Dr Hiren Gohain reaction on education policy: শিক্ষাৰ মাধ্যম সলনি প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 29, 2022, 10:16 PM IST

Updated : Jul 29, 2022, 10:47 PM IST

press-meet-by-prominent-educationalist-hiren-gohain

প্ৰাথমিকৰ পৰা মাধ্যমিক আৰু হাইস্কুল শিক্ষাৰ ক্ষেত্ৰত কেবিনেটে লোৱা সিদ্ধান্ত সন্দৰ্ভত ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Hiren Gohain's reaction on State government education policy) ৷ তথাকথিত শিক্ষা সংস্কাৰে আমাৰ শিক্ষাত কোনো ফল নিদিয়ে বুলি মন্তব্য বিশিষ্ট চিন্তাবিদগৰাকীৰ ৷

গুৱাহাটী, ২৯ জুলাই: অসম চৰকাৰৰ কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞানৰ শিক্ষা দিয়াৰ বাবে লোৱা সিদ্ধান্তক(Assam cabinet approves dual medium of instruction in schools) লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এইক্ষেত্রত ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(Hiren Gohain's reaction on State government education policy) ।

শিক্ষাৰ মাধ্যম সলনি প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন(Press meet by prominent Educationalist Hiren Gohain) কৰি তেওঁ কয় যে, শিক্ষানীতি সন্দৰ্ভত কেবিনেটে লোৱা সিদ্ধান্ত এটা হঠকাৰী সিদ্ধান্ত । ইয়াৰ পৰিনামত অসমীয়া ভাষাৰ মৃত্যু হ'ব । অসমীয়া পাঠকৰ সংখ্যা কমাৰ লগে লগেই সাহিত্য সংস্কৃতিও নোহোৱা হ'ব ।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ কয় যে, চৰকাৰী বিদ্যালয়সমূহ ব্যক্তিগতকৰণৰ ষড়যন্ত্ৰ কৰা হৈছে । চৰকাৰী এই সিদ্ধান্তই ব্যক্তিগত শিক্ষা খণ্ডক লাভাম্বিত কৰিব । চৰকাৰে এই সিদ্ধান্ত হুৰমূৰকৈ লোৱা সিদ্ধান্ত বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰথমে পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিব লাগিছিল ।

তথাকথিত শিক্ষা সংস্কাৰে আমাৰ শিক্ষাত কোনো ফল নিদিয়ে বুলি তেওঁ সদৰী কৰে । বহু দেশে ইংৰাজী শিক্ষাত গুৰুত্ব নিদিয়াকৈ আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে, অসমীয়া মাধ্যমৰ শিক্ষকে ইংৰাজী শিকোৱাটো অসম্ভৱ কথা । ইয়াৰ বাবে প্ৰশিক্ষণ দিলেও সফল নহ'ব । বুঢ়া শালিকাক মাত শিকোৱা দি শিকালে কোনো ফল নিদিব বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে, এই শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো শিক্ষকক যে নিযুক্তি নিদিব সেয়া এক প্ৰকাৰে নিশ্চিত । এই সিদ্ধান্ত বাতিল কৰাই ভাল হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইংৰাজী নহ'লে বিজ্ঞান শিকা নাযায় বুলি ভবাটো এক ভ্ৰান্ত ধাৰণা । ইয়াৰ ফলত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাই ভালদৰে শিকা নহ'ব । আনহাতে, বৰ্তমান শিক্ষকসকল ইয়াৰ বাবে উপযুক্ত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ পৰিনাম হ'ব অসমীয়া ভাষাৰ মৃত্যুঘণ্টা ।

লগতে পঢ়ক : Assam Cabinet Decisions: মহাৰাষ্ট্ৰত নামঘৰ, অসমত ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত

Last Updated :Jul 29, 2022, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.