ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা সৰ্বশ্ৰেষ্ঠ ঘোঁৰা বেপাৰী আৰু ঘোঁৰা পালক: ৰাইজৰ দল

author img

By

Published : Jun 24, 2022, 7:46 PM IST

Raijor Dal vice president
হিমন্ত বিশ্ব শৰ্মা সৰ্বশ্ৰেষ্ঠ ঘোঁৰা বেপাৰী আৰু ঘোঁৰা পালক: ৰাইজৰ দল

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ঘোঁৰা বেপাৰী আৰু ঘোঁৰা পালক হিচাপে বিবেচিত হৈছে (Raijor Dal on Maharashtra political crisis)। মুখ্যমন্ত্ৰীয়ে মনে মনে ৰেডিশ্বন ব্লুত চাফাৰী বাহনত উঠি লগ কৰিবলৈ গৈছিল মহাৰাষ্ট্ৰৰ ঘোঁৰা কেইটাক । এই মন্তব্য ৰাইজৰ দলৰ ৷

গুৱাহাটী, ২৪ জুন: দুটা দশকৰ পাছত এইবাৰ আটাইতকৈ ভয়ানক বানপানী হৈছে অসমত (Assam flood situation)। ৰাজ্যৰ ৩২ খন জিলাৰ ৫০ লক্ষাধিক লোক প্ৰলয়ংকাৰী বানত ককবকাই থকাৰ সময়তে কোনো কালে অসমৰ ৰাজনীতিৰ লগত সম্পৰ্ক নথকা মহাৰাষ্ট্ৰৰ ৪৪ গৰাকী বিধায়কক ৰেডিছন ব্লুত(Radisson Blu Hotel in Guwahati) আপ্যায়নৰ নামত অসম চৰকাৰে প্ৰতিদিনে ৮ লাখ টকা ধন অপচয় কৰাক দুৰ্ভাগ্যজনক আখ্যা দিছে ৰাইজৰ দলে ।

শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনে(Raijor Dal vice president) কয় যে, খাদ্য-পানীকে ধৰি সাহাৰ্য সামগ্ৰীৰ বাবে অসমৰ বানপীড়িত লোকে হাহাকাৰ কৰিবলগীয়া হোৱাৰ সময়তে মহাৰাষ্ট্ৰৰ পৰা অহা ৪৪ জন ঘোঁৰাক( Maharatra dissident MLA) অসম চৰকাৰে এনেদৰে ৰাজ আতিথ্য দিয়াটো অতি দুৰ্ভাগ্যজনক । বিশেষ চাৰ্টাৰ বিমানযোগে প্ৰায় পঞ্চাছ লাখ টকা ব্যয় কৰি মহাৰাষ্ট্ৰৰ পৰা অসমলৈ অহা ঘোঁৰা বিধায়কসকলক প্ৰতিদিনে খোৱাৰ নামত খৰছ হৈছে আঠ লাখ টকা আৰু থকাৰ নামত আজি পর্যন্ত খৰছ হৈছে এক কৌটি বাৰ লাখ টকা ।

হিমন্ত বিশ্ব শৰ্মা সৰ্বশ্ৰেষ্ঠ ঘোঁৰা বেপাৰী আৰু ঘোঁৰা পালক: ৰাইজৰ দল

চৰকাৰে তেওঁলোকৰ বাবে খৰচ কৰা এই ধন ক’ৰ পৰা আহিছে বুলি প্ৰশ্ন কৰে ৰাইজৰ দলে । দলৰ উপ-সভাপতি ৰাছেল হুছেইনৰ চাৰকাৰলৈ প্ৰশ্ন, অসমৰ লগত কোনো কালেই সম্পৰ্ক নথকা ঘোঁৰা কিয় আহিল অসমলৈ ? তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে মনেমনে ৰেডিচন ব্লুত চাফাৰী বাহনত উঠি লগ কৰিবলৈ গৈছিল মহাৰাষ্ট্ৰৰ ঘোঁৰা কেইটাক । সেয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ঘোঁৰা বেপাৰী আৰু ঘোঁৰা পালক হিচাপে বিবেচিত হৈছে ।

