RS MP Ranjan Gogoi:পুনৰ চৰ্চাত ৰঞ্জন গগৈ: ৰাজ্যসভাত তেনেই কম উপস্থিতিৰ হাৰ, সোধা নাই এটাও প্ৰশ্ন

author img

By

Published : Dec 16, 2022, 6:02 PM IST

Updated : Dec 16, 2022, 6:46 PM IST

RS MP RANJAN GOGOI

মৌনীবুদ্ধ হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ ৷ 2020 ৰ মাৰ্চ মাহৰ পৰা 2022 ৰ ডিচেম্বৰ মাহলৈ সদনত দুই-এদিনহে উপস্থিত থকা দেখিবলৈ পোৱা গৈছে ৰঞ্জন গগৈক ৷ পি আৰ এছ লেজিষ্টেটিভ ৰিচাৰ্ছৰ এক প্ৰতিবেদনত দাঙি ধৰা হৈছে ৰাজ্যসভাৰ সাংসদ হিচাপে ৰঞ্জন গগৈৰ ব্যৰ্থতাৰ ছবিখন ৷

গুৱাহাটী,১৬ ডিচেম্বৰ: সাধাৰণতেই কথা কমকৈ কয় ৬৮ বছৰীয়া মানুহজনে ৷ অৱসৰৰ পিছতো তেঁও কথা ক’লেই বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ৷ কিন্তু মানুহজনে জনতাক প্ৰতিনিধিত্ব কৰি দেশৰ সংসদলৈ নিৰ্বাচিত হৈয়ো এতিয়া একেবাৰে মৌন হৈ পৰিল ৷ এসময়ত ন্যায়ৰ অৱতাৰ স্বৰূপ মানুহজনৰ এতিয়া সদনত উপস্থিতিৰ হাৰ মাত্ৰ ২৪ শতাংশ ৷ সদনত কোনো বিতৰ্কতে অংশগ্ৰহণ নাই, সোধা নাই এটাও প্ৰশ্ন ৷

RS MP RANJAN GOGOI
সদনত ৰঞ্জন গগৈৰ উপস্থিতিৰ হাৰ ২৪ শতাংশ মাত্ৰ

আমি ক’ব খুজিছোঁ বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কথা(Rajya Sabha MP Ranjan Gogoi) ৷ ২০২০ চনৰ মাৰ্চ মাহত দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক(Former chief justice Ranjan Gogoi) ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰা হৈছিল ৷ তাৰ পাছতেই সূত্ৰপাত হৈছিল বিতৰ্কৰ ৷ ৰঞ্জন গগৈৰ শপতগ্ৰহণৰ সময়ত বিৰোধী দলে উত্তাল কৰিছিল সদন ৷ দিছিল চেম অন ইউ(Shame on you) শ্ল’গান ৷

RS MP RANJAN GOGOI
ৰাজ্যসভাত এতিয়ালৈকে এটাও প্ৰশ্ন সোধা নাই ৰঞ্জন গগৈয়ে

এই বিতৰ্কৰ প্ৰত্যুত্তৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মন্তব্য আছিল-"ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিধানপালিকা-ন্যায়পালিকাই একেলগে কাম কৰিব লাগিব ৷ সদনত তেওঁৰ উপস্থিতি হ’ব বিধানপালিকাৰ আগত ন্যায়পালিকাৰ দৃষ্টিভংগী বাখ্যা কৰাৰ এটা সুযোগ ৷" কিন্তু ২০২০ৰ মাৰ্চ মাহৰ পৰা ২০২২ ৰ ডিচেম্বৰ মাহলৈ সদনত দুই-এদিনহে উপস্থিত থকা দেখিবলৈ পোৱা গৈছে ৰঞ্জন গগৈক ৷ পি আৰ এছ লেজিষ্টেটিভ ৰিচাৰ্ছৰ এক প্ৰতিবেদনত(PRS legislative research report) দাঙি ধৰা হৈছে ৰাজ্যসভাৰ সাংসদ হিচাপে ৰঞ্জন গগৈৰ ব্যৰ্থতাৰ ছবিখন ৷

