ETV Bharat / state

Delimitation in Assam : সমষ্টি পুনৰ নিৰ্ধাৰণৰ জুয়ে দহিছে অসম

author img

By

Published : Jan 3, 2023, 4:39 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ অন্তৰালত বিজেপিৰ ন্যস্ত স্বাৰ্থ জড়িত হৈ থকাটো স্পষ্ট হৈ পৰিছে । কিয়নো ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম (Delimitation in Assam) । সেয়ে নিৰ্বাচন আয়োগৰ অধ্যাদেশ অনুযায়ী ৰাজ্যসমূহে তাৰ অন্তৰ্গত জিলা বা অন্যান্য ক্ষেত্ৰত ১ জানুৱাৰীৰ পৰা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ বা সালসলনি কৰিব নোৱাৰিব বুলি উল্লেখ কৰে ।

Assam
Assam

গুৱাহাটী, ৩ জানুৱাৰী : বিগত বছৰৰ অন্তিম দিনটোত ৰাজ্য চৰকাৰৰ এক হঠকাৰী সিদ্ধান্তৰ সাক্ষী হৈ ৰ'ল ৰাজ্যৰ জনসাধাৰণ । দিল্লীত ততাতৈয়াকৈ অনুষ্ঠিত অসম কেবিনেটত কৰ্তন কৰা হয় অসমৰ চাৰি জিলাৰ মৰ্যাদা । তাৰ পিছতে জিলাৰ মৰ্যাদা কৰ্তন হোৱা জিলাকেইখনত সাব্যস্ত হয় তীব্ৰ প্ৰতিবাদ । অসম চৰকাৰৰ কেবিনেটে কৰ্তন কৰে বজালী, হোজাই, তামুলপুৰ আৰু বিশ্বনাথ জিলাৰ স্বীকৃতি । উক্ত জিলাকেইখনক স্বীকৃত মৰ্যাদা হৰণ কৰি পুনৰ পূৰ্বৰ জিলাকেইখনৰ লগত চামিল কৰা হয় । তাতেই জাঙুৰ খাই উঠে জিলাকেইখনৰ বাসিন্দাসকলৰ লগতে বিভিন্ন দল-সংগঠন (Protest against Delimitation in Assam) ।

আৰম্ভ হয় তীব্ৰ প্ৰতিবাদ । বজালী, হোজাই, তামুলপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰুদ্ধে সাব্যস্ত হয় তীব্ৰ প্ৰতিবাদ । কিন্তু অসম চৰকাৰে ইমান খৰতকীয়াকৈ কিয় কৰ্তন কৰিবলগা হ'ল উল্লিখিত জিলাকেইখনৰ মৰ্যাদা- তাকে লৈ চৰ্চা আৰম্ভ হয় বিভিন্ন পক্ষৰ মাজত । নিশ্চিতভাৱে ইয়াৰ অন্তৰালত যে বিজেপিৰ ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে সেইটো দিনৰ পোহৰৰ দৰে জলজল-পটপট । কিয়নো ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম (Delimitation in Assam) ।

সেয়ে নিৰ্বাচন আয়োগৰ অধ্যাদেশ অনুযায়ী ৰাজ্যসমূহে তাৰ অন্তৰ্গত জিলা বা অন্যান্য ক্ষেত্ৰত ১ জানুৱাৰীৰ পৰা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ বা সালসলনি কৰিব নোৱাৰিব বুলি উল্লেখ কৰে । ফলত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যাতে বিজেপিৰ নিজৰ মতে সমষ্টি নিজৰ দখলত ৰখাৰ ৰণকৌশল কাৰ্যকৰী কৰিব পাৰে তাৰ বাবে নিশাটোৰ ভিতৰতে উক্ত জিলাকেইখন ভংগ কৰি দিয়া হয় ।

উল্লেখ্য, ৰাজ্যজুৰি চৰ্চা চলিছিল যে ২০২১-ৰ বিধানসভা নিৰ্বাচন অসমত হয়তো নতুনকৈ নিৰ্ধাৰণ কৰা সমষ্টিৰ আধাৰতে অনুষ্ঠিত হ'ব । তাৰ বাবে শাসকীয় দল বিজেপিৰ ফালৰ পৰাও বিভিন্ন ধৰণে চাপ সৃষ্টি কৰা হৈছিল যাতে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয় । অৱশেষত যেনিবা পুৰণি সমষ্টিৰ গাঁথনিৰ আধাৰতে সম্পন্ন হয় বিধানসভা নিৰ্বাচন । কিন্তু দিছপুৰত শাসনত বহিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অতি গুৰুত্বসহকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো গ্ৰহণ কৰে ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সূত্ৰই জনোৱা মতে বিধানসভা নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এতিয়া ২০২৪-ৰ লোকসভা নিৰ্বাচন অসমত নতুন সমষ্টি পুনৰ গঠন অনুসৰি অনুষ্ঠিত হোৱাৰ পোষকতা কৰিছে । যোৱাটো বিধানসভা নিৰ্বাচনৰ ফলাফলে একপ্ৰকাৰ মূৰৰ কামোৰণি তুলিছে বিজেপিৰ । কিয়নো মহাজোঁটৰ ৫০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৩ জনেই আছিল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ । একেদৰে কংগ্ৰেছৰ যি ২৯ গৰাকী বিধায়ক জয়ী হৈ আহিছে, সেইসকলৰ ভিতৰত ১৮ গৰাকীয়েই হৈছে পূৰ্ববংগীয় মূলৰ ।

