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ প্ৰমুখ্যে ৰাষ্ট্ৰীয় বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়া সভাত এইদৰে বক্তব্য আগবঢ়াই ৰাজ্যিক সভাপতি গৰাকীয়ে ।

দিল্লীত নাড্ডাৰে বৈঠকত মিলিত ৰঞ্জিৎ দাস
দিল্লীত নাড্ডাৰে বৈঠকত মিলিত ৰঞ্জিৎ দাস

দেওবাৰৰ এই বৈঠকতে আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কত ৰাজ্যত দলৰ আৰু মিত্ৰদলৰ স্থিতি, সাংগঠনিক কাম-কাজকে আদি কৰি অসম চৰকাৰৰ সফলতা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । এই বৈঠকতে অসমৰ ৰাইজৰ বিজেপি দলৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস তথা ৰাজ্যত বিৰামহীনভাৱে দিনে-নিশাই কাম কৰি থকা ৪২ লাখ কাৰ্যকৰ্তাৰ আত্মবিশ্বাসৰ বলত ২০২১ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০০+ আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলি দৃঢ়তাৰে ৰাষ্ট্ৰীয় নেতৃত্বক অৱগত কৰে ৰঞ্জিৎ দাসে ।

লগতে পঢ়ক:মিৰ্জাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড : ৰাজপথৰ পৰা অপহৰণ কৰি নিলে ব্যৱসায়ীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.