পি আৰ এছৰ প্ৰতিবেদন অনুসৰি -

  • সদনত ৰঞ্জন গগৈৰ উপস্থিতিৰ হাৰ ২৪ শতাংশ মাত্ৰ
  • আন সাংসদৰ উপস্থিতিৰ ৰাষ্ট্ৰীয় গড় ৭৯ শতাংশ
  • ৰাজ্যসভাত এটাও বিতৰ্কত অংশগ্ৰহণ কৰা নাই সাংসদ ৰঞ্জন গগৈয়ে
  • আন সাংসদৰ বিতৰ্কত অংশগ্ৰহণৰ হাৰ হৈছে ৪৩.৩ শতাংশ
  • ৰাজ্যসভাত এতিয়ালৈকে এটাও প্ৰশ্ন সোধা নাই ৰঞ্জন গগৈয়ে
  • উত্থাপন কৰা নাই এখনো প্ৰাইভেট মেম্বাৰ বিল

অধিৱেশন হিচাপে যদি চোৱা হয় , তেনেহ’লে গুৰুত্বপূৰ্ণ বাজেট অধিৱেশনসমূহতো ৰঞ্জন গগৈৰ উপস্থিতিৰ হাৰ তেনেই কম ৷ তেওঁৰ কাৰ্যকালৰ প্ৰথমখন বাজেট অধিৱেশন অৰ্থাৎ ২০২০ চনৰ বাজেট অধিৱেশনত(Budget session 2022) ৰঞ্জন গগৈৰ উপস্থিতিৰ হাৰ আছিল ৬৭ শতাংশ ৷ কিন্তু তাৰ পাছৰ ২০২১ চনৰ বাজেট অধিৱেশনত মাত্ৰ ৪ শতাংশ আৰু ২০২২ ৰ বাজেট অধিৱেশনত মাত্ৰ ২৬ শতাংশহে উপস্থিতিৰ হাৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ৷

সদনৰ ষ্টেণ্ডিং কমিটীৰ বৈঠকসমূহতো ৰঞ্জন গগৈৰ অংশগ্ৰহণ নাই বুলিয়েই ক’ব পাৰি ৷ ২০২১ৰ ছেপ্টেম্বৰৰ পৰা ২০২২ ৰ মে’ মাহলৈ ৰঞ্জন গগৈ আছিল কমিউনিকেশ্যন এণ্ড আই টি কমিটীৰ সদস্য ৷ কিন্তু এই কমিটীৰ এখনো বৈঠকত অংশগ্ৰহন নকৰিলে ৰঞ্জন গগৈয়ে ৷ বিগত ছেপ্তেম্বৰ মাহত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক পুনৰ মনোনীত কৰা হৈছিল বৈদেশিক পৰিক্ৰমা সমিতিৰ সদস্য হিচাপে ৷

কিন্তু তাৰ পাছৰে পৰা সমিতিৰ এখনো বৈঠকত অংশগ্ৰহণ কৰা নাই ৰঞ্জন গগৈয়ে ৷ এইদৰেই ৰাজ্যসভালৈ মনোনীত হোৱাৰ পাছত সাংসদ হিচাপে নিজৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে ৰঞ্জন গগৈৰ বিৰুদ্ধে ৷ ৰাম জন্মভূমি , বাবৰি মছজিদ , ৰাফেল , এন আৰ চিকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ গোচৰত ৰায়দানেৰে চৰ্চিত হোৱা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকী এতিয়া চৰ্চিত হৈছে সদনত অনুপস্থিতিৰ বাবে ৷ 2022বৰ্ষটোৰ শেষত অসমৰ বাবেও এয়া নিশ্চয় এক ভাল খবৰ নহয় ৷

লগতে পঢ়ক: Animesh Bhuyan Murder Case: অনিমেশ ভূঞাৰ পৰিয়াললৈ এটি চৰকাৰী চাকৰি

Last Updated :Dec 16, 2022, 6:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.