আনহাতে, ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ৩৪ টায়ে সম্প্ৰতি মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টি । প্ৰতিদিনেই জনগাঁথনি সলনি হ’বলৈ আৰম্ভ কৰিছে বিধানসভা সমষ্টিসমূহৰ । অৱস্থা যদি একেদৰেই থাকে তেন্তে অতি সোনকালেই অসমৰ গৰিষ্ঠসংখ্যক সমষ্টিতে খিলঞ্জীয়া লোকৰ বাবে বিপদ নামি অহাটো ধূৰূপ । সেয়েহে শাসনত বহিয়েই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম ত্বৰান্বিত কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগক অনুৰোধ জনায় ।

স্মৰ্তব্য যে বিগত বৰ্ষৰ ৬ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইক অধ্যক্ষ হিচাপে লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰি দিছিল । পৰৱৰ্তী সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসমৰ সাংসদ ক্ৰমে ডাঃ ৰাজদ্বীপ ৰায়, দিলীপ শইকীয়া, নৱ শৰণীয়া, আব্দুল খালেক আৰু পল্লৱলোচন দাসক এই আয়োগৰ সদস্য হিচাপে মনোনীত কৰিছিল ।

ইমানখিনিলৈ ঠিকে আছিল । কিন্তু আকস্মিকভাৱে অসম চৰকাৰে চাৰিখন জিলা ভংগ কৰি দিয়াৰ ফলত বিজেপিৰ অন্তৰ্নিহিত উদ্দেশ্য প্ৰকাশ পোৱা বুলি সৰ্বত্ৰে চৰ্চা আৰম্ভ হয় । বিভিন্ন দল-সংগঠন, স্থানীয় ৰাইজ তথা বিশেষজ্ঞ ব্যক্তি এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠে । আৰম্ভ হয় প্ৰতিবাদ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ ইতিমধ্যে ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে হঠাতে চাৰি জিলা ভংগ ঘোষণাই যেন জ্বলা জুইত ঘিউহে ঢালি দিয়ে । ফলত এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু জিলা ভংগৰ প্ৰতিবাদৰ জুইত দহিছে ৰাজ্য ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ গইনা লৈ ৰাজ্য চৰকাৰে তামুলপুৰ জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতাৰে প্ৰতিবাদ হয় গোৰেশ্বৰত । গোৰেশ্বৰৰ ৰাজপথত কেইবাটাও সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest against cut of Tamulpur district)। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP), কৃষক মুক্তি সংগ্ৰাম সমিতি, গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদ, এবিএমছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদী সংগঠনকেইটাৰ নেতৃবৰ্গই চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবী জনায় । অন্যথা অনাগত দিনত তীব্ৰ জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ প্ৰদান কৰে ।

ইফালে কেবিনেটৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তামুলপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই (AASU protest against remerged of district) ৷ ৰঙিয়া-তামুলপুৰ সংযোগী পথত প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে (All Assam Student Union) ৷ তামুলপুৰ জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰাৰ দাবী আছুৰ ৷ তামুলপুৰৰ ৰাইজৰ বাবে মুখ্যমন্ত্ৰীৰ কেবিনেটে (CM Himanta Biswa Sarma) গ্ৰহণ কৰা সিদ্ধান্তক চূড়ান্ত অপমানজনক বুলি আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰ ৷

আনহাতে, বিশ্বনাথ জিলাৰ মৰ্যাদা কৰ্তনৰ প্ৰতিবাদত বিশ্বনাথত বিভিন্ন দল-সংগঠনে ৰাজপথত তীব্ৰ আন্দোলন কৰে ৷ বিশ্বনাথৰ বিভিন্ন দল-সংগঠনৰ দাবীতেই তদানীন্তন কংগ্ৰেছ চৰকাৰ তথা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৫ চনৰ ১৫ আগষ্টত বিশ্বনাথক জিলাৰ মৰ্যাদা প্ৰদান কৰিছিল । কিন্তু পুনৰ বিশ্বনাথ জিলা ভংগ ঘোষণাৰ (Assam District Remerged) পিচতে জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে সদৌ অসম ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