তেওঁ লগতে কয়, অসমৰ পঞ্চাছ লাখ মানুহ বানপানীত ককবকাই আছে অথচ মুখ্যমন্ত্ৰীয়ে উপয়ুক্তৰ ওপৰত দোষ জাপি দায়িত্ব সামৰিছে । দিল্লীয়ে অসমৰ বানাক্ৰান্তৰ বাবে পৰ্যাপ্ত ধন মোকোলাই দিয়া বুলি মুখ্যমন্ত্ৰীয়ে কৰা মিথ্যাচাৰ উদঙাই দি NDRF ৰ অধীনত দিল্লীৰ পৰা অসমলৈ অহা ধনৰ পৰিমাণ যে এইবাৰ সম্পূৰ্ণ শূন্য সেয়া তথ্য সহকাৰে দাঙি ধৰে । বিগত তিনিটা বছৰত NDRF ৰ নামত দিল্লীৰ পৰা মাত্ৰ ৪৪.৩৭ কৌটি টকা দিয়া হৈছিল বুলি মন্তব্য কৰি তেও কয় যে, ২০১৭ বৰ্ষত অসমৰ বানৰ নামত দিয়া ধনৰ পৰিমান আছিল শূন্য (NDRF fund to Assam flood)।

অসমক দিল্লীয়ে এনেদৰে বঞ্চনা কৰি অহাৰ কথা ব্যক্ত কৰি ৰাইজৰ দলৰ নেতাগৰাকীয়ে কয়, ২০১৭ চনত অসমত বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক প্ৰধানমন্ত্ৰী সাহায্য পূঁজিৰ পৰা দুই লাখ টকাকৈ দিয়াৰ কথা কৈছিল যদিও নিদিলে । অথচ আন ৰাজ্যৰ বাবে হাজাৰ হাজাৰ কোটি টকা আৱণ্টন দিয়ে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰেডিচন ব্লুৰ পৰা পোৱা GST ৰ টকাৰে বান সাহায্য দিব বুলি কোৱা বক্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাছেল হুছেইনে । যদিহে চৰকাৰৰ ধন নাই তেন্তে অসমত দিল্লীয়ে ধন উপচাই দিয়া বুলি মুখ্যমন্ত্ৰীয়ে কিয় কৈছিল বুলি প্ৰশ্ন কৰে ৰাইজৰ দলৰ উপ-সভাপতিগৰাকীয়ে । তেও কয়, মুখ্যমন্ত্ৰীয়ে কৈছে মহাৰাষ্ট্ৰৰ বিধায়কে অসমত ভাল হোটেল আছে কাৰণে আহিছে আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কৈছে মহাৰাষ্ট্ৰৰ বিধায়কসকল অসমলৈ অম্বুবাচী মেলা চাবলৈ আহিছে ।

আনহাতে মুখ্যমন্ত্ৰীৰ সোঁৱে-বাৱে থকাসকলে ৰেডিচন ব্লুত চকীদাৰী কৰাৰ পৰিৱৰ্তে বানাক্ৰান্তক সহায় কৰাৰ বাবে আহ্বান জনায় ৰাইজৰ দলে । এনেধৰণৰ কৰ্মই অসমৰ পঞ্চাছ লাখ বানপীড়িতক চৰকাৰে অপমান কৰা বুলি উল্লেখ কৰি মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক অতি সোনকালে ৰেডিছন ব্লু খালি কৰিবলৈ আহ্বান জনায় ৰাইজৰ দলে ৷ অন্যথা ৰাইজৰ দলে ৰাজপথত প্ৰবল আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ।

ইফালে চুপাৰ চাকাৰৰ বিফলতাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ নেতৃবৃন্দই কয়, চুপাৰ ছাকাৰৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে কিন্তু ইয়াৰ কৰ্মচাৰীসকলক মহিলী বেতন আজিলৈ দিব পৰা নাই (Super Sucker in Guwahati)।

লগতে পঢ়ক: Maharashtra political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ বাবে সাত দিনলৈ বুকিং ৰেডিশ্বন ব্লু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.