বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Sep 14, 2021, 9:13 PM IST

Press conference of pradesh Congress General Secretary Apurba Kumar Bhattacharya

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ নিমাত, নীৰৱ কিয় ? অসমত এতিয়া কোনোধৰণৰ সন্ত্রাসবাদী কাৰ্যকলাপ নাই যদি অশান্ত অঞ্চল হিচাপে আইনৰ ম্যাদ পুনৰাই কিয় বৃদ্ধি কৰা হ'ল । প্ৰধানমন্ত্ৰী মোডীয়ে মহানগৰবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা হ'বনে ? এই সমূহ প্ৰশ্ন লৈ সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগকলৈ মঙলবাৰে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য । গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয়, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ নিমাত, নীৰৱ কিয় ? ২০১৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত আৰু ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ক'ত গ'ল ?

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

চৰকাৰ গঠন কৰিয়েই ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়া হ'ব কৰা ঘোষণাৰ কি হ'ল ? অলপতে বিজেপি চৰকাৰৰ জনজাতীয় বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গুৱাহাটীত আহি গ'ল । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ জনালে যে এতিয়াও এই সন্দৰ্ভত গৱেষণাহে চলিছে ।'

তেওঁ লগতে কয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মৰ্মে অসম এতিয়া শান্ত । অসমত এতিয়া কোনোধৰণৰ সন্ত্রাসবাদী কাৰ্যকলাপ নাই । তেনেহ'লে অশান্ত অঞ্চল হিচাপে আইনৰ ম্যাদ পুনৰাই কিয় বৃদ্ধি কৰা হ'ল । দেশৰ লগতে অসমতো ঔপনিবেশিক শাসন বৰ্তাই ৰাখিবৰ কাৰণে এই পদক্ষেপ নেকি ? ইতিমধ্যে বাকৰুদ্ধ হৈ পৰা গণতান্ত্ৰিক ব্যৱস্থাৰো ভূমিকা নিশ্চিহ্ন কৰাৰ পথত নেকি ?

লগতে পঢ়ক: ঢেকীয়াখোৱা বৰনামঘৰত আশিস ল’লে সাংসদ গৌৰৱ গগৈয়ে

সংবাদমেলত মহানগৰবাসীৰ বাবে বিশুদ্ধ খোৱা পানী কেতিয়া হ'ব বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, গুৱাহাটী মহানগৰৰ প্ৰায় ২২ লাখ মানুহক জলজীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ ৬,৩৬১ কোটি টকীয়া প্ৰকল্পৰ “কমিচন”ৰ ভাগ-বটোৰোৱাৰ অন্ত কেতিয়া পৰিব, এই ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা হ’বনে ? একে কেইগৰাকী নেতাৰ নেতৃত্বতে চলিছে পিঠা ভগোৱা কাৰবাৰ ।

প্ৰধানমন্ত্ৰী মোডীয়ে মহানগৰবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা হ'বনে । মহানগৰবাসীয়ে প্ৰকৃততে বিশুদ্ধ খোৱা পানী পাব কেতিয়া । দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ ওলোৱা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰক বুলি কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক : পুলৱামাত উগ্ৰপন্থীৰ আক্ৰমণ : আহত তিনিগৰাকী সাধাৰণ লোক

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত তেওঁ কয়, প্ৰকৃততে জল পৰিবহণ বিভাগটো কোনে চলায় । মন্ত্ৰীয়ে, বিভাগীয় আয়ুক্ত-সচিবে, সঞ্চালকে নে লেছী তথা ঠিকাদাৰে । ২০১৮ চনৰ উত্তৰ গুৱাহাটীত হোৱা নাও দুৰ্ঘটনাত শাস্তি প্ৰদান কৰা বিষয়াজনক পুনৰ নিমাতীঘাটৰ দৰে অতিশয় ব্যস্ত ঘাটত কিয় নিযুক্ত কৰা হ'ল ।

এয়াই বিজেপিৰ শাসনৰ স্বচ্ছতা তথা নিৰপেক্ষ নীতি নেকি ? বিভাগীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ ঠিকনা নিমাতীঘাট হৈছে নেকি ? মাজুলীবাসীৰ জীৱনৰ সৈতে হেতালি খেলা ৰৌ-বৰালিৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি বেলেগ নেকি ? পুঠি-খলিহনা নহয় প্ৰথমতে এনে অক্ষমণীয় অপৰাধৰ বাবে মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে পদত্যাগ কৰি আদৰ্শৰ চানেকি দিয়ক বুলি কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়ক: নাও দুৰ্ঘটনা: মাজুলীত পুনৰ উদ্ধাৰ এটি মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.