একেদৰে আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই (Veer Lachit Sena protest at Amguri)৷ বীৰ লাচিত সেনাৰ আমগুৰি আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ১৯৫১ চনতে গঠন হোৱা ১০৩ নং আমগুৰি বিধানসভা সমষ্টি বিলুপ্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠো বীৰ লাচিত সেনা, অসম ৷ সমষ্টিটোৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়াৰ ফলত আমগুৰিবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত শিৱসাগৰত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণেৰে টাই-আহোম জনগোষ্ঠীক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে চাৰি সংগঠনে (Many organizations oppose Constituency Delimitation in Assam) । শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ চৌহদত সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে চাৰি সংগঠনে । সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আটাছু, টাইপা, আহোম সেনা আৰু টাই সাহিত্য সভাৰ বিষয়ববীয়া উপস্থিত থাকি সংবাদমেলত নিজৰ নিজৰ মত প্ৰকাশ কৰাৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

যোৰহাট জিলাৰ বহুকেইখন গাঁও গোলাঘাট জিলাৰ সৈতে চামিলকৰণৰ (Village amalgamation with Golaghat) বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধেও যোৰহাটত জ্বলিছে ক্ষোভৰ জুই ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিছে গাঁৱসমূহৰ শতাধিক ৰাইজ (Protest against Assam cabinet decision) ৷ তিতাবৰ মহকুমাৰ ২০খন গাঁও গোলাঘাটৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে প্ৰেৰণ কৰা জাননীৰ বিৰুদ্ধে গৰজি উঠিছে গাঁওকেইখনৰ ৰাইজ ৷

‘‘নৱবৰ্ষৰ প্ৰাকক্ষণত চাৰিখনকৈ জিলাৰ জনসাধাৰণৰ আত্মসন্মান আৰু স্বাভিমানত অসম চৰকাৰে আঘাত কৰিছে ৷ যিটো চাৰিখন জিলাবাসীৰ বাবে সমীচিন হোৱা নাই । পিচদুৱাৰেদি মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই এই চাৰি জিলাবাসীৰ বাবে গ্ৰহণ কৰিছে (Assam CM Decelered Four Districts of Assam Abolished) হঠকাৰী সিদ্ধান্ত ।’’ ৰাজ্যৰ চাৰিখনকৈ জিলা পুনৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়াক লৈ এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Districts Abolished in Assam) ৷

টীয়ক সমষ্টিৰ নাম পৰিৱৰ্তনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই (Singer Mahendra Hazarika react on Constituency Delimitation)। তেওঁ কয় যে বুৰঞ্জীত টীয়কে বহু ঐতিহ্য বহন কৰিছে । উল্লেখ্য, সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হ'লে যোৰহাটৰ টীয়ক সমষ্টিৰ নাম কলিয়াপানীলৈ পৰিবৰ্তন হ'ব । ইতিমধ্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি টীয়কৰ অধিকাংশ লোকেই এই নামটো সলনিৰ প্ৰতিক্ৰিয়াটোৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী তথা নিৰ্বাচন আয়োগলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে ।

শেহতীয়াকৈ ৰাজ্যসমূহৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৱে চৰ্চা লাভ কৰাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Constituency Delimitation in Assam) ৷ তেওঁ ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পোষকতা কৰে ৷ তেওঁ কয় যে অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব, খিলঞ্জীয়া লোকৰ নিৰ্ণায়ক ভূমিকা আৰু অসমখন যে অসমীয়াৰ সেয়া নিশ্চিতকৰণৰ বিষয়টো পুনৰ নিৰ্ধাৰণত থাকিব লাগিব ।

"হোজাই জিলাৰ বিলুপ্তিকৰণত মই ব্যক্তিগতভাৱে সুখী নহয় (Dissolution of Hojai district)৷ আমি কৰা ইমানবোৰ ত্যাগ অথলে গ’ল ৷ মই আমাৰ বিধায়কসকলক ক'ম যাতে মুখ্যমন্ত্ৰীক এই বিষয়ে সোধে, তেওঁ কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে ?" এই মন্তব্য এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ ।

বদৰপুৰক কৰিমগঞ্জ জিলাৰ পৰা কৰ্তন কৰি কাছাৰত অন্তৰ্ভুক্তি কৰাৰ কথা ঘোষণাৰ পিছতেই বদৰপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (React on exclusion of Badarpur from Karimganj) ৷ এই সন্দৰ্ভত ক্ষুব্ধ বদৰপুৰবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক নামানে বদৰপুৰৰ স্থানীয় ৰাইজে (Exclusion of Badarpur from Karimganj district ) ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ বিৰুদ্ধে আন্দোলন কৰিব বদৰপুৰৰ স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :Biswanath District Abolition : জিলা পুনৰ গঠনৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.