ETV Bharat / state

ছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি: অজিত ভূঞা

author img

By

Published : Aug 3, 2020, 6:44 PM IST

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত ভাগ লৈ সাংসদ ভূঞাই কয় যে, ছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি ৷

অজিত ভূঞা
অজিত ভূঞা

গুৱাহাটী, ৩ জুলাই: "ৰাজ্যৰ ছয় জনগোষ্ঠী ক্ৰমে টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে ভেল্কীবাজী অব্যাহত ৰাখিছে আৰু ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ আগে আগেও বিজেপিয়ে এই ভেল্কীবাজ দেখুৱাব ।" এই তীৰ্যক মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত ভাগ লৈ সাংসদ ভূঞাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে এজন চূড়ান্ত মিথ্যাচাৰী ৰাজনীতিবিদ । ২০১৯ চনৰ ৯ জানুৱাৰীত ৰাজ্যসভাত বিজেপি চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ পক্ষত "সংবিধান (অনুসূচিত জনজাতি) নিৰ্দেশ (সংশোধনী) বিধেয়ক, ২০১৯ " উত্থাপন কৰিছিল । কিন্তু আশ্চৰ্যৰ কথা যে, "CAB" আইনলৈ ৰূপান্তৰিত হ'ল । অথচ ছয় জনগোষ্ঠীৰ বিধেয়কখন আইন নহ'ল । ইতিমধ্যে এইখন বিধেয়ক "লেপচ্" হৈ গল ।

ছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি: অজিত ভূঞা
সাংসদ ভূঞাৰ মন্তব্য- " ইয়েই নৰেন্দ্ৰ মোদী চৰকাৰৰ অসমৰ জনজাতিৰ প্ৰতি থকা আন্তৰিকতাৰ নমুনা ।" সংবাদমেলখনত ভূঞাই কেতবোৰ চৰকাৰী তথ্য আৰু নথি পত্ৰও দাঙি ধৰে । সেই অনুসৰি উপ পঞ্জীয়ক প্ৰধান (ছ'চিয়েল ষ্টাডিজ) ৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ সঞ্চালক (চি এণ্ড এল এম-আই) লৈ প্ৰেৰণ কৰা ৫ জানুৱাৰী, ২০১৯ ৰ অফিচ স্মাৰকত স্পষ্টকৈ কোৱা হৈছে যে, গৃহ মন্ত্ৰণালয়ৰ বিশেষ সচিবৰ অধ্যক্ষতাত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰ্হি (মডেলিটিজ) সম্পৰ্কে পৰামৰ্শ দিবলৈ এখন সমিতি গঠন কৰি দিছিল । এই সমিতিয়ে "নীতিগত কাৰণত" এই ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰিব পৰা যায় বুলি স্পষ্ট পৰামৰ্শ আগবঢ়াইছিল ।
"CAB" আইনলৈ ৰূপান্তৰিত হ'ল, অথচ ছয় জনগোষ্ঠীৰ বিধেয়কখন আইন নহ'ল: অজিত ভূঞা
ইয়াৰ উপৰিও দেশৰ অনুসূচিত জনজাতি আয়োগৰ সহকাৰী সঞ্চালকে ২০১৯ চনৰ ৭ জানুৱাৰীত আয়োগৰ অধ্যক্ষ তথা সদস্য সকললৈ দিয়া এখন পত্ৰতো নথি-পত্ৰসহ উল্লেখ কৰিছে যে, অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াত বাধা নাই । কিন্তু ভোটৰ স্বাৰ্থত, ৰাজনীতিৰ স্বাৰ্থত বিজেপি চৰকাৰে সেই কাম নকৰিলে ।
অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াত বাধা নাই বুলি উল্লেখ কৰিছিল দেশৰ অনুসূচিত জনজাতি আয়োগৰ সহকাৰী সঞ্চালকে: অজিত ভূঞা

অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনত পুণৰ বিজেপিয়ে জনজাতিকৰণৰ লোভ দেখুৱাই গাদী দখলৰ পাং পাতিছে । সাংসদ ভূঞাৰ দাবী- ৰাজ্যসভাৰ আগন্তুক অধিবেশনত এই বিধেয়ক নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি ।

বিধানসভা নিৰ্বাচনত পুণৰ বিজেপিয়ে জনজাতিকৰণৰ লোভ দেখুৱাই গাদী দখলৰ পাং পাতিছে: অজিত ভূঞা
লগতে পঢ়ক: বিধায়ক পদ্ম হাজৰিকাক সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.