ETV Bharat / state

Protest against job scam: নিযুক্তি কেলেংকাৰী ! "ওপৰ মহল" কোন ? উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত গুৱাহাটীত ধৰ্ণা

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:34 PM IST

ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে নিয়োগ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ । চৰকাৰী চাকৰিৰ উৰ্ধ সীমা চৰকাৰে উঠাই লৈছে নেকি সেয়া মুখ্যমন্ত্ৰীক স্পষ্ট কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ।

Protest against job scam
দীঘলীপুখুৰীৰ পাৰত ধৰ্ণা কাৰ্যসূচী

দীঘলীপুখুৰীৰ পাৰত ধৰ্ণা কাৰ্যসূচী

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা) আৰু বিপ্লৱী যুৱ সন্থা (আৰ ৱাই এ) ৰ উদ্যোগত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে নিয়োগ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

প্ৰতিবাদকাৰীৰ অভিযোগ যে "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বছৰি এক লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি চৰম প্ৰতাৰণাত পৰিণত কৰিছে । খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে ৫০ বছৰ উৰ্ধৰ লোকে চাকৰি পাইছে । আইছা আৰু আৰ ৱাই এয়ে কয় যে চৰকাৰে চাকৰিৰ উৰ্ধ সীমা উঠাই লৈছে নেকি যে যাৰ বাবে ৫০ বছৰ বয়স উৰ্ধৰ লোকে চাকৰি পাব পাৰে; মুখ্যমন্ত্ৰীয়ে এই বিষয়টো স্পষ্ট কৰক । নিযুক্তি প্ৰক্ৰিয়া নিকা বুলি দাবী কৰা মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ নিযুক্তি কেলেংকাৰীত আৰক্ষীৰ দ্বাৰা আটক হোৱাসকলে ফাদিল কৰা কেলেংকাৰীৰ মূল নায়ক "ওপৰ মহল" কোন তাক স্পষ্ট কৰক ।"

লগতে সংগঠনকেইটাৰ প্ৰতিনিধিসকলে কয় যে বাজপেয়ী ভৱন এতিয়া নিযুক্তি কেলেংকাৰীৰ অভিকেন্দ্ৰত পৰিণত হৈছে আৰু খোদ মুখ্যমন্ত্ৰী নিজেই হৈছে এই কেন্দ্ৰৰ পৰিচালক ৷ কিয়নো জালুকবাৰী সমষ্টিতে বহু কেইজন বয়সীয়াল লোকে নীতি বৰ্হিভূতভাৱে নিযুক্তি লাভ কৰিছে । হিমন্ত বিশ্ব চৰকাৰে শাসনৰ দুবছৰ পাৰ হৈ যোৱাৰ পিচতো এতিয়া ১ লাখ নিযুক্তিৰ ফটা ঢোল কোৱাই আছে । সংগঠন দুটাই প্ৰশ্ন কৰে যে ১ লাখ নিযুক্তি পূৰণ হ'বলৈ আৰু কিমান বছৰ মুখ্যমন্ত্ৰীক প্ৰয়োজন হ'ব ?

ধৰ্ণা কাৰ্যসূচীত আইছাৰ ৰাষ্ট্ৰীয় সভাপতি নিলাশীষ বসু, আইছাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ, সূৰজ মাহালী, আৰ ৱাই এৰ সভাপতি কুন্তী তাঁতী, সম্পাদক আমোছ কুমাৰ তাতী, উপদেষ্টা ৰাজেন ৰাজ, ৰাজ্যিক সদস্য মন্তু ৰাজোৱাৰ, বিশাল কল, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নাচিকেতা, আই এছ অৰ অবিনাশ দত্ত, চিপিআই (এম-এল)ৰ ৰাজ্যিক সমিতিৰ সদস্য পংকজ কুমাৰ দাসয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Scam in GMC: GMCৰ বোকা কেলেংকাৰী সন্দৰ্ভত ‘কেগ’ৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.