আৰম্ভ হৈছে অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰা ষড়যন্ত্ৰ : Rajya Sabha MP অজিত ভূঞা

author img

By

Published : Nov 29, 2021, 5:06 PM IST

Conspiracy to Make Assamese Language Minority

"অসমত আৰম্ভ হৈছে অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ ৷ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সকলৰ স্থিতি আৰু ভূমিকাৰ ওপৰতেই অহা লোকপিয়লত অসমত অসমীয়া ৰাজ্যভাষা হৈ থাকিব নে নাই সেয়া নিৰ্ভৰ কৰিব ।" এক সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক অভিযোগ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা (Rajya Sabha MP Ajit Kumar Bhuyan) ৰ ৷

গুৱাহাটী, 29 নৱেম্বৰ : "অসমত অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰাৰ বাবে অসমত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে(Conspiracy to Make Assamese Language Minority)। ৰাজনীতি চলি আছে । যাৰ বাবে অসমীয়া ভাষা বিপদলৈ গৈ আছে ।" সোমবাৰে গুৱাহাটীৰ এখন হোটেলত আয়োজিত এখন সংবাদমেলত ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞা(Rajya Sabha MP Ajit kumar bhuyan)ই এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

তেওঁ কয় যে, অহা লোকপিয়লত অসমীয়া ভাষা কোৱা মানুহ ৩০ শতাংশ তললৈ নামি আহিলেও আচৰিত হ'বলগীয়া নাই । অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সকলৰ স্থিতি আৰু ভূমিকাৰ ওপৰতেই অহা লোকপিয়লত অসমত অসমীয়া ৰাজ্যভাষা হৈ থাকিব নে নাই সেয়া নিৰ্ভৰ কৰিব । তেওঁ কয় যে, অসমত হিন্দু আৰু মুছলমানৰ মাজত বিজেপি চৰকাৰে যিধৰণৰ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি(Politics of Communal Polarisation) কৰি আছে তাৰ পৰা অসমীয়া ভাষাৰ বেছি সংকট হ'ব ।

অজিত কুমাৰ ভূঞাই কয় যে, বাংলাদেশৰ পৰা অহা হিন্দু বঙালীয়ে অসমত আহি কেতিয়াও অসমীয়া ভাষাক আঁকোৱালি নলয় । তেওঁৰ মতে অসমত ভাষাৰ নামত বিভেদ সৃষ্টি কৰি থকা প্ৰদীপ দত্ত ৰয়ক চৰকাৰে বহুত আগতে গ্ৰেপ্তাৰ কৰিব লাগিছিল(Pradip Dutta Roy News) । কাৰণ প্ৰদীপ দত্ত ৰয়ে বহুত আগৰে পৰা অসমত ভাষাৰ নামত বিভেদ সৃষ্টি কৰি আছে ।

লগতে পঢ়ক: Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

শেষত চৰকাৰে জনমতৰ হেঁচাত বাধ্য হৈ প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল । অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ ভূমিকাক লৈ অজিত কুমাৰ ভূঞাই সন্দেহ প্ৰকাশ কৰি কয় যে, অসমীয়া ভাষা ৰক্ষাৰ কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই ব্যৰ্থতা প্ৰদৰ্শন কৰিছে । সংবাদমেলত সাংসদ গৰাকীয়ে অভিযোগ কৰি কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ছমাহত ভয়ংকৰ অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মিছা প্ৰতিশ্ৰুতি দি অসমীয়া জাতিক চূড়ান্ত প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰিছে । তেওঁ কয় যে, কেবিনেট বৈঠকত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাক আঁতৰাই দিয়া সিদ্ধান্ত(Withdrwal of Assamese language from APSC) গ্ৰহণ কৰি আৰু জনজাতীয় বেল্ট আৰু ব্লকসমূহৰ সংৰক্ষিত মাটিৰ বেচ-কিনাৰ ক্ষেত্ৰত থকা অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬ ৰ ১০ অধ্যায়ৰ মূল আত্মটোক নসাৎ কৰি অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছে । এইখন ঠগবাজি চৰকাৰ বুলি অজিত কুমাৰ ভূঞাই অভিযোগ কৰে ৷

লগতে পঢ়ক : Murder in Guwahati : মহানগৰীত ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে ককায়েকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.